ETV Bharat / city

পুনৰাই পাঠক সমাজৰ মাজলৈ ন-ৰূপত "নতুন পৃথিৱী" - নতুন পৃথিৱী

নতুন পৃথিৱীৰ উন্মোচন-বৌদ্ধিক উৎকৰ্ষৰ বাবে ক্ষুদ্ৰ আলোচনীৰ ভূমিকা গুৰুত্বপূৰ্ণঃ মুনীন বায়ন

পুনৰাই পাঠক সমাজৰ মাজলৈ ন-ৰূপত "নতুন পৃথিৱী"

author img

By

Published : Nov 12, 2020, 9:44 AM IST

গুৱাহাটী, 11 নৱেম্বৰ : ক্ষুদ্ৰ আলোচনীয়ে বৌদ্ধিক উৎকৰ্ষ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে । আমাৰ কলেজীয়া জীৱনত নতুন পৃথিৱীয়ে চিন্তাৰ ক্ষেত্ৰত বৌদ্ধিক আন্দোলন গঢ়ি তুলিছিল । অকল চিন্তাশীল লেখাই নহয়, সৃজনশীল লেখাতো উত্তৰিত ৰূপান্তৰ ঘটিছিল । সত্তৰৰ দশকৰ ৰাজনৈতিক সংসদীয় ৰাজনীতিৰ তুলনাত আজি সাম্প্ৰদায়িকতা, ধনী দুখীয়াৰ মাজৰ বৈষম্য অভাৱনীয়ভাবে বৃদ্ধি পাইছে । তাৰ বিৰুদ্ধে শক্তিশালী ৰাজনৈতিক প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে যি ভাবাদৰ্শৰ সংগ্ৰাম গঢ়াৰ প্ৰয়োজন তাৰ বাবে নতুন পৃথিৱীৰ দৰে আলোচনীৰ প্ৰকাশ অতি জৰুৰী । কলেবৰত সৰু হ'লেও নতুন পৃথিৱীৰ এই সংখ্যাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মাৰ্ক্সীয় দৃষ্টিভংগীৰে কেতবোৰ সমস্যা সম্পৰ্কে নতুনকৈ চিন্তা কৰিবলৈ আমাক উদ্বুদ্ধ কৰিছে । দৈনিক অসম কাকতৰ কাৰ্যবাহী সম্পাদক মুনীন বায়নে নতুন পৃথিৱীৰ আলোচনীখনৰ ডিচেম্বৰ, 2020 সংখ্যা উন্মোচন কৰি গুৱাহাটী প্ৰেছ ক্লাৱত দিয়া ভাষণত প্ৰসংগক্ৰমে উল্লিখিত মন্তব্য কৰে ।

পুনৰাই পাঠক সমাজৰ মাজলৈ ন-ৰূপত "নতুন পৃথিৱী"

তেওঁ আৰু কয়, পু‍ঁজিবাদী ব্যৱস্থাই সৃষ্টি কৰা বৈষম্যৰ বিৰুদ্ধে চেতনা জাগ্ৰত কৰিবলৈ মাৰ্ক্সবাদী ধ্যান ধাৰণাৰে বৌদ্ধিক প্ৰত্যাহ্বান সম্প্ৰতি গ্ৰহণ কৰিব পৰা হোৱা নাই‌ । সম্পতি উৎপাদন ব্যৱস্থা আৰু উৎপাদন সম্পৰ্কই সলনি হৈছে‌ । সকলো উৎপাদন ঠিকাদাৰী ব্যৱস্থাৰে চলিছে বুলি তেওঁ মন্তব্য কৰে । হয়তো সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বাবে মৌলিক চিন্তা ভাৱনাৰ ক্ষেত্ৰত উদ্দীপনাৰ সৃষ্টিৰ হোৱা নাই যদিও নতুন পৃথিৱী দৰে ঐতিহ্যবাহী আলোচনীয়ে এইবিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি বায়নে মতপোষণ কৰে ।

বিশিষ্ট অৰ্থনীতিবিদ অনন্ত কলিতাৰ সভাপতিত্বত হোৱাৰ অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যাত ড৹ ভূপেন শৰ্মাই নতুন পৃথিৱী পৰিষদে সকলোৰে সহযোগত পূৰ্বৰ গৰিমাৰে আলোচনীখনক সঁচা অৰ্থতে নতুন ৰূপত গঢ়ি তোলাৰ কথা দোহাৰে । আলোচনীখনৰ নতুন যাত্ৰাৰ সম্পাদক সমীন্দ্ৰ হুজুৰিয়ে লেখকসকলে কোভিড-19ৰ মাজতো তৎপৰতাৰে প্ৰবন্ধ-পাতি আগবঢ়োৱা বাবে কৃতজ্ঞতা জনায় । 2021 বৰ্ষত নতুন পৃথিৱীৰ সোণালী জয়ন্তী উপলক্ষে এটি বিশেষ সংখ্যা প্ৰকাশৰ পৰিকল্পনাৰ কথাও তেওঁ অৱগত কৰে । লেখকসকলৰ পৰা ড৹ জয়দীপ বৰুৱাই ভাবাদৰ্শৰ উৎকৰ্ষৰ লগতে নতুন পৃথিৱীৰ লেখক গোষ্ঠীৰ পৰিধি বহলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । আলোচনীখনৰ সম্পাদক মণ্ডলীৰ সদস্য ড৹ ৰজনীকান্ত দাসে লেখক পাঠকৰ সহযোগিতাৰে নতুন পৃথিৱীয়ে নতুন গতি পাব বুলি দৃঢ়তাৰে দোহাৰে । কন্ঠ শিল্পী ৰূপালী কেওট নাথ আৰু প্ৰিয়ম্বদা দাসে পৰিবেশন কৰা ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে আৰম্ভ হোৱাৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ সদৌ জনলৈ শলাগৰ শৰাই আগবঢ়ায় পুলক গগৈয়ে ।

লগতে পঢ়ক : বিজেপিত যোগদান সহস্ৰাধিক প্ৰাক্তন আছু সদস্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.