গুৱাহাটী, ৫ ডিচেম্বৰ : ক'ভিডৰ সংহাৰী ৰূপৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ মানসেৰে গোটেই ৰাজ্যজুৰি চলিছে ‘হৰ ঘৰ দস্তক’(Har ghar dastak in Assam) ৷ এই অভিযানৰ লগত সংগতি ৰাখি দেওবাৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই(Chief secretary Jishnu Baruah) পুৱা ৭ বজাৰ পৰা কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তত ব্যস্ত হৈ থাকে প্ৰতিষেধক অভিযানত(Mass vaccination in Kamrup metro) ।
জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰ ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত ৰাজহ বিষয়া চিন্ময় নেওগ তথা স্বাস্থ্য বিভাগৰ বিষয়া-বৰ্গৰ সৈতে মুখ্য সচিবগৰাকীয়ে পুৱাতে ১৯৬ নং হাতীগাঁও মাধ্যমিক বিদ্যালয় আৰু ২০৪ নং বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয় ভোট কেন্দ্ৰস্থিত ক'ভিড প্ৰতিষেধক কেন্দ্ৰ দুটা পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছত মিলনপুৰৰ মিলনপথ, ঘোঁৰামৰা, ভেটাপাৰা আদি অঞ্চলৰ প্ৰতিষেধক ল’বলৈ দ্বিধাগ্ৰস্ত আৰু বাকী থকা ব্যক্তিসকলৰ ঘৰত উপস্থিত হয় ।
ভোটাৰ তালিকাৰ পৰা ব্যক্তিসকলক বাচি সেই অনুসৰি ঘৰত গৈ উপস্থিত হয় সচিব সহিতে তেওঁৰ দল । সচিবগৰাকীৰ বুজনিত প্ৰতিজন দ্বিধাগ্ৰস্ত ব্যক্তিয়ে প্ৰতিষেধক ল'বলৈ সন্মতি প্ৰকাশ কৰাৰ পিছত প্ৰতিষেধক প্ৰদান কৰা হয় ।
সচিবগৰাকীৰ উপস্থিতিত মুঠ ৪৫ জন লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰ ৩০ গৰাকীলোকেই লয় প্ৰথম পালি ক'ভিড প্ৰতিষেধক । মুখ্য সচিবগৰাকীৰ আশ্বাসত ইমান দিনে দ্বিধাগ্ৰস্ত হৈ থকা ব্যক্তিসকলে মনৰ সন্দেহ দূৰ কৰি প্ৰতিষেধক ল'বলৈ আগবঢ়ি আহে আৰু তেওঁলোকক ঘৰতে প্ৰতিষেধক প্ৰদান কৰা হয় ।
লগতে পঢ়ক : কামাখ্যা মন্দিৰৰ বাবে মাটি দিছিল ঔৰংজেৱে : আমিনুল ইছলাম