গুৱাহাটী, 18 জুলাই : ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিজেপি নেতা ভুৱনেশ্বৰ কলিতা আৰু বিপিএফৰ জ্যেষ্ঠ নেতা বিশ্বজিৎ দৈমাৰীয়ে আনুষ্ঠানিকভাৱে সাংসদ হিচাপে 22 জুলাইত শপত গ্ৰহণ কৰিব । সংসদ ভৱনত অনুষ্ঠিত কৰা হ'ব এই শপত গ্ৰহণ অনুষ্ঠান ।
শপত গ্ৰহণৰ বাবে দেওবাৰে গুৱাহাটীৰ পৰা দিল্লী অভিমুখে অজিত কুমাৰ ভূঞা ৰাওনা হোৱাৰ কথা আছিল যদিও ক'ৰণা মহামাৰীৰ বাবে বিমোৰত পৰিছে । কিয়নো শপত লৈ অসমলৈ ঘূৰি অহাৰ পিছতে বিধি অনুসৰি হ'ব লাগিব 14 দিনৰ কোৱাৰেন্টাইন । অৱশ্যে 22 জুলাইত শপত গ্ৰহণ নকৰিলে সংসদৰ পৰৱৰ্তী অধিবেশনতো তেওঁ শপত গ্ৰহণ কৰিব পাৰিব ।
একেদৰে বিশ্বজিৎ দৈমাৰীও দুই এদিনতে উৰা মাৰিব দিল্লীলৈ । অৱশ্যে আনগৰাকী সাংসদ ভুৱনেশ্বৰ কলিতা সম্প্ৰতি দিল্লীতে আছে ।
লগতে পঢ়ক : জালুকবাৰীত অগ্নিকাণ্ড: নিমিষতে ছাৰখাৰ 4 টা বাসগৃহ