গুৱাহাটী, 25 মাৰ্চঃ বিজেপিত যোগদান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অহা টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ ৷ ২০১৬ বৰ্ষৰ বিধানসভাৰ নিৰ্বাচনত নিৰ্দলীয় হিচাপে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি তৃতীয় স্থান লাভ কৰিছিল চেতিয়াই৷ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীতযোগদান কৰে চেতিয়াই৷ অসমৰ জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত বিজেপিত যোগদান কৰাৰ বাবে চেতিয়াক উষ্ম আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে জ্যেষ্ঠ নেতা সকলে ৷
এতিয়া সময় বিজেপিৰ হৈ সংগ্ৰাম কৰাৰ বুলি মন্তব্য কৰি অশ্বিনী চেতিয়াই কয় যে, "বিশ্ব দৰবাৰত অসমীয়া জাতিটো জীয়াই ৰাখিব লাগিব ,অসমৰ জাতীয় সত্তা কেৱল বিজেপি চৰকাৰখনেহে সুৰক্ষিত কৰিব পাৰিব আৰু সেয়ে আজি মই বিজেপিত যোগদান কৰিলো ৷" তাৰোপৰি কেব সন্দৰ্ভত কোনো সঠিক স্থিতি প্ৰকাশ নকৰিলেচেতিয়াই ৷
অনুষ্ঠানত উপস্থিত থাকি এআই ইউ ডি এফ ৰ তিনিখন আসনত প্ৰতিদ্বন্দিতা কৰাক লৈ কটাক্ষকৰি মন্ত্ৰীহিমন্ত বিশ্ব শৰ্মাই কয় যে," কংগ্ৰেছে আজমলৰ স্বাৰ্থত কাম কৰিছে ৷ তেওঁলোক বাংলাদেশীৰ পক্ষত আমি অসমীয়াৰ পক্ষত ৷ তৰুণ গগৈয়ে আজি আজমলৰ ওচৰত নগ্ন ভাৱে আত্মসমৰ্পণ কৰিলে গতিকে তেওঁৰ প্ৰতি মোৰ আগতে যি ধাৰণা আছিল এতিয়াৰ পৰা আৰু নাই ৷"
নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ বিৰোধিতা কৰি জনমানসত ভেটি সবল কৰা আটাছু নেতা গৰাকীৰ গেৰুৱাকৰণক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সংগঠনটোত । ভৱিষ্যত সময়তো অসমীয়া জাতিৰ হৈ কাম কৰি যাব বুলি আশাবাদী সংগঠনৰ সদস্য সকল৷