ETV Bharat / city

ভয়াবহ স্মৃতি লৈ দিল্লী পালেহি অসমৰ আৰু তিনি শিক্ষাৰ্থী

author img

By

Published : Feb 28, 2022, 9:22 PM IST

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ দাবানল(Russia-Ukraine crisis continues)। এই ভয়াবহ পৰিস্থিতিৰ মাজতেই দিল্লী পালেহি অসমৰ আৰু তিনি শিক্ষাৰ্থী (Assamese student studying in Ukraine return to India) ৷ অসম চৰকাৰৰ বিষয়াই দিল্লীত তিনিজন শিক্ষাৰ্থীৰে দায়িত্ব চমজি লৈছে আৰু অসমলৈ পঠিওৱাৰ যো-জা চলাইছে ।

assamese-students-studying-in-ukraine-return-to-india-amid-russia-ukraine-tensions
ভয়াবহ স্মৃতি লৈ দিল্লী পালেহি অসমৰ আৰু তিনি শিক্ষাৰ্থী

গুৱাহাটী, 28 ফেব্ৰুৱাৰী : এটা দুঃস্বপ্নৰ দৰে ভয়ংকৰ কিছু অভিজ্ঞতা লৈ সোমবাৰে বিয়লি দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত ৰক্তৰঞ্জিৎ ইউক্ৰেইন (Russia Ukraine crisis)ৰ পৰা আহি উপস্থিত হয় অসমৰ তিনি গৰাকী শিক্ষাৰ্থী (Assamese student studying in Ukraine returns to India) । এই তিনিজন শিক্ষাৰ্থী ক্ৰমে, শুৱালকুছিৰ দীপশিখা দাস, যোৰহাটৰ প্ৰয়াস শৰ্মা আৰু মৰাণৰ অৱনীশ ফুকন ।

কেন্দ্ৰীয় চৰকাৰৰ বহিঃৰাষ্ট্ৰ মন্ত্ৰনালয়ে চলাই থকা উদ্ধাৰ অভিযানৰ অংশস্বৰূপে অসমৰ এই তিনি গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীক যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি অনা হয় । ইতিমধ্যে অসম চৰকাৰৰ বিষয়াই দিল্লীত তিনিজন শিক্ষাৰ্থীৰে দায়িত্ব চমজি লৈছে আৰু অসমলৈ পঠিওৱাৰ যো-জা চলাইছে ।

লগতে পঢ়ক : Modi Meeting on Ukraine : আজি প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত ইউক্ৰেইন সন্দৰ্ভত উচ্চস্তৰীয় বৈঠক

আনহাতে, সোমবাৰে মাজনিশা বা শেষনিশাৰ ফালে অসমৰ আৰু চাৰি গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী ইউক্ৰেইনৰ পৰা আহি ভাৰত‌ পাবহি বুলি অসম চৰকাৰে ঘোষণা কৰিছে (Assamese students studying in Ukraine to arrive India ) । এই চাৰিগৰাকী শিক্ষাৰ্থী ক্ৰমে, অলিভিয়া ৰাজমেধী, বাস্তৱিকা দাস, ফাৰ্মি নাছৰিণ চুলতানা আৰু কৰীনা বৰা বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে বহিঃ ৰাষ্ট্ৰ মন্ত্ৰনালয়ে ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি অনা অসমৰ‌ শিক্ষাৰ্থীসকলক দিল্লীত থকা বা তাৰ পৰা অসমলৈ পঠিওৱা আদিৰ ব্যৱস্থা কৰিবলৈ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত চৌব্বিশ ঘন্টাই কৰ্মৰত হৈ আছে । ইফালে ইউক্ৰেইনত কমেও অসমৰ এশগৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে (Assamese students in Ukraine) । তেনেক্ষেত্ৰত এই পৰ্যন্ত মাত্ৰ 14 গৰাকীকহে আজি নিশা আহি পাবলগীয়া কেইগৰাকীক ধৰি) উদ্ধাৰ কৰি অনাটো সম্ভৱ হৈছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিব দিয়ে ৷

লগতে পঢ়ক : Russia-Ukraine crisis : ইউক্ৰেইনত আৱদ্ধ ৰঙিয়াৰ মনিষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.