গুৱাহাটী, ১৫ এপ্ৰিল : ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে সম্পূৰ্ণ দুটা বছৰ সমগ্ৰ অসমীয়া জাতিয়ে হেঁপাহৰ ৰঙালীক মন খুলি উপভোগ কৰিব পৰা নাছিল । দুবছৰৰ সেই শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পিছত এইবাৰ অসমীয়াই প্ৰাণ খুলি বহাগৰ আনন্দত মতলীয়া হৈছে । কিন্তু এইবাৰ ব্যতিক্ৰম ৰাজ্যৰ মন্ত্ৰীগণ । ক'ভিড এতিয়া নাই । তথাপিও বিহুত এইবাৰ মন্ত্ৰীসকলৰ বাবে আছে বাধ্য-বাধকতা (Bihu holiday cancelled for ministers) ।
মুখ্যমন্ত্ৰীয়ে আৰোপ কৰিছে এই বাধা-নিষেধ । এইবাৰৰ বহাগ বিহুত কোনো মন্ত্ৰীৰে ছুটী নাই । মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ । প্ৰথম দুদিন অৰ্থাৎ গৰু বিহু আৰু মানুহ বিহুৰ দিনটোত মন্ত্ৰীসকলে নিজা নিজা সমষ্টিলৈ বিহু বুলি যাব পাৰিব যদিও তৃতীয় দিন অৰ্থাৎ বহাগৰ দুই তাৰিখৰ পৰা সকলো মন্ত্ৰী গুৱাহাটীত উপস্থিত থাকিব লাগিব ।
বিহুৰ ছুটী বুলিবলৈ এইবাৰ দুটা দিনহে মন্ত্ৰীসকলক দিয়া হৈছে । ইয়াৰ কাৰণ হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022) । সকলো মন্ত্ৰীকে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে শনিবাৰৰ পৰা যাতে পুনৰ সকলো মন্ত্ৰীয়ে পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত নামে (GMC election campaign) । সেয়েহে দুই এক মন্ত্ৰী গৰু বিহু বা তাৰ আগদিনাই সমষ্টিলৈ ৰাওনা হৈছে যদিও বহুকেইগৰাকী মন্ত্ৰী গুৱাহাটী এৰি যোৱাই নাই ।
সমষ্টিলৈ যোৱা সকলো আজি নিশা বা কাইলৈ পুৱাৰ ভিতৰত ঘূৰি আহি গুৱাহাটী পাবহি । মন্ত্ৰী কেশৱ মহন্তই গৰু বিহুৰ দিনটো কলিয়াবৰতে কটালে । ইটিভি ভাৰতক মন্ত্ৰী মহন্তই ক'লে, ‘‘এইবাৰ আমাৰ ছুটী নাই । আজি গুৱাহাটী পামগৈ । কেইবাখনো নিৰ্বাচনী সভাত ভাগ ল’ব লাগিব ।’’ আনহাতে, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী গুৱাহাটীতে আছে । বিহু বুলি ক'লৈকো যোৱা নাই । আনকি সমষ্টিলৈকে । পাটোৱাৰীয়ে জনালে ‘‘জি এম চিৰ নিৰ্বাচন আছে । গতিকে এইবাৰ মন্ত্ৰীৰ ছুটী নাই’’ ।
গৰু বিহুৰ আগদিনাই বিয়লিৰ ভাগত মন্ত্ৰী অতুল বৰা সমষ্টিলৈ গৈছিল । কালি আৰু আজি গোলাঘাট আৰু বোকাখাটত কেইবাখনো বিহু অনুষ্ঠানত ভাগ লয় মন্ত্ৰী গৰাকীয়ে । বোকাখাতৰ পৰাই মন্ত্ৰী বৰাই ফোনত ক'লে "আজি নিশালৈ গুৱাহাটী গৈ পাম । " এইদৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰি কাইলৈৰ ভিতৰত সকলো মন্ত্ৰী গুৱাহাটীত উপস্থিত হব । আজি পহিলা বহাগৰ দিনটোত মন্ত্ৰী অশোক সিংঘাল বিহু বুলি ব্যস্ত আছে তেওঁৰ সমষ্টি ঢেকিয়াজুলিত । তাৰ পৰাই ফোনেৰে ক'লে- " আজিৰ দিনটো ইয়াতেই ৰাইজৰ লগত থাকিম । কাইলৈৰ পৰা গুৱাহাটীত ।" এয়াই এইবাৰ ছুটী নোপোৱা মন্ত্ৰীৰ বিহু ।
লগতে পঢ়ক : Rangali bihu in Assam: ঐতিহাসিক আউনীআটী সত্ৰত 369 বছৰীয়া পৰম্পৰাৰে উদযাপন বোকাখেল