ETV Bharat / city

নেইষ্টে অধ্যয়ন কৰিব বাঘজানত হোৱা সঘন ভূমিকম্পনৰ কাৰণ আৰু প্ৰভাৱ

author img

By

Published : Jun 15, 2020, 7:36 PM IST

সোমবাৰে মুখ্যমন্ত্ৰী সোণোৱালে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আই আই টি গুৱাহাটী আৰু নেইষ্টৰ জ্যেষ্ঠ বিজ্ঞানী সকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ পৰিৱেশৰ সুৰক্ষা আৰু ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদান কৰা গুৰুত্বৰ বিষয়ে বিজ্ঞানীসকলক অৱগত কৰে আৰু অঞ্চলটোত অনুভূত হৈ থকা ভূ-কম্পনৰ সবিশেষ অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ তেওঁলোকক অনুৰোধ জনায় ৷

Chief Minister Sarbananda Sonoal  meeting with IIT And CSIR neist At Guwahati
নেইষ্টে অধ্যয়ন কৰিব বাঘজানত হোৱা সঘন ভূমিকম্পনৰ কাৰণ আৰু প্ৰভাৱ

দিছপুৰ,15জুনঃ বাঘজান তৈল খাদত সংঘটিত অগ্নিকাণ্ডৰ পিছতে অঞ্চলটোত হৈ থকা সঘন ভূমিকম্পৰ দৰে ঘটনাৰ কাৰণ আৰু প্ৰভাৱ অধ্যয়নৰ বাবে উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান ( চি এছ আই আৰ নেইষ্ট)ক দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ গুৱাহাটীৰ (আই আই টি) গুৱাহাটীয়ে এই অধ্যয়নত সহযোগিতা আগবঢ়াব ৷

সোমবাৰে মুখ্যমন্ত্ৰীয়ে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আই আই টি গুৱাহাটী আৰু নেইষ্টৰ জ্যেষ্ঠ বিজ্ঞানী সকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত বাঘজান ঘটনাৰ সন্দৰ্ভত সবিশেষ অধ্যয়নৰ তাৎক্ষণিক পদক্ষেপ হিচাপে প্ৰতিষ্ঠান দুটাক এই দায়িত্ব অৰ্পণ কৰা হয় ৷

মুখ্যমন্ত্ৰীয়ে পৰিৱেশৰ সুৰক্ষা আৰু ভাৰসমতা ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদান কৰা গুৰুত্বৰ বিষয়ে বিজ্ঞানীসকলক অৱগত কৰে আৰু অঞ্চলটোত অনুভূত হৈ থকা ভূ-কম্পনৰ সবিশেষ অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ তেওঁলোকক অনুৰোধ জনায় যাতে এই ক্ষেত্ৰত চৰকাৰে উপযুক্ত আৰু সময়সাপেক্ষ পদক্ষেপ গ্ৰহণ কৰিব পাৰে ৷ এই অধ্যয়নত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীয়ে সহযোগিতা আগবঢ়াব আৰু অইল ইণ্ডিয়া লিমিটেডে অধ্যয়নৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ তথ্য-পাতি আৰু সমল যোগান ধৰিব ৷

উক্ত আলোচনাত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ জি নৰহৰি শাস্ত্ৰীকে ধৰি প্ৰতিষ্ঠানটোৰ জ্যেষ্ট বিজ্ঞানীসকল, আই আই টি, গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ডঃ সজল কান্তি দেৱ. অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক- হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনাৰে পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.