ETV Bharat / city

আইন অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী - কৰ'ণা ভাইৰাছ

প্ৰশাসনৰ নীতি-নিৰ্দেশনা নমনা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ ইতিমধ্যে বাহন চলাচলৰ ক্ষেত্ৰত প্ৰদান কৰা আইন উলংঘা কৰা লোকৰ পৰাই অসম আৰক্ষীয়ে সংগ্ৰহ কৰিলে প্ৰায় ২ কোটি ৮৪ লাখ ৯২ হাজাৰ ৩৫০ টকাৰ জৰিমনা ৷ গতিকে সাৱধান হওক ঘৰতে থাকক ৷

ETV BHARAT
আইন অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী
author img

By

Published : May 24, 2020, 10:42 AM IST

গুৱাহাটী, 24 মেঃ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো এতিয়া কৰ'ণা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে ৰাইজৰ মাজত ৷ ভয়াবহভাৱে ৰাজ্যত বৃদ্ধি পাইছে ক'ৰণা আক্ৰান্তৰ সংখ্যা ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে এতিয়া তৎপৰতাৰে আগবাঢ়িছে চৰকাৰ প্ৰাশাসনৰ লগতে স্বাস্থ্য বিভাগ ৷ দিনে-ৰাতিয়ে ব্যস্ত হৈ পৰিছে চিকিৎসা কৰ্মীৰ লগতে আৰক্ষী প্ৰাশাসনৰ লোক ৷ আনহাতে তাৰ বিপৰীতে একাংশ লোকে লক ডাউন উলংঘা কৰি অনাই-বনাই ঘুৰি ফুৰা দেখিবলৈ পোৱা গৈছে ৷ তেনে সময়তেই লক ডাউনৰ সময়ত প্ৰশাসনৰ নীতি-নিৰ্দেশনা নমনা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷

আইন অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

উল্লেখ্য যে, কেৱল বাহন চলাচলৰ ক্ষেত্ৰত প্ৰদান কৰা আইন উলংঘা কৰা লোকৰ পৰাই অসম আৰক্ষীয়ে সংগ্ৰহ কৰিলে প্ৰায় ২ কোটি ৮৪ লাখ ৯২ হাজাৰ ৩৫০ টকাৰ জৰিমনা ৷ তাৰোপৰি, জব্দ কৰা হৈছে ২৮,৫০২ খনকৈ বাহন ৷ লগতে গোচৰ ৰুজু হৈছে ২,৪১৩ টা ৷ আটক কৰিছে ৪,৫২৬ জনক ৷ য’ত আছে দুচকীয়া বাহন ২৫,৩৯৫ খন, চাৰিচকীয়া ২,৪১৮ খন ৷ ইয়াৰ উপৰিও দেশীয় নাও ২৩ খন আৰু মেচিন নাও ১১ খন ৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ১৩ মে'ৰ পৰা অসম চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহাৰ ব্যৱস্থা কৰিছিল ৷ ফলস্বৰূপে বিগত ৯ দিনত সমগ্ৰ অসমত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ পৰা সংগ্ৰহ কৰিলে ২৫ লাখ ১৯ হাজাৰ ৫০০ টকা ৷ য’ত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিলে সৰ্বাধিক ৬ লাখ ৫৩ হাজাৰ টকা ৷

লগতে পঢ়ক- সমাগত বাৰিষা,শংকিত নৈপৰীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.