ETV Bharat / city

জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক - ৰাজ্যৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহৰ লগত মঙলবাৰে আলোচনাত মিলিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্যৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সুকীয়া সুকীয়াকৈ মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত হ’ল জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহ ৷

CM Sarbananda Sonowal's meeting with students union
মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Sep 2, 2020, 9:36 AM IST

Updated : Sep 2, 2020, 11:10 AM IST

গুৱাহাটী, 1 ছেপ্তেম্বৰ : জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহৰ লগত মঙলবাৰে আলোচনাত মিলিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্যৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সুকীয়া সুকীয়াকৈ মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত হ’ল জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহ ৷ মঙলবাৰে প্ৰায় পাঁচটাকৈ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি উত্থাপন কৰিলে তেওঁলোকৰ দাবীসমূহ ৷ সেইসকলৰ ভিতৰত আছিল চুতীয়া ছাত্ৰ সংগঠন, নিখিল বড়ো ছাত্ৰ সংগঠন, নাথ যোগী ছাত্ৰ সংগঠন, সুত্ৰধৰ ছাত্ৰ সংগঠন আদিৰ প্ৰতিনিধি সকল ৷

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি নাথ যোগী ছাত্ৰ সন্থাই মূলতঃ জনজাতিৰ মৰ্যাদা দাবী উত্থাপন কৰিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ লগতে আগন্তক নিৰ্বাচন 6 টা সমষ্টিত নাথ-যোগীৰ বাবে আসন সংৰক্ষণৰ দাবীও উত্থাপন কৰে । সমান্তৰালভাৱে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাই 13 টা দাবী লৈ বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৷ মূলতঃ খিলঞ্জীয়া জনগোষ্ঠীটোৰ সুকীয়াকৈ ৰাজনৈতিকভাৱে শক্তিশালী হোৱাৰ পৰিৱেশ সৃষ্টি কৰাৰ অনুৰোধ সংগঠনটোৰ প্ৰতিনিধিসকলৰ ৷

ইয়াৰ লগতে সূত্ৰধৰ লোকসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ প্ৰসঙ্গও উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীক ৷ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰি আছে খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰিবলৈ অনুৰোধ সংগঠনটোৰ প্ৰতিনিধিবৰ্গৰ ৷

আনহাতে, 10 টা মূল দাবী লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে চুতীয়া যুৱ সন্মিলনৰ প্ৰতিনিধিসকলে ৷ চুতীয়াসকলক জনজাতিকৰণ কৰা, সমগ্ৰ উজনি অসম সামৰি চুতীয়া স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা, চুতীয়া উন্নয়ন পৰিষদ গঠন কৰাৰ লগতে বগীবিল দলংখনক বীৰাংগনা সতী সাধনী নামেৰে নামাকৰণ কৰিবলৈ আহ্বান জনালে ছাত্ৰ সংগঠনটোৱে ৷

নিখিল বড়ো ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত 7 টা দাবী উত্থাপন কৰে । BTAD ৰ নাম BTR কৰাৰ লগতে বড়ো-কছাৰী স্বায়ত্বশাসিত পৰিষদ গঠন, আত্মসমৰ্পণকাৰী NDFB সদস্যৰ পুনৰ সংস্থাপন-গোচৰ প্ৰত্যাহাৰ কৰা, পৃথক ৰাজ্যৰ দাবীত আন্দোলন কৰি প্ৰাণ হেৰুৱাসকলক আৰ্থিক সাহাৰ্য দিয়া, বড়ো ভাষাক সহযোগী চৰকাৰী ভাষাৰ স্বীকৃতি দিয়া আদি দাবী উত্থাপন কৰে সংগঠনটোৰ নেতৃত্বই ।

উল্লেখযোগ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ৰাজ্যৰ প্ৰায় আটাইকেইটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ লগত মিলিত হৈ তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ বুজ লয় ৷

লগতে পঢ়ক : বান ক্ষতিগ্ৰস্তলৈ সাহাৰ্যৰ হাত সেৱা ভাৰতৰ

Last Updated : Sep 2, 2020, 11:10 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.