ETV Bharat / city

অসম বাজেট 2022-23 ক জনকেন্দ্ৰিক তথা দ্ৰুত উন্নয়নমুখী আখ্যা অগপৰ

author img

By

Published : Mar 17, 2022, 9:11 AM IST

‘‘মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত বুধবাৰে অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উপস্থাপন কৰা অসম বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষাক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে । বাজেটে বহন কৰিছে মুখ্যমন্ত্রীৰ দূৰদৰ্শিতা আৰু কেতবোৰ জনকল্যাণমুখী নীতি ।’’ এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ ৷

Budget reaction of AGP president Atul Bora

গুৱাহাটী, ১৬ মাৰ্চ : বিত্ত মন্ত্রী অজন্তা নেওগে বুধবাৰে দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটক (Assam budget 2022-23) জনকেন্দ্ৰিক তথা দ্ৰুত উন্নয়নমুখী আখ্যা দিছে বিজেপিৰ মিত্রদল অগপই (Atul Bora on Assam budget)। বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিবৃত্তি যোগে অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰাই কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উপস্থাপন কৰা অসম বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষাক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে ।

ৰাজ্যৰ সৰ্বসাধাৰণ লোকৰ কল্যাণ নিশ্চিত কৰা আৰু ক'ভিড-১৯ মহামাৰীয়ে ক্ষতিগ্ৰস্ত কৰা অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে দাখিল কৰা বাজেটখন এখন জনকেন্দ্ৰিক তথা দ্ৰুত উন্নয়নমুখী বাজেট হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত দাখিল হোৱা এই প্ৰথমখন পূৰ্ণাংগ বাজেটে বহন কৰিছে তেখেতৰ দূৰদৰ্শিতা আৰু কেতবোৰ জনকল্যাণমুখী নীতি (Atul Bora praises CM Himanta Biswa Sarma)।

মুখ্যমন্ত্রীক প্ৰশংসা কৰি তেওঁ কয় যে, এই বাজেটে ৰাজ্যৰ অবিৰাম বিকাশৰ পথ প্ৰশস্ত কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণ আৰু যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ নতুন পথ মুকলি কৰাটো নিশ্চিত । তদুপৰি কৃষি, পশুপালন, দুগ্ধ উন্নয়ন, সমবায়কে আদি কৰি আনুসাংগিক খণ্ডৰ অধিক বিকাশৰ বাবে বাজেটত শক্তিশালী পদক্ষেপৰ বিষয়ে উল্লেখ আছে ।

এই বাজেটৰ দ্বাৰা অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড হিচাপে বিবেচিত কৃষি, পশুপালন আদি খণ্ডৰ উপৰিও অসম চুক্তি ৰূপায়ণ বিভাগ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগেও অতি উল্লেখনীয় গতিশীলতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক এখন জনমুখী, কৃষকপন্থী আৰু যুৱপ্ৰজন্মৰ হিতকৰ বাজেট উপহাৰ দিয়া বুলি কয় অতুল বৰাই । লগতে সকলোৰে সমবিকাশ নিশ্চিত কৰাৰ উদ্দেশ্যে কল্যাণকামী বাজেটখন সুচাৰুৰূপে প্ৰস্তুত কৰি উপস্থাপন কৰাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : বাজেটত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ নিৰ্দেশনা নাই: মনোৰঞ্জন তালুকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.