ETV Bharat / city

বিজেপিৰ অপৰাধমুক্ত অসমৰ শ্ল'গান কিমান খিনি বাস্তৱ হ’ব ?

বঢ়মপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ জিতু গোস্বামীৰ বিৰুদ্ধে আছে অপৰাধৰ দুটাকৈ গোচৰ ৷ কেইবাজনো জনপ্ৰতিনিধিৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ ৷

author img

By

Published : Mar 2, 2021, 10:43 PM IST

অগপ-বিজেপি মিত্ৰজোঁট
অগপ-বিজেপি মিত্ৰজোঁট

গুৱাহাটী,2 মাৰ্চ : অপৰাধমুক্ত অসম গঢ়াৰ শ্ল'গান দিয়া শাসকীয় দল বিজেপিৰ বহুকেইজন জনপ্ৰতিনিধিৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ ৷ সমাগত বিধানসভা নিৰ্বাচনতো অপৰাধৰ গোচৰ চলি থকা কেইবাজনো নেতাই বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে কোচকাৱাজ আৰম্ভ কৰিছে ৷

বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দুৰ্গ হিচাপে খ্যাত বঢ়মপুৰ সমষ্টিত চকু দিছে প্ৰভাৱশালী বিজেপি নেতা জিতু গোস্বামীয়ে ৷ জিতু গোস্বামী বিজেপিৰ এজন গুৰুত্বপূৰ্ণ নেতা আৰু লগতে তেওঁ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ ৷ বিগত বিধানসভা নিৰ্বাচনত তেওঁ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল ৷ এইবাৰ তেওঁ বঢ়মপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে ৷ অৱশ্যে বিজেপিৰ পৰা তেওঁৰ প্ৰাৰ্থীত্ব এতিয়াও নিশ্চিত হোৱা নাই ৷ জিতু গোস্বামীৰ বিৰুদ্ধে বেংকৰ ঋণ আদায় নিদিয়া তথা জালিয়াতিৰ গোচৰ চিবিআইৰ বিশেষ আদালতত চলি আছে ৷ উল্লেখ্য যে, তেওঁৰ মালিকীস্বত্ব থকা মেছাৰ্ছ হিমালয়া ডিছটিলেৰি প্ৰাইভেট লিমিটেডে 5.6 কোটি টকা ঋণ ঘূৰাই নিদিয়াৰ বাবে 2015 চনত আইডিবিআই বেংকৰ দ্বাৰা ছীল কৰি দিয়া হৈছিল ৷ তেওঁৰ বিৰুদ্ধে অপৰাধৰ দুটাকৈ গোচৰ চলি আছে ৷

আনহাতে বঢ়মপুৰত বিজেপিৰ আন এজন দাবীদাৰ প্ৰাৰ্থী হৈছে অভিজিত নাথ ৷ সমষ্টিটোত তেওঁৰ বিশেষ জনপ্ৰিয়তা আছে আৰু অবিচি আৰু এছ চিৰ তেওঁ যথেষ্ট প্ৰিয় ৷ তেওঁৰ বিৰুদ্ধে নাই কোনো ধৰণৰ গোচৰ ৷ অৱশ্যে কোনে প্ৰাৰ্থীত্ব লাভ কৰিব সেয়া নিৰ্ভৰ কৰিব দলৰ শীৰ্ষ নেতৃত্বৰ ওপৰত ৷

ইফালে বঢ়মপুৰ সমষ্টিত 35 বছৰ ৰাজত্ব কৰা বৰ্তমানৰ বিধায়ক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱাৰ উপৰি শাৰীৰিকভাৱে অসুস্থ হোৱাৰ বাবে সমষ্টিটোত বিজেপিয়ে নিজা প্ৰাৰ্থী দিব বিচাৰিছে ৷ তদুপৰি তেওঁ 'কা'ৰ বিৰোধীতা কৰি চৰকাৰৰ বিৰুদ্ধে যোৱাৰ বাবেও বিজেপিয়ে এইবাৰ সমষ্টিটো এৰি দিব বিচৰা নাই ৷ অগপৰ নেতৃত্বৰ লগতো তেওঁৰ সম্পৰ্ক ভাল নহয় ৷ শাসকীয় দল বিজেপিয়ে এইবাৰ মিত্ৰদল অগপক পূৰ্বৰ তুলনাত কম আসন দিব বিচাৰিছে ৷ 100 প্লাছৰ লক্ষ্য নিৰ্ধাৰণ কৰা বিজেপিয়ে এইবাৰ বহুকেইটা সমষ্টিত নতুন প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা আছে ৷ এই ক্ষেত্ৰত কোনো ধৰণৰ অপৰাধৰ গোচৰ নথকা কেইজনে প্ৰাৰ্থীত্ব পাব সেয়া লক্ষ্যনীয় হ'ব ৷

বিগত নিৰ্বাচনত অপৰাধৰ গোচৰ থকা কেইবাজনো নেতাই প্ৰাৰ্থীত্ব লাভ কৰিছিল ৷ বিজেপিৰ ৰমাকান্ত দেউৰী, কুশল দুৱৰা, নৱ কুমাৰ দলে, আমিনুল হক লস্কৰ, দীপক কুমাৰ ৰাভা, শিলাদিত্য দেৱ, নাৰায়ন ডেকা, ভাস্কৰ শৰ্মা আদি বিধায়কৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ ৷ এইসকল বিধায়কে এইবাৰ পুনৰ প্ৰাৰ্থীত্ব পাব নে ? ইয়াৰ বাবে কিছু অপেক্ষা কৰিব লাগিব ৷ প্ৰাৰ্থী তালিকা প্ৰকাশ হ'লে সকলো স্পষ্ট হ'ব ৷

লগতে পঢ়ক : বিজেপি-অগপৰ আসন বুজাবুজি ৯৫ শতাংশ সম্পূৰ্ণ : হিমন্ত বিশ্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.