ETV Bharat / city

Assam Meghalaya border dispute : পুনৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্রী

author img

By

Published : Jan 29, 2022, 10:00 PM IST

অসম-মেঘালয়ৰ সীমা সম্পৰ্কে সমাধানৰ সূত্ৰ বিচাৰি পুনৰ গুৱাহাটীৰ হোটেল ভিভাণ্টাত বৈঠকত মিলিত হ’ল অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু কনৰাড চাংমা (CMs of Assam Meghalaya meet over Assam Meghalaya border dispute) ৷

assam-and-meghalaya-cm-meet-over-assam-meghalaya-border-dispute
পুনৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্রী

গুৱাহাটী, 29 জানুৱাৰী : বিগত জানুৱাৰী মাহৰ 10 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু কনৰাড চাংমাই সীমা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ পাছতেই গুৱাহাটীত পুনৰ বৈঠকত বহিল দুয়োজন মুখ্যমন্ত্ৰীয়ে ৷ অসম-মেঘালয় সীমান্তৰ 12 টা বিবাদমান এলেকাৰ 6 টা এলেকাৰ ক্ষেত্ৰত বিবাদ মীমাংসাৰ দিশে গতি কৰাৰ সময়তে শনিবাৰে গুৱাহাটীৰ হোটেল ভিভাণ্টাত বহিল পুনৰ বৈঠক ((CMs of Assam Meghalaya meet over Assam Meghalaya border dispute) ৷ ইয়াৰ পূৰ্বেও দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰ্ৰীদ্বয়ে কেইবালানি বৈঠকত মিলিত হৈছিল । এই অসম-মেঘালয়ৰ 6 টা বিবাদমান অঞ্চল হৈছে হাহিম, গিজাং, তাৰাবাৰী, বাখলাপাৰা, পিলিংকাটা আৰু ৰাতাচেৰা ৷

জানিব পৰা মতে, অসম-মেঘালয় সীমান্তৰ 12 টা বিবাদমান এলেকাৰ 6 টা এলেকাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সহমতত উপনীত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পূৰ্বে ৷ দুয়োখন ৰাজ্যৰ চৰকাৰে কেবিনেট মন্ত্ৰীৰে গঠন কৰি দিয়া তিনিখন কমিটিয়ে বিবাদমান এলেকাসমূহ পৰিদৰ্শন কৰি ৰাইজৰ মতামত গ্ৰহণ কৰি সমস্ত বিষয় প্ৰতিবেদন আকাৰে চৰকাৰক দাখিল কৰিছিল । এই প্ৰতিবেদনক ভিত্তি কৰি কেইবালানি বৈঠক অনুষ্ঠিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ উপৰি আছুৰ লগতে আন পাঁচটা জনজাতীয় সংগঠনৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হৈছিল ।

এই আলোচনাৰ পিছতেই দুয়োখন ৰাজ্যৰ 6 টা বিবাদমান এলেকা সন্দৰ্ভত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তাৱ আকাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক এখন প্ৰতিবেদন দাখিল কৰে । ইফালে শনিবাৰে দিনৰ ভাগত অনুষ্ঠিত হোৱা এই সভাখনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা, মুখ্য সচিব জিষ্ণু বৰুৱা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ-মুখ্যমন্ত্ৰী উপস্থিত আছিল । অৱশ্যে আজিৰ এই বৈঠকত কি আলোচনা হ'ল সেই বিষয়ে এইপৰ্যন্ত সংবাদ মাধ্যমক কোনো কথা অৱগত কৰা হোৱা নাই ৷

ইতিমধ্যে ভূমি এৰা-ধৰাৰ মাজেৰে সীমান্তৰ সমস্যা (Border dispute between Assam and Meghalaya) সমাধানৰ পক্ষত অসম আৰু মেঘালয় চৰকাৰ আছে যদিও অসম চৰকাৰে অসমৰ বহু ভূমি মেঘালয়ক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে প্ৰতিবাদো সাব্যস্ত কৰিছে । এনে এক পৰিস্থিতিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পুনৰ বৈঠকত মিলিত হোৱাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : কেন্দ্ৰীয় বাজেটত অসমৰ সামগ্ৰীক অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.