ETV Bharat / city

মিত্ৰদলক এলাগী কৰি নিজা চৰকাৰ গঠনৰ দিশে বিজেপি - BJP to form its own government by neglecting alliance

দিছপুৰত একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিচিত হ'বলৈ অতি কৌশলগতভাৱে আগবাঢ়িছে বিজেপি ৷ বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিজাকৈ লাভ কৰিছিল 60 খন আসন ৷ যাৰ বাবে চৰকাৰ গঠন কৰিবলৈ সহায় ল’বলগীয়া হৈছিল মিত্ৰদলৰ ৷

bjp-to-form-its-own-government-by-neglecting-alliance
মিত্ৰদলক এলাগী কৰি নিজা চৰকাৰ গঠনৰ দিশে বিজেপি
author img

By

Published : Aug 6, 2021, 10:28 PM IST

গুৱাহাটী, 6 আগষ্ট : মাত্ৰ চাৰিখন আসন ৷ যদিহে বিজেপিয়ে ৰাজ্যৰ আৰু চাৰিটা সমষ্টি নিজৰ দখললৈ নিব পাৰে তেন্তে দিছপুৰত একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিচিত হ'ব বিজেপি আৰু স্বাভাৱিকতে মিত্ৰদলৰ চাপৰ পৰা মুক্ত হৈ পৰিব গেৰুৱা দলটো ৷ গতিকে বিজেপি অতি কৌশলগতভাৱে এতিয়া আগবাঢ়িছে নিজকে একক সংখ্যাগৰিষ্ঠ দল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ৷

উল্লেখযোগ্য যে,বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিজাকৈ লাভ কৰিছিল 60 খন আসন ৷ মিত্ৰদল অগপই পাইছিল 9 খন আৰু ইউ পি পি এলে লাভ কৰিছিল 4 খন আসন ৷ অৰ্থাৎ বিজেপি মিত্ৰজোটৰ আসনৰ সংখ্যা আছিল 73 খন ৷ একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হ’বলৈ হ'লে বিজেপিক প্ৰয়োজন কমেও 64 খন আসনৰ ৷ সেই লক্ষ্যত উপনীত হ'ব নোৱৰাৰ বাবেই দুই মিত্ৰদলৰ সহায়ত দিছপুৰত বিজেপিয়ে চৰকাৰ গঠন কৰিব লগীয়া হৈছে ৷

bjp-to-form-its-own-government-by-neglecting-alliance
মিত্ৰদলক এলাগী কৰি নিজা চৰকাৰ গঠনৰ দিশে বিজেপি

লগতে পঢ়কঃ গ্ৰাম্য কৰৰ কথা কৈ বিপদত ৰণজিৎ কুমাৰ দাস : পদত্যাগৰ দাবী বিৰোধীৰ

কিন্তু বিজেপিয়ে এতিয়া কৌশল সলনি কৰিছে ৷ আন দলৰ পৰা বিধায়কক নিজৰ দললৈ আনি বিজেপিয়ে 64 খন আসনৰ গৰাকী হোৱাৰ দিশে আগবাঢ়িছে ৷ ইয়াৰ বাবে যোগ বিয়োগৰ সমীকৰণ আৰম্ভ কৰিছে গেৰুৱা দলটোৱে ৷ ইতিমধ্যে দুই বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছে ৷

মৰিয়নি আৰু থাওৰা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি জয়ী‌ হ'লে আজিৰ তাৰিখত ‌বিজেপিৰ আসনৰ সংখ্যা হ’ব 61 খন ৷ মাজুলীৰ উপ নিৰ্বাচনত বিজেপিয়ে পুনৰ সমষ্টিটো ঘূৰাই পালে বিজেপিৰ আসন হ’ব 62 খন ৷ আনহাতে, এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদৰকো বিজেপিলৈ আনি ভবানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনত জয়ী হোৱাৰ অংক কৰিছে বিজেপিয়ে ৷ যদি এইয়া সম্ভৱ হয় তেন্তে বিজেপিৰ আসনৰ সংখ্যা হ'ব 63 খন ৷ ইপিনে তামুলপুৰ আৰু গোঁসাইগাঁও সমষ্টি দুটাতো অনুষ্ঠিত হ'ব উপ নিৰ্বাচন ।

এই দুখন আসন যিহেতু বি পি এফ আৰু ইউ পি পি এলৰ দখলত আছিল গতিকে ইয়াৰে কোনোবা এখন দখল কৰাৰ পৰিৱৰ্তে কংগ্ৰেছৰ আন এগৰাকী বিধায়কক বিজেপিত যোগদান কৰোৱাই পুনৰ উপ নিৰ্বাচনৰ জৰিয়তে সেই সমষ্টি নিজৰ হাতলৈ নিব পাৰিলেই বিজেপিৰ আসনৰ সংখ্যা হ’ব 64 খন ৷ লগে লগে দিছপুৰত একপ্ৰকাৰ এলাগী হ'ব দুই মিত্ৰ দল অগপ আৰু ইউ পি পি এল ৷

লগতে পঢ়কঃ উৎপাদনত বৰ্ধিত ব্যয় : জীয়াই থকাৰ বাবে সংগ্ৰাম ৰাজ্যৰ চাহ উদ্যোগৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.