ETV Bharat / city

অসমতাে ৪০০ টা মণ্ডলত বিজেপিৰ ‘দিব্য কাশী-ভব্য কাশী’ অনুষ্ঠান - কাশী বিশ্বনাথ ধাম

ঐতিহ্যমণ্ডিত কাশীৰ বিশ্বনাথ ধামৰ স্বকীয়তা সম্পূর্ণ অক্ষত ৰাখি সমগ্ৰ আধ্যাত্মিক তথা সাংস্কৃতিক পৰিৱেশৰ বিকাশ সাধন কৰি ১৩ ডিচেম্বৰত জনতাৰ বাবে মুকলি কৰা হ'ব । 'দিব্য কাশী-ভব্য কাশী’(Divya Kashi Bhavya Kashi) শীর্ষক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, প্ৰতিখন ৰাজ্যৰে সাহিত্য-শিক্ষা-সংস্কৃতিৰে জড়িত ব্যক্তিসকল তথা সাধু-সন্ত-ধর্মাচার্য উপস্থিত থাকিব । দেশৰ ৫১,০০০ টা স্থানত অনুষ্ঠিত হ’ব ‘দিব্য কাশী-ভব্য কাশী' শীর্ষক অনুষ্ঠানৰ ।

bjp state spokesperson pabitra margherita brief on divya kashi bhavya kashi
ৰাজ্যিক বিজেপিৰ সংবাদমেল
author img

By

Published : Dec 8, 2021, 10:07 PM IST

গুৱাহাটী, ৮ ডিচেম্বৰ : পুৰাতন-সনাতন ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য, আস্থা আৰু গৰিমাৰ প্ৰতীক কাশী বিশ্বনাথ ধামৰ সৌন্দর্যবর্ধন আৰু সামগ্ৰিক বিকাশ সাধন সম্পূর্ণ কৰি ১৩ ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে লোকাৰ্পণ কৰিব । বিজেপিৰ গুৱাহাটীস্থ ৰাজ্যিক মুখ্য কার্যালয়ত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি দলৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা(BJP state spokesperson Pabitra Margherita)ই সদৰি কৰে এই কথা ৷ তেও লগতে একেদিনাই বিশ্বনাথ ধামৰ স্বকীয়তা সম্পূর্ণ অক্ষত ৰাখি জনতাৰ বাবে মুকলি কৰাৰ কথা জানিবলৈ দিয়ে ৷

মাৰ্ঘেৰিতাই উল্লেখ কৰা অনুসৰি 'দিব্য কাশী-ভব্য কাশী’ শীর্ষক এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, প্ৰতিখন ৰাজ্যৰে সাহিত্য-শিক্ষা-সংস্কৃতিৰে জড়িত ব্যক্তিসকল তথা সাধু-সন্ত-ধর্মাচার্য উপস্থিত থাকিব । এই বর্ণাঢ্য কাৰ্যসূচীৰ সৈতে ৰজিতা ৰাখি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ তত্বাৱধানত দেশৰ ৫১,০০০ টা স্থানত ‘দিব্য কাশী-ভব্য কাশী' শীর্ষক অনুষ্ঠান আয়োজন কৰা হৈছে ।

অসমতো বিজেপিৰ ৪০০ টা মণ্ডলৰ ধর্মীয় স্থানত দলীয় কার্যকর্তা, স্থানীয় ৰাইজ, নিৰ্বাচিত প্ৰতিনিধি তথা সাধু-সন্ত আৰু ধৰ্মাচাৰ্যসকলৰ উপস্থিতিত এই মূল কাৰ্যসূচী ৰূপায়ণ(BJP assam unit organized Divya Kashi Bhavya Kashi) কৰা হ'ব । এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ লগতে অন্যান্য আধ্যাত্মিক কার্যসূচীও এই আয়োজনত সন্নিৱিষ্ট কৰা হৈছে । ৯ ডিচেম্বৰত ‘প্ৰভাত ফেৰী' প্ৰতিখন জিলাত আয়োজন কৰাৰ লগতে ১০ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ মঠ, মন্দিৰ, আধ্যাত্মিক স্থানসমূহত স্বচ্চতা অভিযান চলোৱা হ'ব ।

লগতে পঢ়ক : জ্ঞানপীঠ বঁটাৰে সন্মানীত কৰিলে যদিও আক্ষেপ ৰৈ গ'ল নীলমণি ফুকনৰ পৰিয়ালৰ

উল্লেখ্য যে লোকাৰ্পন অনুষ্ঠানৰ পিছদিনাই ১৪ ডিচেম্বৰত কাশীত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ এক বৈঠক অনুষ্ঠিত হ’ব । এই কাৰ্যসূচীসমূহলৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাকো বিশেষভাৱে আমন্ত্ৰিত কৰা হৈছে । ‘দিব্য কাশী-ভব্য কাশী’ অনুষ্ঠানত অসমৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি তথা ধর্মাচার্য, সাধু-সন্তই অংশ গ্ৰহণ কৰিব । কাশীৰ এই ঐতিহ্যমণ্ডিত স্থানতে ২৩ ডিচেম্বৰত কৃষি বিজ্ঞানী, কৃষি গৱেষক তথা কৃষকসকলৰ উপস্থিতিত কৃষি বিষয়ক এক সন্মিলনৰো আয়োজন কৰা হৈছে । য'ত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৃষি ক্ষেত্ৰত গ্ৰহণ কৰা তেখেতৰ পৰিকল্পনাসমূহ ব্যক্ত কৰিব ।

কৃষি বিষয়ক এই সন্মিলনৰ সমান্তৰালভাৱে দেশৰ প্ৰতিটো দলীয় মণ্ডলতো কৃষকসকলৰ মাজত অনুৰূপভাৱে আয়োজন কৰিব কৃষি বিষয়ক সভা । এই সভাৰ জৰিয়তে ক্ষেত্ৰভিত্তিক কৃষি বিষয়ক সমস্যা আৰু উপদেশ-প্ৰস্তাৱ আদি দলে সংশ্লিষ্ট উধ্বর্তম কর্তৃপক্ষলৈ প্ৰেৰণ কৰিব । তদুপৰি স্বামী বিবেকানন্দৰ জন্ম দিৱস উপলক্ষে ১২ জানুৱাৰীত কাশীত অনুষ্ঠিত হ’ব এক বিশাল জনসমাৱেশ । অসমত পবিত্ৰ মাৰ্ঘেৰিটাক সমন্বয়ক আৰু ৰাজদ্বীপ গোৱালা আৰু হৰেণ দেউৰীক সহ আহ্বায়ক ৰূপে লৈ ‘দিব্য কাশী-ভব্য কাশী’ অনুষ্ঠান আয়োজন কৰা হৈছে । সংবাদ মেলত দলৰ ৰাজ্যিক মুখপাত্ৰ পংকজ বৰবৰা, ৰাজ্যিক সংবাদ কোষৰ সহ আহ্বায়ক কৃষ্ণা নাথ, সংবাদ কোষৰ সদস্য বিকাশ গুপ্তা উপস্থিত আছিল ।

লগতে পঢ়ক : Land grabbing allegation: ৰিণিকি ভূঞাক ৰবাৰ্ট ভাদ্ৰাৰে তুলনা এজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.