ETV Bharat / city

Assam Rajya Sabha election result 2022 : দুয়োখন আসনতে জয়লাভ বিজেপি মিত্ৰজোঁটৰ

author img

By

Published : Apr 1, 2022, 7:39 AM IST

Updated : Apr 1, 2022, 11:22 AM IST

বৃহস্পতিবাৰে মাজনিশা ঘোষণা কৰা হয় ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল 2020 (Assam Rajya Sabha Election Results 2022) । ৰাজ্যসভাৰ দুয়োখন আসনতে শাসকীয় পক্ষৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে ।

BJP has won both the Rajya Sabha seats in Assam
ৰাজ্যসভাৰ দুয়োখন আসন শাসকীয় পক্ষৰ দখলত

গুৱাহাটী, 1 এপ্ৰিল : সকলো জল্পনা-কল্পনা আৰু বাক-বিতণ্ডাৰ অন্তত বৃহস্পতিবাৰে নিশা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল (Assam Rajya Sabha Election Results 2022) । ৰাজ্যসভাৰ দুয়োখন আসনতে শাসকীয় পক্ষৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে ৷ পবিত্ৰ মাৰ্ঘেৰিটাই 46 টা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে 44 টা ভোট লাভ কৰিছে । ইপিনে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাই পৰাজয় বৰণ কৰিছে । ৰিপুন বৰাক জয়ীৰ বাবে 43 টা ভোট অৰ্থাৎ 43 বিধায়কৰ প্ৰয়োজন আছিল । কিন্তু ৰিপুন বৰাই 35 টাহে ভোট লাভ কৰিবলৈ সক্ষম হয় । নাকচ হৈছে এটা ভোট ।

উল্লেখ্য যে, কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে বিজেপিৰ পক্ষত ভোট দিয়াৰ লগতে কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোটদান নকৰি ইচ্ছাকৃতভাৱে ভুলকৈ ভোটদান কৰিছে । ইতিমধ্যে দল বিৰোধী কামত লিপ্ত হোৱাৰ অভিযোগত ছিদ্দিক আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে । ইপিনে নিৰ্বাচনত জয়লাভ কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই সকলো বি জে পি আৰু মিত্ৰজোঁটৰ অংশীদাৰ দলৰ বিধায়ক, মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বি জে পিৰ সভাপতি ভৱেশ কলিতাক ধন্যবাদ জনায় ।

দুয়োখন আসনতে জয়লাভ বিজেপি মিত্ৰজোঁটৰ

তেওঁ লগতে কয় যে, মোক ভোট দিয়াৰ বাবে কংগ্ৰেছৰ বিধায়ক, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক আৰু চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক ধন্যবাদ জনাইছো । ইপিনে নিৰ্বাচনত পৰাজয় বৰণ কৰা বিৰোধী দলৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাই কয় যে, গণতন্ত্ৰৰ প্ৰতি সাংঘাতিক প্ৰত্যাহ্বান আহিছে । কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে যুঁজি যাব । ইপিনে নিৰ্বাচনত পৰাজয় হোৱাৰ বাবে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই এ আই ইউ ডি এফকে দোষাৰোপ কৰে ।

লগতে পঢ়ক : ৰাজ্যসভাৰ ভোট: নিশা এপৰলৈকে স্থগিত ভোটগননা

Last Updated : Apr 1, 2022, 11:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.