গুৱাহাটী, 27 মাৰ্চঃ মঙলবাৰে নিশা গুৱাহাটীৰ বৰগাঁৱত সংঘটিত হয়ভয়ংকৰ অগ্নিকাণ্ড ৷ বিধ্বংসী অগ্নিয়ে নিমিষতে ছানি ধৰে চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ এখন হোটেলৰপৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ ঘটনা সংঘটিত হোৱাৰ লগে-লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় আৰু ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ শেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
ঘটনাটোত কোনো লোকহতাহতি হোৱা নাই যদিও অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে বৰগাঁওবাসী ৷ কিয়নো হোটেলখনত মজুত আছিল বহু কেইটা চিলিণ্ডাৰৰ লগতে কেৰাচিন তেল ৷ এই অগ্নিকাণ্ডৰ ফলত চাৰিজনকৈ ব্যৱসায়ীৰ লক্ষাধিক টকাৰ সা-সম্পত্তি নিমিষতে ছাই হৈ যায় ৷