গুৱাহাটী, ১৫ মাৰ্চ: যোৱা ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰায় ৮.৩০ বজাত ছাত্ৰীবাৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । নিজ এপাৰ্টমেণ্টৰ সন্মুখত মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল অৱদেশ যাদৱ নামৰ ব্যৱসায়ীগৰাকীক । অৱশেষত বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে যাদৱৰ হত্যাকাণ্ডৰ এজন প্ৰধান অভিযুক্ত পংকজ কুমাৰক (Awadesh Yadav murder case accused arrested ) ।
বিহাৰৰ বেগুচাৰাই জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পংকজ কুমাৰ নামৰ অভিযুক্তজনক । মহানগৰৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে জনায় যে, বালু পাঁচৱান নামৰ এজনৰ সৈতে ব্যৱসায়ী অৱদেশক হত্যা কৰিবলৈ অসমলৈ আহিছিল ধৃত পংকজ ।
উল্লেখ্য যে, মহানগৰ আৰক্ষীৰ এটা দলে বিহাৰৰ পৰা অভিযুক্ত পংকজক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানলৈ বালু পাঁচৱান নামৰ আনজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । আয়ুক্ত সিঙে জানিব দিয়া মতে, ডব্লিউ যাদৱৰ পৰিকল্পনাত ধনৰ বিনিময়ত দুয়ো গুৱাহাটীত আহি হত্যা কৰিছিল অৱদেশ যাদৱক । ডব্লিউ যাদৱ বৰ্তমান নেপালত আত্মগোপন কৰি থকা বুলি উল্লেখ কৰি সিঙে কয়, লোকেচন গম পালেই নেপাল আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হ’ব ঘটনাৰ মাষ্টাৰ মাইণ্ড ডব্লিউ যাদৱক।
গুৰুত্বপূৰ্ণ কথা যে, ডব্লিউ যাদৱ আৰু অৱদেশ যাদৱৰ পৰিয়ালৰ মাজত থকা দীৰ্ঘদিনীয়া শত্ৰুতা বাবেই এনে ঘটনা সংঘটিত হয় (Murder for family rivalry) । পৰিয়াল দুটাৰ নামত বিহাৰত প্ৰায় ৩০টাকৈ গোচৰ আছে বুলিও সদৰি কৰে আৰক্ষী বিষয়াজনে ৷ উল্লেখ্য যে, ২১ফেব্ৰুৱাৰীৰ নিশা গুলিচালনা কৰি দুই দুৰ্বৃত্তই ঘটনাস্থলীতে মটৰ চাইকেল এৰি পলায়ন কৰিছিল ।
লগতে পঢ়ক : Guwahati gang rape : দলবদ্ধ ধর্ষণৰ ৫ অভিযুক্তৰ ৭ জন আত্মীয়ক গ্ৰেপ্তাৰ