ETV Bharat / city

কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনিৰ বিৰোধীতা অসম প্ৰদেশ কংগ্ৰেছৰ - অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী

শনিবাৰে ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে অগ্নিপথৰ বিৰোধীতা কৰি প্ৰতিবাদৰ নামত হিংসাৰ আশ্ৰয় নল’বলৈ অসমৰ যুৱক যুৱতীক আহ্বান জনায় (Assam Pradesh Congress opposes Agnipath Scheme) ।

assam-pradesh-congress-opposes-agnipath-scheme
কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনিৰ বিৰোধীতা অসম প্ৰদেশ কংগ্ৰেছৰ
author img

By

Published : Jun 18, 2022, 8:54 PM IST

গুৱাহাটী, ১৮ জুন: দেশজুৰি নতুন অগ্নিপথ আঁচনিক লৈ ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে (Protest over Agnipath Scheme)। কোনো কোনো ৰাজ্যত এই আঁচনিক লৈ চলা প্ৰতিবাদে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সামন্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনিৰ বিৰোধীতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ।

শনিবাৰে ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে অগ্নিপথৰ বিৰোধীতা কৰি প্ৰতিবাদৰ নামত হিংসাৰ আশ্ৰয় নল’বলৈ অসমৰ যুৱক যুৱতীক আহ্বান জনায় (Assam Pradesh Congress opposes Agnipath Scheme) ।

কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচঁনিৰ বিৰোধীতা অসম প্ৰদেশ কংগ্ৰেছৰ

লগতে দেশত অগ্নিপথ আচঁনিয়ে অগ্নিশিখা সৃষ্টি কৰিব বুলি মন্তব্য কৰি এই আঁচনিয়ে আভ্যন্তৰীণ নিৰপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব বুলি কয় ৰাণা গোস্বামীয়ে । লগতে উত্তৰ পূৱৰ বাবে এই আঁচনি ভয়ানক বুলিও মন্তব্য কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে । লগতে অগ্নিপথৰ জৰিয়তে যিসকলে চাকৰি লাভ কৰিব তেওঁলোকে চাকৰিৰ পৰা অৱসৰ পিছত উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ আশংকা প্ৰকাশ কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে ।

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জনোৱা অনুসৰি অগ্নিপথৰ জৰিয়তে এনেদৰে নিযুক্ত ৭৫ শতাংশ জোৱানে 4 বছৰ পিছত কৰ্ম সংস্থাপন হেৰুওৱাৰ পিছত সেই সকল জোৱানক অসম চৰকাৰে অসম পুলিচত সংস্থাপিত কৰিব ।

পিছে ২০২৩ ত অগ্নিপথৰ জৰিয়তে নিযুক্তি পাই ২০২৬ চনত চাকৰি হেৰুৱা অসমৰ যুৱকসকলক অসম পুলিচত সংস্থাপিত কৰিবলৈ 2026 ত হিমন্ত বিশ্ব শৰ্মা ক'ত থাকিব কোনে জানে, তেওঁৰতো ঠিকনা সলনি হ’ব পাৰে বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

সেয়েহে মুখ্যমন্ত্ৰীয়ে কেবিনেটত সিদ্ধান্ত লৈ চৰকাৰী নটিফিকেচন উলিয়াই প্ৰয়োজন সাপেক্ষে বিধানসভাত আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনায় কাৰ্যকৰী সভাপতিগৰাকীয়ে । লগতে সংবাদমেলখনত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ কথা উল্লেখ কৰি বান, গৰাখহনীয়াক লৈ কংগ্ৰেছে ৰাজনীতি কৰা নায় আৰু কেতিয়াও নকৰে বুলি মন্তব্য কৰে গোস্বামীয় ।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেওঁ কয় যে, মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক সংশ্লিষ্ট ৱাৰ্ডসমূহৰ বানপীড়িত ৰাইজৰ তদাৰকৰ দায়িত্ব অর্পণ কৰিব লাগে । কাৰণ সেইসকল মন্ত্ৰী অঞ্চলটোৰ ভৌগোলিক অৱস্থানৰ সৈতে ভালদৰে পৰিচিত হৈ আছে ৷

লগতে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম ওঁঠৰ আগত থাকিলে নহ'ব, হৃদয়ত থাকিব লাগিব বুলি মন্তব্য কৰি বানপীড়িত লোকক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: অসম ৰাইফলছত ১০ শতাংশ পদ অগ্নিবীৰসকলৰ বাবে সংৰক্ষিত হ'ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.