গুৱাহাটী,১৮ জুন: চীনা সামগ্ৰী বৰ্জন কৰক,চাইনা হায় হায় ধ্বনিৰে বৃহস্পতিবাৰে উত্তাল কৰে শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখভাগ । ভাৰতীয় সেনা জোৱানক শতকোটি প্ৰণাম কৰাৰ লগতে চীনৰ সেনাক লেই লেই ছেই ছেই ধ্বনিৰে প্ৰতিবাদ কৰে ।
ভাৰত ৰক্ষা মঞ্চৰ কাৰ্যালয় সম্পাদক অঞ্জন জ্যোতি বৰুৱাই কয় যে,ভাৰতৰ সৈন্যই চীনৰ হাজাৰ সৈন্যক মাৰিলেও শুদ্ধ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব চীনা চৰকাৰ । লগতে চীনা সামগ্ৰী বৰ্জন কৰি চীনৰ দৰে দেশক বৰ্জন কৰিব লাগে বুলি দাবী কৰে ভাৰত ৰক্ষা মঞ্চৰ কাৰ্য্যালয় সম্পাদক অঞ্জন জ্যোতি বৰুৱাই ।
লগতে চাওকঃ উত্তৰ প্ৰদেশত কোভিড-১৯ৰ শংকাত ৩ ঘণ্টা ধৰি পথৰ দাঁতিত মৃতদেহ