গুৱাহাটী,12 আগষ্ট : লাভলীনা বৰগোহাঁইক লৈ এতিয়া অসমবাসীৰ উছাহৰ অন্ত নাই ৷ আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱা অসম মাতৃৰ ভূমিত উপস্থিত হয় অসম কন্যা লাভলীনা ৷ বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ব্যাপক আয়োজনেৰে বজ্ৰকন্যা গৰাকীক সন্মান জনোৱা হয় ৷
তাৰ পিছতে বিয়লি হোটেল তাজ ভিভান্তাত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ সমন্বিতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ এটা দলে উষ্ম সম্বৰ্ধনা জনাই খেলুৱৈ গৰাকীক ।
লাভলীনাৰ হাতত প্ৰদেশ কংগ্ৰেছে তুলি দিয়ে এখন মানপত্ৰ, এখন শৰাই আৰু তিনি লাখ টকাৰ এখন চেক ।
উল্লেখ্য যে, কাইলৈ অৰ্থাৎ শুকুৰবাৰে লাভলীনা বৰগোঁহাই পুনৰ উভতি যাব দিল্লীলৈ । ১৫ আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে ভাগ ল’ব এইগৰাকী অসম কন্যাই ।