গুৱাহাটী, ২০ ছেপ্টেম্বৰ : অসম চৰকাৰৰ ৫৫ টা বিভাগে ২০০১-০২ৰ পৰা ২০১৯-২০ বিত্তীয় বর্ষলৈ লাভ কৰা ৩৯,৬২৯.৪৯ কোটি টকাৰ অনুদানৰ বিপৰীতে দাখিল কৰা নাই ১১,৭১৭ খন ব্যৱহাৰিক প্রমাণ-পত্ৰ (ইউ চি) । ২০২১ চনৰ ৩১ মাৰ্চত সমাপ্ত বৰ্ষটোৰ বাবে দাখিল কৰা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষক চমুকৈ 'কেগ'ৰ ৰাজ্যিক বিত্তৰ হিচাপ পৰীক্ষা প্রতিবেদনত এই তথ্য উন্মোচিত হৈছে (audit report of state finances of CAG) ।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, অসম বিত্তীয় আইনৰ নিয়ম ৫১৭ (পৰিশিষ্ট ১৬) অনুসৰি, নিৰ্দিষ্ট উদ্দেশ্যত অনুমোদন প্রদান কৰা প্ৰতিটো অনুদানৰ বিপৰীতে কেতবোৰ চৰ্ত আৰোপ কৰা থাকে । উদাহৰণ স্বৰূপে যি উদ্দেশ্যত অনুদান দিয়া হয়, সেই উদ্দেশ্যতহে অনুদান ব্যয় কৰিব লাগিব আৰু যদি অনুমোদন কৰা কৰ্তৃপক্ষই কোনো সময়সীমা বান্ধি নিদিয়ে, তেতিয়াহ'লে এটা যুক্তিসংগত সময়ৰ মাজত ব্যয় কৰিব লাগিব ।
![কেগৰ প্ৰতিবেদন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-cag-report-55-departments-have-not-submitted-11717-ucs-7209925_20092022132222_2009f_1663660342_791.jpeg)
ব্যয় কৰিবলগা ধনৰ কোনো অংশ যদি ব্যয়ত প্রয়োজন নহয়, তেতিয়াহ'লে সেই পৰিমাণৰ ধন চৰকাৰক সমৰ্পণ কৰিব লাগিব । তদুপৰি, ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষই যদি কোনো চর্ত সাপেক্ষে অনুমোদন পায়, তেতিয়াহ'লে অন্য কোনো বিশেষ চর্ত নাথাকিলে সেই অনুদান মুকলি কৰি দিয়া বিত্তীয় বৰ্ষ শেষ হোৱাৰ ১২ মাহৰ ভিতৰত অনুদানৰ উপযুক্ত ব্যৱহাৰ সম্পৰ্কে আনুষ্ঠানিক ব্যৱহাৰিক প্ৰমাণ-পত্ৰ মহাগাণনিক (হিচাপ আৰু প্ৰাপ্য)ক জমা দিব লাগে (CAG report) ।
কিন্তু হিচাপ পৰীক্ষা নিৰীক্ষণত ২০০১-০২ৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষলৈ ৰাজ্য চৰকাৰৰ ৫৫ টা বিভাগক প্ৰদান কৰা ৩৯,৬২৯.৪৯ কোটি টকা অনুদান সন্দৰ্ভত ১১,৭১৭ খন ব্যৱহাৰিক প্ৰমাণ-পত্র দাখিল কৰা হোৱা নাই (fund utilization certificate) । এই ব্যৱহাৰিক প্ৰমাণ-পত্ৰসমূহৰ ভিতৰত ২০০১-০২ বিত্তীয় বৰ্ষৰ ৫৪.২৬ কোটি টকাৰ ৮৩ত খন, ২০০২-০৩ বিত্তীয় বৰ্ষৰ ৩৬.২২ কোটি টকাৰ ৪০৯ খন, ২০০৩-০৪ বিত্তীয় বৰ্ষৰ ১৯৭.০৭ কোটি টকাৰ ৭৪৪ খন, ২০০৪-০৫ বিত্তীয় বৰ্ষৰ ১৪৫.৮০ কোটি টকাৰ ৯৪৯ খন দাখিল কৰা নাই ।
![কেগৰ প্ৰতিবেদন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-cag-report-55-departments-have-not-submitted-11717-ucs-7209925_20092022132222_2009f_1663660342_718.jpeg)
আনহাতে, ২০০৫-০৬ বিত্তীয় বৰ্ষৰ ২০৩.১২ কোটি টকাৰ ৭১২ খন, ২০০৬-০৭ বিত্তীয় বৰ্ষৰ ১৯৪.২৭ কোটি টকাৰ ৬৫৪ খন, ২০০৭-০৮ বিত্তীয় বৰ্ষৰ ২২০.৮৫ কোটি টকাৰ ৪৬৩ খন, ২০০৮-০৯ বিত্তীয় বৰ্ষৰ ৩০৫.৭৫ কোটি টকাৰ ৩৪১ খন, ২০০৯-১০ বিত্তীয় বৰ্ষৰ ৪৪৭.১৯ কোটি টকাৰ ১২২ খন, ২০১০-১১ বিত্তীয় বৰ্ষৰ ৩৯৫.১৬ কোটি টকাৰ ৩০৬ খন, ২০১১-১২ বিত্তীয় বৰ্ষৰ ৫৮৩.০৩ কোটি টকাৰ ২৭৫ খন, ২০১২-১৩ বিত্তীয় বৰ্ষৰ ৮২৭.৬৮ কোটি টকাৰ ২৮৯ খন প্ৰতিবেদন দাখিল কৰা নাই ।
আনহাতে, ২০১৩-১৪ বিত্তীয় বৰ্ষৰ ১২৩৭.৩২ কোটি টকাৰ ৩৯৩ খন, ২০১৪-১৫ বিত্তীয় বৰ্ষৰ ১৫৯০.৮১ কোটি টকাৰ ৭৯৩ খন, ২০১৫-১৬ বিত্তীয় বৰ্ষৰ ২৯৬৩.৩০ কোটি টকাৰ ৪৭৯ খন, ২০১৬-১৭ বিত্তীয় বৰ্ষৰ ১৬০৭.২৩ কোটি টকাৰ ২৪ খন, ২০১৭-১৮ বিত্তীয় বৰ্ষৰ ২০৮০.৬৪ কোটি টকাৰ ২২৩ খন, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ৫৩৩৬.২১ কোটি টকাৰ ১০৬২ খন আৰু ২০১৯-২০ বিত্তীয় বৰ্ষৰ ২১২০৩.৫৮ কোটি টকাৰ ২৬৪৬ খন দাখিল কৰা হোৱা নাই (fund utilization certificate of Assam govt) ।
লক্ষণীয়ভাৱে ৫৫টা বিভাগৰ ভিতৰত সর্বাধিকসংখ্যক ব্যৱহাৰিক প্ৰমাণ-পত্র দাখিল নকৰা বিভাগটো হ'ল শিক্ষা (সাধাৰণ) । এই বিভাগটোৱে ৩২৩৫.০৭ কোটি টকাৰ বিপৰীতে ৪২২০ খন ব্যৱহাৰিক প্ৰমাণ-পত্র দাখিল কৰা নাই । সেইদৰে কৃষি বিভাগে ১৫১৩.৮১ কোটি টকাৰ ১৮৭ খন, সাংস্কৃতিক পৰিক্ৰমা বিভাগে ১৮৪.১৩ কোটি টকাৰ ৪০৯ খন, বিত্ত (অৰ্থনৈতিক পৰিক্ৰমা) বিভাগে ২৪০.১১ কোটি টকাৰ ১৬৫ খন, বিত্ত (কৰ) বিভাগে ৭০৭.৬৭ কোটি টকাৰ ৪০৯ খন ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰা নাই ।
ইয়াৰ উপৰ্ বিত্ত বিভাগে ১৩৫১.৭০ কোটি টকাৰ ২৪ খন, সাধাৰণ প্রশাসন বিভাগে ১১২.৬৬ কোটি টকাৰ ২২৪ খন, গুৱাহাটী উন্নয়ন বিভাগে ৯০২.৫০ কোটি টকাৰ ১৬৯ খন, স্বাস্থ্য বিভাগে ৫৮৬৭.৬৩ কোটি টকাৰ ২৮০ খন, পার্বত্য এলেকা বিভাগে ১৫৩.৪৫ কোটি টকাৰ ১১৩ খন, গৃহ বিভাগে ২১৩.৮০ কোটি টকাৰ ৪৮ খন, উদ্যোগ বিভাগে ২৫০.৯৮ কোটি টকাৰ ৭৮ খন, জলসিঞ্চন বিভাগে ১০১.৭০ কোটি টকাৰ দুখন, শ্ৰম আৰু নিয়োগ বিভাগে ২৩৭.৬৯ কোটি টকাৰ ৩৫ খন, সংখ্যালঘু কল্যাণ বিভাগে ৩৭১.৬২ কোটি টকাৰ ৬৬ খন, পৌৰ প্ৰশাসন বিভাগে ৫৫৪.১৮ কোটি টকাৰ ৮৮ খন, শক্তি বিভাগে ১৩৮.৪৫ কোটি টকাৰ ৯ খন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৪৫৭২.৬১ কোটি টকাৰ ১০২ খন আৰু পৰিৱৰ্তন-বিকাশ বিভাগে ৯৩৩.১৬ কোটি টকাৰ ৬৫৮ খন ব্যৱহাৰিক প্ৰমাণ-পত্ৰ ২০১৯-২০ বিত্তীয় বৰ্ষলৈ জমা দিয়া নাছিল (55 departments have not submitted 11717 UCs) ।
লগতে পঢ়ক :দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সময়সূচী চলিত সপ্তাহতে ঘোষণাৰ সম্ভাৱনা