ETV Bharat / city

ভয়াৱহভাৱে হ্ৰাস পাইছে লুইতৰ জলস্তৰ : ধুবুৰীত আবদ্ধ বাংলাদেশমুখী ৫৭খন জাহাজ

author img

By

Published : Feb 8, 2022, 4:02 PM IST

জলস্তৰ হ্ৰাস পোৱা বাবে বাংলাদেশৰ শিলভৰ্তি অৰ্ধশতাধিক মালবাহী জাহাজ ধুবুৰীৰ নদী পথৰ ভিন্ন স্থানত আবদ্ধ হৈ আছে (Water level of brahmaputra river went down) । জাহাজৰ লগত আবদ্ধ হৈ আছে চালকসহ প্ৰায় দুশ বাংলাদেশী কর্মচাৰী । বাংলাদেশ চৰকাৰে বাংলাদেশৰ যমুনা নদীত খনন কাৰ্য চলাইছে যদিও ভাৰত আৰু অসম চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বাংলাদেশ অভিমুখী যাত্ৰাপথত খনন চলোৱা নাই । ব্ৰহ্মপুত্ৰত খনন কাৰ্য চলাই জলপথৰ ব্যৱসায়-বাণিজ্যক নতুন গতি প্ৰদান কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন অভিলাষী পৰিকল্পনাকলৈ প্ৰশ্ন উত্থাপন হৈছে ।

Many ships way for Bangladesh bound in Brahmaputra
ভয়াৱহভাৱে হ্ৰাস পাইছে লুইতৰ জলস্তৰ

গুৱাহাটী, 8 ফেব্ৰুৱাৰী : মহাবাহু ব্ৰক্ষ্মপুত্ৰক লৈ চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ সময়তে ব্ৰক্ষ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ ভয়াৱহভাৱে হ্ৰাস পাব ধৰিছে (Water level of brahmaputra river went down)। জল পৰিবহণ ব্যৱস্থাক সুচল কৰাৰ বাবে চৰকাৰে ব্ৰক্ষ্মপুত্ৰ নদীৰ বিভিন্ন স্থানত খনন কাৰ্য চলাই আছে যদিও বহু ঠাইত এতিয়াও যাতায়াত ব্যৱস্থা সুচল হোৱা নাই । মহাবাহু ব্ৰহ্মপুত্ৰৰ জলন্তৰ অতি ভয়াৱহভাবে হ্ৰাস পোৱাৰ বাবেই বাংলাদেশৰ পৰা অহা ৫৭ খন শিল কঢ়িওৱা জাহাজ ধুবুৰীৰ ভিন্ন স্থানত আবদ্ধ হৈ আছে (Bangladeshi ship stuck in Dhubri) ।

প্ৰচণ্ড শীতৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত বিগত কেইবাদিন ধৰি আবদ্ধ হৈ থকা বাংলাদেশৰ প্ৰায় দুশ জাহাজ চালকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Bangladeshi shipcrew in trouble) । উল্লেখ্য যে, ভূটান, বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিৰ ভিত্তিত বিগত কেইটা বছৰ ধৰি ধুবুৰী জাহাজ ঘাটৰ পৰা বাংলাদেশলৈ শিল ৰপ্তানি আৰম্ভ হৈছে । ধুবুৰীৰ পৰা প্রতিদিনে হাজাৰ হাজাৰ কুইণ্টল শিল নদী পথেৰে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে ।

বিপৰীতে ভাৰত আৰু অসম চৰকাৰে প্ৰতিদিনে বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে ।

কিন্তু বিগত প্ৰায় ২০ দিন ধৰি সম্পূর্ণৰূপে বন্ধ হৈ আছে শিলৰ ৰপ্তানি । ইয়াৰ মূল কাৰণ হৈছে যে, অতি উদ্বেগজনকভাৱে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে ((Rapid decline the water level of Brahmaputra) । যাৰ ফলত ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদী পথত যাত্ৰীবাহী আৰু মালবাহী জাহাজৰ লগতে যন্ত্ৰচালিত নাওৰ চলাচলৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Parliament Budget 2022: প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিব

ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত নদী পথত বন্ধ হৈ পৰিছে সকলোধৰণৰ জাহাজৰ চলাচল । তেনে সময়তে এমাহ পূৰ্বে শিল কঢ়িওৱাৰ বাবে বাংলাদেশৰ পৰা ধুবুৰীৰ জাহাজ ঘাটত উপস্থিত হৈছিল অর্ধশতাধিক মালবাহী জাহাজ । আটাইকেইখন জাহাজত শিল ভৰ্তি কৰাৰ পাচত বাংলাদেশলৈ যাত্ৰা আৰম্ভ কৰে যদিও পানীৰ অংশ যথেষ্ট কমি যোৱাৰ ফলত ধুবুৰীৰ নদী পথৰ ভিন্ন স্থানত অনিৰ্দিষ্ট কালৰ বাবে আবদ্ধ হৈ পৰিছে বাংলাদেশৰ পৰা অহা মালবাহী জাহাজসমূহ ।

ইপিনে জাহাজৰ লগে লগে আবদ্ধহৈ আছে চালকসহ প্ৰায় দুশ বাংলাদেশী কর্মচাৰী । বর্তমান প্ৰচণ্ড শীতৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজত দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হোৱা বাংলাদেশৰ দুশ চালক-কর্মচাৰীসকলে চৰম সংকটৰ সন্মূখীন হ'বলগীয়া হৈছে । ইপিনে বাংলাদেশ চৰকাৰে বাংলাদেশৰ যমুনা নদীত খনন কাৰ্য চলাইছে যদিও ভাৰত আৰু অসম চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বাংলাদেশ অভিমুখী যাত্ৰাপথত খনন চলোৱা নাই । যাৰ ফলত বৰ্তমানৰ সমস্যাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : বিজেপি বিধায়কৰ পদত্যাগ : চিন্তিত নহয় ৰাজ্যিক বিজেপিৰ সভাপতি

উল্লেখ্য যে, চীন আৰু অসম-অৰুণাচল সীমান্তৰ সোৱণশিৰিৰ নদীবান্ধৰ পাচতেই অতি ভয়াৱহভাৱে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাবলৈ ধৰিছে । ক্ৰমাৎ বুকু শুকাই যোৱা ব্ৰহ্মপুত্ৰত খনন চলোৱাৰ কথা বিভিন্ন সময়ত চৰকাৰে উল্লেখ কৰি আহিছে যদিও বাস্তৱত সেয়া সম্ভৱ হৈ উঠা নাই । ব্ৰহ্মপুত্ৰত খনন কাৰ্য চলাই জলপথৰ ব্যৱসায়-বাণিজ্যক নতুন গতি প্ৰদান কৰাৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে যদিও বাস্তৱত সেয়া কিমানদূৰ কাৰ্যকৰী হ'ব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

ইফালে অলপতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাটনাৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া এখন অভ্যন্তৰীণ জলপথ জাহাজ এম ভি লাল বাহাদুৰ শাস্ত্ৰীৰ ফ্লেগ অফ কৰে । পাটনাৰ পৰা যাত্ৰা আৰম্ভ কৰা জাহাজখনে ২০০ মেট্ৰিক টন খাদ্যশস্য কঢ়িয়াই অসমলৈ ৰাওনা হৈছে । গংগা নদীৰ পৰা ইণ্ডো-বাংলাদেশ প্ৰট'কল জলপথ হৈ ব্ৰহ্মপুত্ৰ নদীয়েদি এই পৰিবহণে ২,৩৫০ কিলোমিটাৰ জলপথৰ যাত্ৰা সামৰি ল'ব ।

প্ৰায় ২৫-৩০ দিনৰ যাত্ৰাৰ অন্তত মার্চ মাহৰ প্ৰথমভাগত জাহাজখনে পাণ্ডু বন্দৰত প্ৰৱেশ কৰিব । ৰাষ্ট্ৰীয় জলপথ (এনডব্লিউ-১)ৰ পৰা যাত্ৰা আৰম্ভ কৰা জাহাজখনে ভাগলপুৰ, মণিহাৰী, চাহিবগঞ্জ, ফাৰাক্কা, ত্ৰিবেণী, কলকাতা, হলদিয়া, হেমনগৰ, খুলনা, নাৰায়ণগঞ্জ, চিৰাজগঞ্জ, চিলমাৰী হৈ ব্ৰহ্মপুত্ৰয়েদি ধুবুৰী আৰু যোগীঘোপাৰ মাজেৰে চলাচল কৰি পাণ্ডুত প্ৰৱেশ কৰিব । এই ঐতিহাসিক কৃতিত্বই উত্তৰ-পূৱ ভাৰতৰ সকলো ৰাজ্যৰ বাবে বিকাশৰ এক নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ৰাজীৱ ভৱনলৈ নাযায় নেতা : ভৱনত চলে বাদাম-ভূজিয়াৰ পেকেজিং !

কিন্তু এই আশাৰ মাজতে ব্ৰক্ষ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ হ্ৰাস পোৱা বিষয়টোৱে উদ্বেগৰ সৃষ্টি কৰিছে । উল্লেখ যে, ভাৰত আৰু বাংলাদেশৰ মাজত অভ্যন্তৰীণ জল পৰিবহণ আৰু বাণিজ্যৰ প্ৰট'কলৰ জৰিয়তে দুয়োখন দেশৰ মাজত সামগ্ৰী চলাচলৰ বাবে পাৰস্পৰিক জলপথ ব্যৱহাৰৰ ব্যৱস্থা আছে । ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ক ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ নদী) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক নদী)ৰ সৈতে ইণ্ডো-বাংলাদেশ প্ৰট'কল পথৰ জৰিয়তে সংযুক্ত কৰা হৈছে ।

এই জলপথসমূহেৰে উপযুক্ত চলাচল আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ইণ্ডো-বাংলাদেশ প্ৰট'কল পথৰ দুটা অংশ, অর্থাৎ চিৰাজগঞ্জ-দৈখোৱা আৰু আশুগঞ্জ-জাকিগঞ্জক ৮০:২০ (ভাৰত:বাংলাদেশ) অনুপাতৰ আধাৰত ৩০৫.৮৪ কোটি টকাৰ ব্যয়সাপেক্ষে উন্নীত কৰি থকা হৈছে । তদুপৰি সাত বছৰৰ বাবে (২০১৯-২০২৬ চনলৈ) জলপথছোৱাত প্ৰয়োজনীয় গভীৰতা নিশ্চিত কৰাৰ বাবে ড্ৰেজিঙৰ বাবেও চুক্তি চলি আছে । কিন্তু এই সকলো নিৰ্ভৰ কৰিব ব্ৰক্ষ্মপুত্ৰ নদীৰ অস্তিত্ব ৰক্ষাৰ যোগেদি ।

লগতে পঢ়ক : ৰাজ্যত ক’ভিড বিধিত আৰু কিছু শিথিলতাৰ ইংগিত স্বাস্থ‍্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.