গুৱাহাটী, 15 ডিচেম্বৰঃ আকৌ এখন নতুন নাটকৰ দিশে অগ্ৰসৰ হৈছে অগপ নেতৃত্ব ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মন্ত্ৰীত্ব ত্যাগ কৰাৰ অভিনয় কৰা অগপৰ একাংশ মুধাফুটা নেতৃত্বই আকৌ এবাৰ সাজু হৈছে এখন নতুন নাটক মঞ্চস্থ কৰিবলৈ৷ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক 2019ত ভোটদান কৰি ৰাইজৰ ৰোষত পৰা দলটোৰ মুধাফুটা নেতৃত্বই এতিয়া পুনৰ সংশোধিত আইন খনৰ বিৰোধিতাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা ঘোষণা কৰিছে ৷
দেওবাৰে সংবাদ মাধ্যমৰ উপৰ্যুপৰি প্ৰশ্নত থৰকাচুতি হেৰুওৱা মন্ত্ৰী তথা নেতা অতুল বৰা আৰু কেশৱ মহন্তকে ধৰি ফণিভূষণ চৌধুৰীৰ উপস্থিতিত চূড়ান্ত দলীয় অন্তঃ কন্দলৰ কথাও নিজেই উডঙাই দিয়ে মন্ত্ৰী বৰাই ৷ সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী মহন্ত আৰু বৰাই উদ্ভত যুক্তি দাঙি ধৰি কয় যে, তেঁওলোক হেনো পূৰ্ৱৰ স্থিতিতেই অটল আছে ! 855 গৰাকী চহিদৰ নাম লৈ নিজৰ স্থিতি দোহাৰি কয় যে, NDA ত থকা হেতুকে সাংসদ বীৰেন্দ্ৰ প্ৰদাস বৈশ্যই সদনত উপস্থিত আছিল ৷
উল্লেখ্য যে, ৰাজ্যসভাত ভোটদান কৰা বিষয়টোত নিমাত অগপ নেতৃত্বই পুনৰ পূৰ্ৱৰ স্থিতিত থকা বুলি দৃঢ়তাৰে দাবী কৰে যদিও ৰাজ্যসভাত অগপৰ ভোটদান আৰু এতিয়া পুনৰ সংশোধিত আইনৰ বিৰোধিতাৰে আদালতৰ দ্বাৰস্থ হোৱা যুক্তিয়ে আস্বস্ত কৰিব পৰা নাই অসমবাসীক ৷ উল্লেখ্য যে, বিগত বৰ্ষত মন্ত্ৰীত্ব ত্যাগ কৰি পূৰ্ৱত্তোৰৰ ৰাজ্য চৰকাৰ সমূহক লগত লৈ 2016ৰ বিধেয়ক বিৰোধিতা কৰা অগপ নেতৃত্বই হেনো এইবাৰ কোনো এখন চুবুৰীয়া ৰাজ্যৰ সমৰ্থনেই লাভ নকৰিলে ! অগপৰ ব্যৰ্থতাপূৰ্ণ আৰু স্থিতিহীন অৱস্থিতিৰে আজিৰ এই সংবাদমেলৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক দলটোৰ ভৱিষ্যৎ কোনদিশে গতি কৰে সেয়া লক্ষণীয় হ'ব ৷ কিয়নো, ইতিমধ্যে ৰাজ্যসভাত বিধেয়কৰ সপক্ষে ভোটদানৰ পাছত বহু নেতা কৰ্মীয়ে দলৰ শীৰ্ষ কাণ্ডাৰীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে ৷