ETV Bharat / city

পহ্লাদ ব্ৰহ্ম অপৰাধী, ধৰ্মৰ অৱতাৰ মুখ্যমন্ত্ৰী হিমন্ত !

বিপিএফৰ পৰা সদ্য নিলম্বিত নেতা পহ্লাদ ব্ৰহ্মই দেশৰ সন্মানীয় ব্যক্তি সকলৰ বিষয়ে 'হিজৰা' বুলি কৰা মন্তব্যকলৈ ক্ষুব্ধ হৈছে ৰাজ্যিক বিজেপি (BPF leader Prahlad Brahma's controversial statement) ৷ জিলাই জিলাই এজাহাৰ দাখিল কৰিছে বিজেপিয়ে ৷ সবিশেষ জানো আহক ৷

author img

By

Published : Feb 14, 2022, 8:25 PM IST

Updated : Feb 14, 2022, 9:27 PM IST

bjp-filed-fir-against-bpf-leader-palash-brahma-for-his-controversial-remark
পলাশ ব্ৰহ্ম অপৰাধী, ধৰ্মৰ অৱতাৰ মুখ্যমন্ত্ৰী হিমন্ত !

গুৱাহাটী, 14 ফেব্ৰুৱাৰী : যোৱা 11 ফেব্ৰুৱাৰী 2022 তাৰিখে ডুলিগাঁৱত আয়োজিত হৈ যোৱা এক অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালাম, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি বিপিএফৰ পৰা সদ্য নিলম্বিত নেতা পহ্লাদ ব্ৰহ্মই 'হিজৰা' বুলি কৰা মন্তব্যক লৈ ক্ষুব্ধ হৈছে ৰাজ্যিক বিজেপি (BPF leader Prahlad Brahma's controversial remark) ৷ এই সন্দৰ্ভত সোমবাৰে ৰাজ্যিক বিজেপিৰ 40 খন সাংগঠনিক জিলাৰ আৰক্ষী থানাত প্ৰদান কৰা হৈছে এফ আই আৰ ৷

ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম কোষৰ আহ্বায়ক পলাশ লাহনে কয় যে, ''এজন যুৱ ৰাজনৈতিক নেতাই দেশৰ সন্মানীয় ব্যক্তি সকলৰ বিষয়ে এনে বক্তব্য প্ৰদান কৰাটো অতি লজ্জাজনক কথা ৷'' এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি 40 খন সাংগঠিক জিলাৰ থানা সমূহক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বিজেপিৰ কৰ্মী সকলে ৷

এতিয়া স্বাভাৱিকতেই সচেতন মহলত উত্থাপিত হৈছে অন্য এক প্ৰশ্ন ৷ যি সময়ত দেশৰ সন্মানীয় ব্যক্তি সকলৰ বিষয়ে ক্ষুব্ধ হৈ পৰা ৰাজ্যিক বিজেপিয়ে জিলাই জিলাই এফ আই আৰ প্ৰদান কৰিছে সেই একে সময়তে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী সন্দৰ্ভত কৰা মন্তব্যক লৈ কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সচেতন মহলত সৰৱ চৰ্চা চলিছে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উত্তৰাখণ্ডৰ এক নিৰ্বাচনী সভাত সাংসদ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৰাজীৱ গান্ধীৰ সন্তান হোৱা নোহোৱাক লৈ কৰিছিল এক বিতৰ্কিত মন্তব্য (Himanta's controversial remark on Rahul Gandhi) ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে সৰৱ বিতৰ্কৰ ৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কৈছে যে, তেওঁৰ মাতৃ এগৰাকী শ্বহীদৰ পত্নী আৰু হিমন্তৰ বক্তব্যৰ দ্বাৰা তেওঁক অপমান কৰা হৈছে (Priyanka Gandhi replies to Assam CM Himanta)৷

লগতে পঢ়ক : ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তা বিষয়াক ধমক উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ প্ৰেমচান্দ আগৰৱালৰ

Last Updated : Feb 14, 2022, 9:27 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.