ETV Bharat / city

মহানগৰ আৰক্ষীৰ কৰ্মক প্ৰশংসা মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - মহানগৰ আৰক্ষী

মহামাৰী COVID-১৯ ৰ সংক্ৰমণ ৰোধিবলৈ তথা লক ডাউনক সফল কৰি তুলিবলৈ মহানগৰ আৰক্ষীৰ ভূমিকাক প্ৰশংসা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । এক পৰ্যালোচনা বৈঠকত মহানগৰ আৰক্ষীৰ কামৰ শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

CM appreciates steps taken by Guwahati Police in the fight against COVID-19

author img

By

Published : Apr 26, 2020, 12:18 PM IST

গুৱাহাটী, ২৬ এপ্ৰিলঃ ৰাজ্যত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ তথা লক ডাউন ফলপ্ৰসূ কৰি তুলিবলৈ মহানগৰ আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শনিবাৰে অনুষ্ঠিত হোৱা এক পৰ্যালোচনা বৈঠকতেই মহানগৰ আৰক্ষীৰ কামৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এই বৈঠকতেই ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে চীনৰ পৰা অহা ৩ জন লোকক আৰক্ষীয়ে ২৮ দিনৰ বাবে কোৱাৰেণ্টাইন কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেই কাৰ্যৰো শলাগ লয় । ইয়াৰ উপৰিও মহানগৰ আৰক্ষীয়ে বে-চৰকাৰী সংস্থা সহিতে প্ৰায় ৫০০০ হাজাৰ দৰিদ্ৰ লোকলৈ গুৱাহাটীত খাদ্যৰ যোগান ধৰাৰ কাৰ্যৰো প্ৰশংসা কৰে ।

আনহাতে শনিবাৰৰ পৰা আৰম্ভ হোৱা ৰমজান মাহ উপলক্ষে নামাজ ইত্যাদি কাৰ্য মুছলমান ধৰ্মাৱলম্বীৰ লোকসকলে ঘৰতে যাতে কৰে তাৰ বাবে ইছলাম সম্প্ৰদায়ৰ লোক থকা অঞ্চল সমূহত মুখ্যমন্ত্ৰীগৰাকীয়ে সজাগতা বৃদ্ধি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষী তথা মহানগৰ প্ৰশাসনক ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, অসম আৰক্ষী বৰ্তমান তেওঁলোকৰ উৎসৰ্গীকৃত আৰু অনুকৰণীয় সেৱাৰ যোগেদি সংকটগ্ৰস্ত লোকৰ বাবে প্ৰয়োজনীয় বন্ধুলৈ পৰিণত হৈছে

বৈঠকতে বহিঃৰাজ্য়ত আবদ্ধ হৈ থকা ৩৬০ গৰাকী লোকক অসমলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ ভিতৰত আছে ৩২০ গৰাকী শিক্ষাৰ্থী । এই শিক্ষাৰ্থী সকলক ৰাজস্থানৰ কটাৰ পৰা বাছেৰে অনাৰ ব্যৱস্থা কৰিছে চৰকাৰে ।

ইপিনে প্ৰায় ৫০০০ হাজাৰ লোক আবদ্ধ হৈ আছে গুৱাহাটী মহানগৰত। তেওঁলোকক নিজ-নিজ স্থানত নিয়াৰ বাবে ৩২০ খন অসম ৰাজ্য়িক পৰিবহনৰ বাছৰ চৰকাৰে ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে । কেৱল আবদ্ধ হৈ থকা নাগৰিক সকলক নিজ-নিজ স্থানলৈ নিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ৩ দিনৰ আন্তঃজিলা চলাচলৰ সময়ত সকলোৱে যাতে সামাজিক দুৰত্ব মানি চলে সেয়াই আহ্বান জনাইছে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.