ETV Bharat / city

Assam Pradesh Congress FIR: বিজেপি নেতা ঋতু বৰাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল - গোলাঘাট জিলা কিষান মৰ্চাৰ সহ আহ্বায়ক ঋতু বৰা

বিজেপি নেতাৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী সন্দৰ্ভত অশালীন মন্তব্য কৰাৰ লগতে মহিলা সমাজক অভব্য আচৰণ কৰাৰ অভিযোগ । গোলাঘাট জিলা কিষান মৰ্চাৰ সহ-আহ্বায়ক ঋতু বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল প্ৰদেশ মহিলা কংগ্ৰেছৰ (Assam Pradesh Congress Filed FIR Against BJP leader) ৷

Assam Pradesh Congress FIR
বিজেপি নেতা ঋতু বৰাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল
author img

By

Published : Aug 7, 2022, 7:35 PM IST

গুৱাহাটী, ৭ আগষ্ট: এইবাৰ দিছপুৰ থানাত উপস্থিত হৈ বিজেপি নেতাৰ বিৰুদ্ধে এহাজাৰ দাখিল কৰিলে অসম প্ৰদেশ মহিলা কংগ্ৰেছে । কিছুদিন পূৰ্বে সমাজিক মাধ্যমত কোনো দুষ্টচক্ৰই অডিঅ' বিকৃত কৰি অপপ্ৰচাৰ চলোৱাৰ অভিযোগত কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিয়ে দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ । ইয়াৰ পাছত এইবাৰ বিজেপি নেতাৰ বিৰুদ্ধে মহিলা সমাজক অভব্য আচৰণ কৰাৰ অভিযোগত দিছপুৰ থানাত এজাহাৰ দাখিল কৰে প্ৰদেশ মহিলা কংগ্ৰেছে ।

  • Today a team of @AssamPMC visited the Dispur PS & filed an FIR against Golaghat District Kissan Morcha’s co-convenor Ritu Bora 4 derogatory comments against @priyankagandhi & humiliating every woman. @AssamPMC will not sit idle till justice is served & the perpetrator is punished pic.twitter.com/dCGIA71KjF

    — Assam Congress (@INCAssam) August 7, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ৬ আগষ্টত গোলাঘাট জিলা কিষান মৰ্চাৰ সহ-আহ্বায়ক ঋতু বৰাই সামাজিক মাধ্যমত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী সন্দৰ্ভত অশালীন মন্তব্য কৰাৰ লগতে মহিলা সমাজক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত দেওবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ এটা সজাতি দল দিছপুৰ থানাত উপস্থিত হৈ ঋতু বৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে(Golaghat District Kissan Morcha's co-convenor Ritu Bora) ।

এই এজাহাৰৰ যোগেদি প্ৰদেশ মহিলা কংগ্ৰেছে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনায় । প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত যোৱা সঁজাতি দলটোৱে এজাহাৰত সকলো তথ্য প্ৰমাণ জমা দিয়ে । লগতে এজাহাৰৰ কপি আৰক্ষী সঞ্চালক প্ৰধান আৰু মহানগৰ আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰে ।

প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ

সভানেত্ৰী মীৰা বৰঠাকুৰে কয় যে দোষীক শাস্তি নিদিয়া পৰ্যন্ত প্ৰদেশ মহিলা কংগ্ৰেছে আইনগত যি কৰিব লগা আছে সেই সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । সমালোচনা কৰাৰ অধিকাৰ সকলোৰে আছে যদিও সমালোচনাৰ নামত আসুৰিক তৃপ্তি কেতিয়াও কাম্য নহয় । এইক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমি লক্ষ্য কৰিম বুলি তেওঁ কয় ।

লগতে পঢ়ক : Women patrolling on street: চাচনীত অভূতপূৰ্ব দৃশ্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.