ETV Bharat / city

বিধায়কক পি এছ অ' লগাৰ যুক্তি ভৱেশ কলিতাৰ

author img

By

Published : Mar 29, 2022, 7:47 PM IST

বিধায়কক পিএছঅ' লগাৰ যুক্তি দাঙি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে (State BJP president Bhabesh Kalita on PSO)। বহু কাম-কাজৰ বাবে নিশাৰ ভাগত ৰাজপথেৰে যাব লগা হয়। কিন্তু সকলোৱে নাজানে সেই ব্যক্তিগৰাকী বিধায়ক বুলি । তেনে ক্ষেত্ৰত কিছু ভয়-শংকাৰ কথাৰে ৰাজপথত সুৰাপান কৰা লোকৰ উদাহৰণ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷

bjp state president bhabesh kalita on pso culture
ৰাজপথত সুৰাপান কৰা লোকৰ উদাহৰণ দি পিএছঅ'ৰ প্ৰাসংগিকতা বুজালে ভৱেশ কলিতাই

গুৱাহাটী, ২৯ মাৰ্চ : বিধায়কক পিএছঅ' কিয় লাগে তাৰ যুক্তি দাঙি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । উল্লেখ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পি এছ অ' সংস্কৃতি প্ৰত্যাহাৰ কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাই একপ্ৰকাৰ চমক সৃষ্টি কৰিছিল । সেই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰ‍জ্যিক সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে, পিএছঅ' নাথাকিলে যদি বিধায়কক কোনোবাই চৰিয়াই দিয়ে তেতিয়া কি হ’ব ?

বিধায়কে কিয় পিএছঅ' এৰিব নোৱাৰি তাৰ ব্যাখ্যা দাঙি ধৰি তেওঁ কয় যে, বহু কাম-কাজৰ বাবে নিশাৰ ভাগত ৰাজপথেৰে যাব লগা হয়। কিন্তু সকলোৱে নাজানে সেই ব্যক্তিগৰাকী বিধায়ক বুলি। তেনে ক্ষেত্ৰত কিছু ভয়-শংকাৰ কাৰণ আহি পৰে (Security threat to MLAs) । কেৱল দুগাৰীক বিধায়কে নিজৰ পিএছঅ' এৰাৰ প্ৰসংগত এইদৰে যুক্তি আগবঢ়াই তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে সকলো বিধায়কে পিএছঅ' এৰিব লাগিবই বুলি কোৱা নাই ।

মুখ্যমন্ত্রীয়ে আহ্বানহে (Assam CM requests leaders to give up PSO) জনাইছিল আৰু সিদ্ধান্ত বিধায়কসকলৰ সম্পূৰ্ণ নিজৰ । কোনোৱে নিজে বিচাৰিলেহে এৰিব পাৰে । তদুপৰি এগৰাকী বিধায়ক হিচাপে বহু ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হয়। কেতিয়াবা নিশাৰ ভাগতো ৰাজপথেৰে যাব লগা হয় । তেনে ক্ষেত্ৰত কোনৱে যদি বিধায়ক বুলি চিনি নাপাই গতিয়াই দিয়ে বা চৰ মাৰি দিয়ে ।

গতিকে তেনেস্থলত বিধায়কৰ পিএছঅ'ৰ প্ৰয়োজন আছে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে বিৰোধীয়েও জানি শুনি তেনে কাম কৰিব পাৰে নাইবা কোনোৱে নিজৰ আক্ৰোশৰ প্ৰতিশোধ ল'বৰ বাবেও তেনে কৰিব পাৰে । এনেই সাধাৰণতে বাছ, ই-ৰিক্সা আদিতো তেওঁৰ দৰে বহু বিধায়কে ঘৰি-ফুৰে বুলি তেওঁ সদৰি কৰে। কিন্তু কেতিয়াবা কোনো ক্ষেত্ৰত পি এছ অ'ৰ প্ৰয়োজনীয়তা আহি পৰে ।

তেওঁ যুক্তি দাঙি ধৰি কয় যে, নিশাৰ ভাগত ৰাজপথত সুৰাপায়ী কোনোবাই যদি বিধায়ক এগৰাকীক চৰিয়াই দিয়ে । তেতিয়া আকৌ বিৰোধী বা সাধাৰণ জনতাই প্ৰশ্ন উত্থাপন কৰিব বিধায়কৰেই সুৰক্ষা নাই, সাধাৰণ জনতাৰ ক'ত থাকিব বুলি । ইফালে তেওঁ লগতে কয় যে, অসমত এতিয়া শান্তি ঘূৰি আছে আৰু সেয়ে পিএছঅ' অন্যক কিয় লাগে । বিজেপি দলৰ কাৰ্যকতা, বিষয়ববীয়া সকলোকে পিএছঅ' এৰিবলৈ কোৱা হৈছে বুলিও সদৰি কৰে তেওঁ ।

লগতে পঢ়ক : Price hike in Assam : ১ এপ্ৰিলৰ পৰা ৮০০ বিধ ঔষধত ১০.০৮ % কৈ হ’ব মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.