গুৱাহাটী,৪ মে': মঙলবাৰে বিয়লি অগপ দলৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ প্ৰথমখন বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয় । অসম বিধানসভাৰ অগপ বিধায়িনী দলৰ সভাকক্ষত দলৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ পৰ্যবেক্ষণত অনুষ্ঠিত হয় এই বৈঠকখন ৷
বৈঠকৰ আৰম্ভণিতে জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে দলৰ সভাপতি অতুল বৰাক বিধায়িনী দলৰ দলপতি, কাৰ্যকৰী সভাপতি কেশৱ মহন্তক উপ দলপতি, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মুখ্য সচেতক আৰু সাধাৰণ সম্পাদক পোনাকণ বৰুৱাৰ নাম সচিব হিচাপে প্ৰস্তাৱ কৰে আৰু সকলোৱে উক্ত প্ৰস্তাৱৰ সমৰ্থন কৰে । উক্ত সভাত অষ্টমবাৰলৈ বিপুল ভোটত জয়যুক্ত হোৱাৰ বাবে ফণীভূষণ চৌধুৰী আৰু নৱ নিৰ্বাচিত প্ৰতিগৰাকী বিধায়কক দলীয়ভাৱে সম্বৰ্ধনা জনোৱা হয় । এই সভাত অগপৰ নৱ নিৰ্বাচিত বিধায়কসকল উপস্থিত আছিল ।
অন্য এক খবৰৰ বাবে: টিহুত মৃগপহু উদ্ধাৰ