ETV Bharat / city

NCRB ৰ প্ৰতিবেদন: ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম

শেহতীয়াকৈ National Crime Record Bureau ৰ তথ্যত অসমত মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ উদ্বেগজনক কথা প্ৰকাশ পাইছে (NCRB report 2022) । NCRB ৰ শেহতীয়া তথ্য মতে ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে (Assam in second position for rape case) ।

crime against women
crime against women
author img

By

Published : Aug 31, 2022, 7:20 PM IST

Updated : Sep 1, 2022, 4:32 PM IST

গুৱাহাটী, 31 আগষ্ট: অসমত মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে (Crime against women in Assam)। শেহতীয়াকৈ National Crime Record Bureau ৰ তথ্যত অসমত মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ উদ্বেগজনক কথা প্ৰকাশ পাইছে (NCRB report 2022) । NCRB ৰ শেহতীয়া তথ্য মতে ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে (Rape cases in Assam) । ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ দেশৰ ভিতৰত প্ৰথম স্থানত আছে ।

National Crime Record Bureau ৰ তথ্য মতে 2021 চনত অসমত 47 টা ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে (Rape case in Assam in 2021)। তাৰ বিপৰীতে 2021 চনত উত্তৰ প্ৰদেশ 48 টা ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে । উল্লেখ্য যে, National Crime Record Bureau ৰ তথ্য মতে 2020 চনত অসমত 46 টা ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল । ইয়াৰ পৰা দেখা যায় যে অসমত ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা বৃদ্ধি হৈছে ।

NCRB ৰ প্ৰতিবেদন: ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম

National Crime Record Bureau ৰ তথ্য মতে অসমত 2020 চনত মহিলাৰ বিৰুদ্ধে মুঠ 26,352 টা বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে 2021 চনত অসমত মহিলাৰ বিৰুদ্ধে মুঠ 29,046 টা বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত হৈছে । অসমত এটা বছৰত 2500 তকৈ অধিক মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে (Total crime against women in Assam in 2021)।

National Crime Record Bureau ৰ তথ্য মতে অসমত 2021 চনত 563 টা ধৰ্ষণৰ চেষ্টা চলোৱা গোচৰ ৰুজু হৈছিল । আনহাতে অসমত 2021 চনত অসমত মহিলাৰ বিৰুদ্ধে শ্বীলতা হানিৰ 4,511 টা গোচৰ ৰুজু হৈছিল । অসমত স্বামী তথা আত্মীয়ৰ দ্বাৰা বোৱাৰী নিৰ্যাতনৰ ঘটনাও বৃদ্ধি পাইছে । National Crime Record Bureauৰ তথ্য মতে 2020 চনত অসমত স্বামী তথা আত্মীয়ৰ দ্বাৰা বোৱাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ধাৰা 498(A) অধীনত ভাৰতীয় দণ্ডবিধিত 12, 950 টা গোচৰ ৰুজু হৈছিল । আনহাতে, 2021 চনত অসমত বোৱাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ধাৰা 498(A) অধীনত ভাৰতীয় দণ্ডবিধিত 12, 974 টা গোচৰ ৰুজু হৈছে ।

আকৌ NCRB ৰ তথ্য মতে 2020 চনত অসমত মহিলাৰ ওপৰত 7 টা এছিড আক্ৰমণ সংঘটিত হোৱাৰ বিপৰীতে 2021 চনত অসমত মহিলাৰ ওপৰত 9 টা এছিড আক্ৰমণ সংঘটিত হৈছে । অসমত বৃদ্ধি পাইছে মহিলা অপহৰণৰ ঘটনাও । NCRB ৰ তথ্য মতে 2020 চনত অসমত 5,739 টা মহিলাৰ মহিলাৰ অপহৰণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে 2021 চনত অসমত মহিলাৰ ওপৰত 5,866 টা মহিলাৰ অপহৰণৰ ঘটনাও সংঘটিত হৈছে ।

লগতে পঢ়ক: চিকিৎসকে প্ৰসূতিৰ অস্ত্ৰোপচাৰ কৰি পুনৰ গৰ্ভত ভৰাই থ’লে সন্তান

Last Updated : Sep 1, 2022, 4:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.