ETV Bharat / city

ফটকাবিহীন দীপাৱালী উদযাপনৰ আহ্বান বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ - name care hospital

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ তিনিটা দিন ৷ গাঁৱে-ভূঞে, চহৰে-নগৰে প্ৰতিঘৰৰ পদুলিত চাকি জ্বলিব । চৌদিশে ফটকা ফুটিব, আতছবাজী হ’ব । কিন্তু দীপাৱলীৰ আনন্দ-উৎসাহৰ মাজতে অনেকজন অগ্নিদগ্ধ হোৱা দেখা যায় । দেশত বছৰি সংঘটিত হোৱা জুয়ে পোৰা দুৰ্ঘটনাবোৰৰ ভিতৰত ১০-১২ শতাংশ হ’ল দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা ৷ সেয়েহে সাৱধানতা মানি দীপাৱলীৰ উদযাপনৰ আহ্বান জনাই সোমবাৰে মহানগৰীত এক সংবাদমেলৰ আয়োজন কৰে ৷

burn-care-foundation-press-meet
ফটকাবিহীন দিৱালী উদযাপনৰ আহ্বান বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ
author img

By

Published : Nov 1, 2021, 9:43 PM IST

গুৱাহাটী, ১ নৱেম্বৰ : অসমত ২০১০ চনৰ পৰা ২০২০ চনলৈ দেৱালীৰ সময়ত অগ্নিদগ্ধ হৈছে ৪৭১ গৰাকী । ইয়াৰে ভিতৰত ৩৫৩ গৰাকী পুৰুষ আৰু ১১৮ গৰাকী মহিলা । কলগছ ফুটাবলৈ গৈ ৩৪২ গৰাকী অগ্নিদগ্ধ হোৱাৰ বিপৰীতে ফটকাত ৮২ গৰাকী, চাকিত ১৫ গৰাকী আৰু চকৰি তথা ফুলজাৰিত ৩২ গৰাকী লোক অগ্নিদগ্ধ হৈছে ৷ এই তথ্য সদৰি কৰিছে নেমকেয়াৰ হাস্পতালৰ চিকিৎসক নৰেশ্বৰ শৰ্মাই ৷

ফটকাবিহীন দিৱালী উদযাপনৰ আহ্বান বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ

দেৱালীৰ প্ৰাকক্ষণত সোমবাৰে নেমকেয়াৰ হাস্পতালত বাৰ্ণ কেয়াৰ ফাউণ্ডেচনে এক সজাগতামূলক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ তথ্য অনুসৰি, কম বয়সীয়া পুৰুষ মহিলাতকৈ বেছিকৈ অগ্নিদগ্ধ হয় । আটাইতকৈ বেছি সংখ্যক লোক অগ্নিদগ্ধ হয় কলগছ আৰু ফুলজাৰিৰ পৰা ।

তেওঁ লগতে কয় যে, দেৱালীৰ সময়ত আতচবাজীৰ বাবে জুই পোৰা দুৰ্ঘটনা হোৱাৰ উপৰিও সাংঘাতিক ধৰণে বায়ু আৰু শব্দ প্ৰদূষণ হয় । এই প্ৰদূষণে বায়ু প্ৰদূষণক অধিক তীব্ৰ কৰি তোলে । ফলত মানুহৰ হাওঁফাওঁৰ কেন্সাৰ, হাপানী, হৃদপিণ্ডৰ ৰোগ, স্নায়ু ৰোগ আদিয়ে দেখা দিয়ে । তেওঁ কলগছৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে Crackers ব্যৱহাৰ নকৰাটোৱেই ভাল বুলি জানিবলৈ দিয়ে ৷ তেওঁ cracker ব্যৱহাৰ কৰিলে Green cracker হে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : দীপাৱলীৰ ফটকা : প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা

তেওঁ লগতে কয় যে, Air quality index 50 ৰ তলত থাকিব লাগে । কিন্তু গুৱাহাটীত দীপাৱালীৰ সময়ত এই index ৩০০ৰো অধিক হয় । Noise ৰ level ২৪-৫০ ডেচিবেলৰ ভিতৰত থাকিব লাগে কিন্তু দীপাৱালীৰ সময়ত Noise ৰ level ইয়াৰ ওপৰত হয় বুলি মন্তব্য কৰে । তদুপৰি আতচবাজীৰ বাবে প্ৰদূষিত হয় পৰিৱেশো । সেইবাবেই এইবাৰ ফটকাবিহীন দীপাৱালী উদযাপনৰ বাবে আহ্বান জনায় ড৹ নৰেশ্বৰ শৰ্মাই ।

তদুপৰি বাৰ্ণ কেয়াৰ ফাউণ্ডেচনে এইবাৰ 'আৰ্ত সেৱা' নামেৰে এটা ন্যাসো স্থাপন কৰে য’ত দুখীয়া ৰোগীক আৰ্থিক সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে । অনুষ্ঠানৰ মাজত বাৰ্ণ কেয়াৰ ফাউণ্ডেছনৰ সম্পাদক ড৹ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই 'আৰ্ত সেৱা' ন্যাসক ১০ লাখ টকাৰ এখন চেক প্ৰদান কৰে । ইপিনে সংবাদমেলত বাৰ্ণকেয়াৰ ফাউণ্ডেচনৰ সভাপতি ড৹ হিতেশ বৰুৱাই পোহৰৰ উৎসৱক পোহৰেৰেই পালন কৰিবলৈ সকলোকে আহ্বান জনায় ।

লগতে পঢ়ক : দীপাৱলীৰ বজাৰত ৰং-বিৰঙী চীনা লাইটৰ পয়োভৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.