ETV Bharat / city

শ্ৰদ্ধাঞ্জলি কাননত মুক্তি পালে অসমীয়া ছবি 'প্ৰতিঘাত'ৰ গান - new songs of Pratighat released in Shraddhanjali Kanon

মঙলবাৰে শ্ৰদ্ধাঞ্জলি কাননত মুক্তি পালে প্ৰতিঘাত ছবিৰ নতুন গান ৷ অনুষ্ঠানত ছবিখনৰ কলা-কুশলীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

নতুন অসমীয়া ছবি 'প্ৰতিঘাত'ৰ পোষ্টাৰ
author img

By

Published : Oct 30, 2019, 10:50 AM IST

Updated : Oct 30, 2019, 11:36 PM IST

গুৱাহাটী, 30 অক্টোবৰ : 'কাঞ্চনজংঘা' আৰু 'ৰত্নাকৰ'ৰ সফলতাৰ পাচত 6 ডিচেম্বৰত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'প্ৰতিঘাত' । ৰাজদীপৰ কাহিনীৰে নৰেন্দ্ৰ এন চিন্থ আৰু নলিনী ৰয়ৰ প্ৰযোজনাৰে মুকলি পাব লগা প্ৰতিঘাত ছবিৰ পৰিচালনা অচিন্ত শংকৰৰ ৷ মঙলবাৰে শ্ৰদ্ধাঞ্জলি কাননত মুকলি কৰা হয় প্ৰতিঘাত ছবিৰ পোষ্টাৰ,টিজাৰ আৰু তিনিটাকৈ গান। এই অনুষ্ঠানত উপস্থিত থাকে অভিনেতা যতীন বৰা, গৰিমা গাৰ্গ,মঞ্জুলা বৰুৱা,বিশিষ্ট সাংবাদিক গৌতম শৰ্মাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।

অসমীয়া ছবি 'প্ৰতিঘাত'
প্ৰতিঘাতৰ পোষ্টাৰ

ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ আৰু দিগন্ত হাজৰিকাই। এই ছবিত সহযোগী শিল্পী হিচাপে অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া,সিদ্ধাৰ্থ শৰ্মা আৰু ৰত্নাকৰ ছবিৰ শিশু শিল্পী আশ্ৰুমিকা শইকীয়া। প্ৰতিঘাত ছবিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ,অংগৰাগ মহন্ত আৰু দীক্ষুয়ে।

প্ৰতিঘাত সম্পৰ্কত অমৃতা গগৈৰ মন্তব্য

ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা অমৃতা গগৈয়ে ছবিখন সম্পৰ্কত মন্তব্য কৰে যে,নাৰীকেন্দ্ৰিক আৰু বৰ্তমান সময়ত নাৰীৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা প্ৰতিঘাত ছবিখনত দৰ্শকে লাভ কৰিব এক্সন আৰু ৰোমাঞ্চ ৷ শিল্পী দিগন্ত হাজৰিকাইও ছবিখনৰ বিষয়ে কিছু আভাস দিয়াৰ লগতে উপস্থিত দৰ্শকৰ আগত ছবিৰ সংলাপ কয় ৷ ছবিৰ পৰিচালক অচিন্ত শংকৰে ছবিখনৰ আঁৰৰ বহু কথা কোৱাৰ লগতে ছবিখন অসমৰ দৰ্শকে ভাল পাব বুলি আশা প্ৰকাশ কৰে। অংগৰাগ পাপন মহন্তই কন্ঠ দান কৰা 'বেচেৰা এই মন' শীৰ্ষক গীত মুকলি কৰা হয় শ্ৰদ্ধাঞ্জলি কাননৰ অনুষ্ঠানত ।

প্ৰতিঘাত সম্পৰ্কত দিগন্ত হাজৰিকাৰ মন্তব্য

Intro:কাচনজঙ্ঘা আৰু ৰত্নাকৰৰ সফলতাৰ পিছতে এইবাৰ ডিচেম্বৰত আহিব এখন নতুন অসমীয়া ছবি প্ৰতিঘাত। 6 ডিচেম্বৰত মুকলি হব লগা প্ৰতিঘাত ছবি পৰিচলনা কৰিছে অচিন্ত শংকৰে । ৰাজদীপৰ কাহিনীৰে নৰেন্দ্ৰ এন চিন্থ আৰু নলিনী ৰয়ৰ প্ৰযোজনাৰে অতি শীঘ্ৰে আহিব প্ৰতিঘাত ছবি।

Body:মঙ্গলবাৰে শ্ৰদ্ধাঞ্জলি কাননত মুকলি কৰা হয় প্ৰতিঘাত ছবিৰ পোষ্টাৰ , ট্ৰিজাৰ আৰু তিনিটিকৈ গান। এই অনুষ্ঠানত উপস্থিত থাকে অভিনেতা যতীন বৰা , গৰিমা গাৰ্গ, মঞ্জুলা বৰুৱা, বিশিষ্ট সাংবাদিক গৌতম শৰ্মাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি। ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ আৰু দিগন্ত হাজৰিকাই। লগতে এই ছবিত সহযোগী শিল্পী হিচাপে আছে বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মা আৰু ৰত্নাকৰ ছবিৰ শিশু শিল্পী আশ্ৰুমিকা শইকীয়াই। লগতে এই ছবিত কণ্ঠ দান কৰিছে জুবিন গাৰ্গ অংগৰাগ মহন্ত আৰু দীক্ষুয়ে। ছবি খনৰ মূল চৰিত্ৰত অভিনয় কৰা অমৃতা গগৈয়ে কয় যে নাৰীকেন্দ্ৰিক আৰু বৰ্তমান সময়ত নাৰীৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নিৰ্মান কৰা প্ৰতিঘাত ছবি খনত এক্সন, ৰোমাঞ্চৰ লগতে পাব বুলি জানিবলৈ দিয়ে।
bite:-অমৃতা গগৈ।
ছবি খনৰ মূল চৰিত্ৰত অভিনয় কৰা আনজন শিল্পী দিগন্ত হাজৰিকাই জানিবলৈ দিলে ছবিৰ কথা লগতে কলে ছবিৰ সংলাপ।
Bite:- দিগন্ত হাজৰিকা।
ছবিৰ পৰিচালক অচিন্ত শংকৰে ছবিৰ খনৰ আঁৰৰ বহু কথা কোৱাৰ লগতে ছবি খন অসমৰ দৰ্শকে ভাল পোৱাৰ কাৰণো দৰ্শালে।

Conclusion:ৰত্নাকৰৰ ছবিৰ দৰে এইখন ছবিও ব্যৱসায়িক ৰূপত সফল হোৱাৰ লগতে অসমৰ দৰ্শকৰ মন জয় কৰাৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰতিজন বিশিষ্ট ব্যক্তিয়ে। অংগৰাগ পাপন মহন্তই কন্ঠ দান কৰা 'বেচেৰা এই মন' শীৰ্ষক গীত মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি কাননৰ অনুষ্ঠানত।
Last Updated : Oct 30, 2019, 11:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.