ETV Bharat / city

মহানগৰীত নিশা চিবিআইৰ তালাচী অভিযান - guwahati cbi raid latest news

বুধবাৰে নিশা 8 বজাৰ পৰা গুৱাহাটীৰ বিলাসী হোটেল ৰাজধানী ৰিজেঞ্চীত তালাচী চলাই চিবিআইয়ে ৷ এই অভিযানত আটক কৰা হয় নেচনেল বিল্ডিং কনষ্ট্ৰাকছন কোম্পানীৰ (NBCC) ডি জি এম উৎপল পালক ৷

উৎপল পাল
author img

By

Published : Oct 24, 2019, 3:17 PM IST

গুৱাহাটী, 24 অক্টোবৰ : গুৱাহাটীৰ বেলতলাৰ বিলাসী হোটেল ৰাজধানী ৰিজেঞ্চীত বুধবাৰে নিশা 8 বজাৰ পৰা অভিযান চলাই কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআইয়ে ৷ এই অভিযানত চিবিআইয়ে আটক কৰে নেচনেল বিল্ডিং কনষ্ট্ৰাকছন কোম্পানীৰ (NBCC) ডিজিএম উৎপল পালক । এই উৎপল পালেই ঠিকাদাৰৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ সময়ত হাতে-লোটে ধৰা পৰিছিল চিবিআইৰ হাতত ৷ ধৃত লোকজনে ঠিকাদাৰৰ পৰা 2 লাখ 50 টকাৰ উৎকোচ গ্ৰহণ কৰিছিল ৷

নেচনেল বিল্ডিং কনষ্ট্ৰাকছন কোম্পানীৰ (NBCC) ডিজিএম
উৎপল পাল

ধৃত বিষয়াগৰাকী শিলচৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ভাৰত-বাংলা সীমান্তত চলি থকা কাঁইটীয়া তাৰৰ ঠিকাৰ কামৰ বাবে উৎকোচ লৈছিল উৎপল পালে । ইয়াৰ পূৰ্বেও উৎকোচ লোৱাৰ অভিযোগত দুজন বিষয়াক গ্ৰেপ্তাৰ হৈছিল।

চিবিআইৰ তালাচীত গ্ৰেপ্তাৰ উৎপল পাল

Intro:নিশা মহানগৰীত CBI ৰ তালাচী অভিযান । গুৱাহাটীৰ বেলতলাৰ বিলাসী হোটেল ৰাজধানী ৰেজেঞ্চীত বুধবাৰে নিশা অভিযান চলাই CBI-এ। Body:সন্ধিয়া ৮ বজাৰ পৰা চলাই এই অভিযান। অভিযানত আটক কৰে NBCCৰ DGM উত্পল পালক। NBCCৰ DGM-এ ঠিকাদাৰৰ পৰা উৎকোচ লোৱাৰ সময়ত হাতে লোটে ধৰা পৰে CBIৰ হাতত। Conclusion:২ লাখ ৫০ হাজাৰ টকা উৎকোচ লৈছিল ধৃত লোকজনে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.