ETV Bharat / city

দুবছৰত 34 টা: মহানগৰীত বৃদ্ধি পাইছে বাল্যবিবাহৰ ঘটনা

author img

By

Published : Jun 13, 2022, 8:04 PM IST

ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে বাল্যবিবাহৰ ঘটনা । চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ১২ জুনলৈ মহানগৰীত ১১ টা বাল্যবিবাহৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ বিপৰীতে ২০২০ এপ্ৰিলৰ পৰা ২০২১ মাৰ্চলৈ ১৭ টা আৰু ২০২১ এপ্ৰিলৰ পৰা ২০২২ মাৰ্চলৈ ১৭ টা ঘটনা পোহৰলৈ আহিছে ।

দুবছৰত 34 টা: মহানগৰীত বৃদ্ধি পাইছে বাল্যবিবাহৰ ঘটনা
দুবছৰত 34 টা: মহানগৰীত বৃদ্ধি পাইছে বাল্যবিবাহৰ ঘটনা

গুৱাহাটী,১৩ জুন: ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে বাল্যবিবাহৰ ঘটনা । শিক্ষিত লোকৰ বসতিস্থল হিচাপে পৰিগণিত গুৱাহাটী মহানগৰীত বাল্য বিবাহৰ ঘটনা বৃদ্ধি হোৱাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে (Child marriage increases in Guwahati) । "চাইল্ড লাইন" গুৱাহাটীৰ পৰা পোৱা তথ্য অনুসৰি মহানগৰীত বিগত বছৰৰ তুলনাত বৃদ্ধি পাইছে বাল্যবিবাহৰ ঘটনা ।

চাইল্ড লাইন গুৱাহাটীৰ পোৱা তথ্য মতে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ১২ জুনলৈ মহানগৰীত ১১ টা বাল্যবিবাহৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ বিপৰীতে ২০২০ এপ্ৰিলৰ পৰা ২০২১ মাৰ্চলৈ ১৭ টা আৰু ২০২১ এপ্ৰিলৰ পৰা ২০২২ মাৰ্চলৈ ১৭ টা ঘটনা পোহৰলৈ আহিছে । এই সম্পৰ্কে চাইল্ড লাইন গুৱাহাটীৰ দলীয় সদস্য গুমুৰ ব্ৰহ্মই কয় যে মহানগৰীৰ বিশেষকৈ পাহাৰীয়া অঞ্চলত বাল্যবিবাহৰ ঘটনা বেছি হোৱা দেখা যায় (Most of the child marriages held in hill areas) ।

মহানগৰীৰ যিবোৰ স্থানত আৰক্ষী অতি সহজে যাব নোৱাৰে বা যি অঞ্চলত সজাগতাৰ অভাৱ সেই অঞ্চলসমূহত বাল্যবিবাহৰ ঘটনা অধিক ঘটে । মহানগৰীৰ ধীৰেনপাৰা, আদিংগিৰি, বশিষ্ঠ, চন্দ্ৰপুৰ,পানীখাইতি, নুনমাটি আদি অঞ্চলত বাল্যবিবাহৰ ঘটনা অধিক দেখা যায় । তদুপৰি অসমৰ অন্যান্য জিলাত পোৱা অভিযোগৰ ভিত্তিতো মহানগৰীত অভিযান চলোৱা হয় ।

১৪-১৭ বছৰ বয়সৰ ভিতৰত অধিক বাল্যবিবাহ হোৱা দেখা যায় । তেওঁ লগতে কয় যে বাল্যবিবাহ হোৱাৰ বিভিন্ন কাৰণ থাকে । বিশেষকৈ অশিক্ষিত অঞ্চলসমূহৰ লগতে আৰ্থিক অভাৱৰ বাবে বাল্যবিবাহৰ ঘটনা সংঘটিত হোৱা দেখা যায় । আনহাতে একাংশই প্ৰেমজনিত কাৰণতো ঘৰৰ পৰা পলায়ন কৰে । প্ৰায়বোৰ বাল্যবিবাহৰ ঘটনাত ল'ৰাতকৈ ছোৱালীৰ বয়স কম হোৱা পৰিলক্ষিত হয় ।

বাল্যবিবাহৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষীক লগত লৈ অভিযান চলোৱা হয় । যদি ল'ৰাজন ১৮ বছৰ বয়সৰ ওপৰৰ হয় তেতিয়া ল'ৰাজনক আৰক্ষীক চমজাই দি ছোৱালীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি চাইল্ড ৱেলফেয়াৰ কমিটিৰ ওচৰত হাজিৰ কৰোৱা হয় । ছোৱালীগৰাকীৰ ভাষ্য লোৱা হয় । মাক-দেউতাকৰ পৰা লিখিত হিচাপে প্ৰতিশ্ৰুতি লোৱা হয় যে যদিহে ১৮ বছৰ বয়সৰ আগতে ছোৱালীগৰাকীক বিয়া দিয়ে তেতিয়া আইন মতে দণ্ডণীয় হব ।

ইয়াৰ পিছতে ছোৱালীগৰাকীক পৰিয়ালক চমজাই দিয়া হয় । ইপিনে বাল্যবিবাহ বন্ধ কৰাৰ বাবে চাইল্ড লাইন গুৱাহাটীয়ে প্ৰতিদিনে সজাগতা অভিযান চলোৱাৰ উপৰিও প্ৰতি মাহে এদিন বিশেষ সজাগতা অভিযান চলায় (Child Line continuously conducted awareness camps) । সেই বিশেষ অভিযানত ভিতৰুৱা, অশিক্ষিত অঞ্চলসমূহলৈ গৈ ৰাইজক সজাগ কৰা হয় ৷ বাল্যবিবাহ , শিশু শ্ৰমিক আদি ঘটনা দেখিলে ১০৯৮ চাইল্ড লাইন নম্বৰত ৰাইজক যোগাযোগ কৰিবলৈও তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক: মনজিৎ মহন্তক 15 দিনৰ সময়সীমা বিশেষাধিকাৰ সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.