ETV Bharat / city

সভাপতি আসনক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অতুল বৰা

author img

By

Published : Sep 10, 2020, 3:27 PM IST

Updated : Sep 10, 2020, 7:20 PM IST

26 আগষ্টত কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতৰ এক নিৰ্দেশ যোগে অগপৰ সাধাৰণ পৰিষদৰ বৈঠক আয়োজনত বাধা-নিষেধ আৰোপ কৰিছিল ৷ কিন্তু আদালতৰ নিৰ্দেশৰ প্ৰতিলিপি লাভ কৰাত পলম হোৱাৰ দোহাই দি 27 আগষ্টত দুপৰীয়া সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰে অগপই ৷ এই বৈঠকতে তদানীন্তন সভাপতি অতুল বৰাক পুনৰ দলটোৰ সভাপতিৰ দায়িত্বভাৰ অৰ্পন কৰা হয় ৷ অগপ নেতৃত্বই সদৰী কৰা অনুসৰি তেওঁলোকে আদালতৰ নিৰ্দেশ লাভ কৰিছিল 12 বজাত ৷ কিন্তু বৈঠক অনুস্থিত হৈছিল 11.45 মিনিটত ৷ কিন্তু অগপ নেতৃত্বই গ্ৰহণ কৰা এই কৌশলী স্থিতিক নস্যাৎ কৰি বৈঠকত কাৰ্যকৰী কৰা সকলোবোৰ সিদ্ধান্তৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰী কৰে দেৱানী আদালতে ৷ কিন্তু নিজৰ আকোৰগোঁজ স্থিতিত অটল অগপ নেতৃত্বই চলে-বলে কৌশলে সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

সভাপতি আসনক লৈ ন্যায়ালয়ৰ দাৰস্থ হ'ব অতুল বৰা

নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ : অনেক হিচাপ-নিকাচ কৰি কৌশলেৰে পুনৰ অসম গণ পৰিষদৰ সভাপতিৰ গাদী দখল কৰিছিল অতুল বৰাই ৷ সভাপতিৰ আসনৰ মোহত যেন বাৰুকৈয়ে মোহাচ্ছন্ন জ্যেষ্ঠ নেতাগৰাকী ৷ কিন্তু অতুল বৰাৰ সকলো আশা-সপোন ভংগ কৰিলে কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতৰ এক নিৰ্দেশে ৷ অগপৰ নৱ গঠিত সমিতিৰ সন্দৰ্ভত স্থগিতাদেশ জাৰী কৰিছিল কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতে ৷ কিন্তু তথাপি হাৰিব খোজা নাই অতুল বৰা ৷ যাৰ বাবেই এইদৰে বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ স্থিৰ কৰিছে অগপৰ জ্যেষ্ঠ নেতা অতুল বৰাই ৷

শেহতীয়াকৈ অনুষ্ঠিত হোৱা অগপৰ সাধাৰণ পৰিষদৰ বৈঠকক অসাংবিধানিক হিচাপে গণ্য কৰি কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতে এক নিৰ্দেশ যোগে স্থগিতাদেশ জাৰী কৰিছিল ৷ অনেক কৌশলেৰে পুনৰ অসম গণ পৰিষদৰ সভাপতিৰ গাদী দখল কৰিছিল জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ কিন্তু বৰাৰ সকলো আশা ভংগ কৰি কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতে এক নিৰ্দেশনা প্ৰদান কৰে ৷

সভাপতিৰ আসনক লৈ জ্যেষ্ঠ অগপ নেতা অতুল বৰা

নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰি ক’ভিডৰ নীতি-নিয়ম মানি গঠন কৰা হৈছিল অগপৰ নতুন সমিতি । আনকি এই নতুন সমিতি গঠনৰ প্ৰতিবেদন দাখিল কৰা হৈছিল নিৰ্বাচন আয়োগক ৷ তাৰ পাচতো আদালতে এই ক্ষেত্ৰত বাধা-নিষেধ আৰোপ কৰাত উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লৈছে অতুল বৰাই ৷ নলবাৰীৰ নিজ পকোৱাত অনুষ্ঠিত জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন পৌৰপতি প্ৰয়াত অকন মল্ল বৰুৱাৰ স্মৃতিচাৰণ সভাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে অতুল বৰাই ।

লগতে পঢ়ক : সভাপতিৰ আসন বিচাৰি উচ্চ ন্যায়ালয়লৈ যাব অতুল বৰা

Last Updated : Sep 10, 2020, 7:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.