ETV Bharat / city

পূজা: বাংলাদেশৰ পৰা আহি আছে পাঁচ হাজাৰ টন ইলিছ - Tapan Kanti Ghosh

পশ্চিমবংগৰ পূজা আৰু ইলিছ মাছৰ মাজত আছে এক এৰাব নোৱৰা সম্পৰ্ক ৷ এনেয়ে পশ্চিমবংগত ইলিছ মাছৰ চাহিদা সৰ্বাধিক, তাতে পূজাৰ বতৰ ৷ গতিকে পূজাৰ সময়ত বাংলাদেশে ভাৰতলৈ ৰপ্তানি কৰিবলৈ লোৱা এই পাঁচ হাজাৰ টন ইলিছৰো মূল লক্ষ্য হৈছে পশ্চিমবংগৰ বৃহৎ বজাৰখন ৷

Etv Bharatপূজা: বাংলাদেশৰ পৰা আহি আছে পাঁচ হাজাৰ টন ইলিছ

author img

By

Published : Sep 8, 2022, 2:08 PM IST

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: পূজা বুলিলেই যেন সুস্বাদু খাদ্য সম্ভাৰৰ মেলা ! শৰতৰ আগমনৰ লগে লগে আৰম্ভ হয় পূজাৰ ব্যস্ততা ৷ সমানে চলে বিধে বিধে খাদ্যৰ আয়োজন ৷

বিশেষকৈ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত প্ৰায় এমাহ আগৰে পৰাই আৰম্ভ হৈ পৰে পূজাকেন্দ্ৰিক ব্যস্ততা ৷ আপুনি বিস্বাস কৰক বা নকৰক, এইবাৰ পূজা বুলি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে ভাৰতলৈ প্ৰায় পাঁচ হাজাৰ টন সুস্বাদু ইলিছ মাছ ৰপ্তানি কৰিবলৈ সিদ্ধান্ত লৈছে (Hilsa fish export to India from Bangladesh) ৷

পশ্চিমবংগৰ পূজা আৰু ইলিছ মাছৰ মাজত আছে এক এৰাব নোৱৰা সম্পৰ্ক ৷ এনেয়ে পশ্চিমবংগত ইলিছ মাছৰ চাহিদা সৰ্বাধিক, তাতে পূজাৰ বতৰ ৷ গতিকে পূজাৰ সময়ত বাংলাদেশে ভাৰতলৈ ৰপ্তানি কৰিবলৈ লোৱা এই পাঁচ হাজাৰ টন ইলিছৰো মূল লক্ষ্য হৈছে পশ্চিমবংগৰ বৃহৎ বজাৰখন ৷

বাংলাদেশ চৰকাৰৰ জ্যেষ্ঠ বানিজ্য সচিব তপন কান্তি ঘোষে (Bangladesh Senior Commerce Secretary Tapan Kanti Ghosh) এই কথা প্ৰকাশ কৰি কয় যে প্ৰতি বছৰে বাংলাদেশে পূজাৰ সময়ত ভাৰতলৈ বৃহৎ পৰিমাণৰ ইলিছ মাছ ৰপ্তানি কৰে ৷ মূলতঃ পশ্চিমবংগৰ বজাৰখনক লক্ষ্য কৰিয়েই ইয়াক পঠিওৱা হয় (hilsa from Bangladesh went to Kolkata) ৷ যোৱা বছৰ 1,400 টন ইলিছ পূজাৰ বতৰত ভাৰতলৈ বাংলাদেশে পঠিয়াইছিল বুলি তেওঁ জানিবলৈ দিয়ে ৷

এইবাৰ যিহেতু ক'ভিডকেন্দ্ৰিক কোনোধৰণৰ বাধানিষেধ নাই গতিকে মাছ ৰপ্তানিৰ পৰিমানো বৃদ্ধি কৰা হৈছে ৷ যোৱাবাৰ পূজাৰ সময়ত বেনাপুল-পেট্ৰাপুল সীমান্তৰে বাংলাদেশে ক'লকাতালৈ ইলিছ প্ৰেৰণ কৰিছিল ৷ তেওঁ লগতে এই বুলিও জানিবলৈ দিয়ে যে ভাৰতৰ বজাৰত মূলতঃ 700 গ্ৰামৰ পৰা 1,200 গ্ৰাম ওজনৰ ইলিছৰ চাহিদাই সৰ্বাধিক ৷

লগতে পঢ়ক: গুৱাহাটীত ড৹ শৰ্মা-ৰিঅ'ৰ বৈঠক: শান্তি চুক্তি প্ৰসংগত কাইলৈ আলোচনা অমিত শ্বাহৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.