নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰীঃ আজিৰে পৰা ৰাজ্যত আৰম্ভ হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ৰাজ্যত সৰ্বমুঠ 2,34,809 গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ 772টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা ৷ ইয়াৰ উপৰিও অতিকে দুৰ্গম অঞ্চলত থকা শিক্ষাৰ্থীৰ বাবে 20টাকৈ বিশেষ পৰীক্ষাকেন্দ্ৰও চলিত বৰ্ষৰ স্থাপন কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷ অহা মাৰ্চ মাহৰ 14 তাৰিখলৈ অনুষ্ঠিত হ'ব পৰীক্ষা ৷ ইতিমধ্যে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ এলেকাত জিলা প্ৰশাসনে জাৰী কৰিছে 144 ধাৰা ৷ ৰাজ্যৰ 25টাকৈ সংবেদনশীল পৰীক্ষাকেন্দ্ৰত 23টাকৈ জামাৰ স্থাপন কৰিছে শিক্ষা সংসদে ৷
চলিত বৰ্ষত কলা শাখাত সৰ্বাধিক 1,175,175 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে বিজ্ঞান শাখাত 40,588 গৰাকী আৰু বাণিজ্য শাখাত 18,178 গৰাকী শিক্ষাৰ্থীৰ লগতে 868 গৰাকীকৈ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে বৃত্তিমূখী শাখাত ৷ ইতিমধ্যে পৰীক্ষাকেন্দ্ৰ সমূহত সংস্থাপন কৰা হৈছে চিচিটিভি কেমেৰাকে ধৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছে আৰক্ষীকে ধৰি অৰ্ধসামৰিক বাহিনীৰ দল ৷ ৰাতিপুৱা 9 বজাৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ লগতে আবেলি 1:30 বজাৰ পৰাও পৰীক্ষা অনুষ্ঠিত হ'ব ৷
-
Good luck to all candidates appearing for HS Examination 2020. Your hardwork, efforts and the blessings of your parents & teachers will surely bring success to you all. pic.twitter.com/jabjjONqxO
— Sarbananda Sonowal (@sarbanandsonwal) February 12, 2020 " class="align-text-top noRightClick twitterSection" data="
">Good luck to all candidates appearing for HS Examination 2020. Your hardwork, efforts and the blessings of your parents & teachers will surely bring success to you all. pic.twitter.com/jabjjONqxO
— Sarbananda Sonowal (@sarbanandsonwal) February 12, 2020Good luck to all candidates appearing for HS Examination 2020. Your hardwork, efforts and the blessings of your parents & teachers will surely bring success to you all. pic.twitter.com/jabjjONqxO
— Sarbananda Sonowal (@sarbanandsonwal) February 12, 2020
ইতিমধ্যে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ লগতে অন্যান্য সকলৰ উপস্থিতি দেখা পৰিলক্ষিত হৈছে ৷ পৰীক্ষাৰ্থীসকলৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ছাত্ৰ সংগঠনৰ লগতে অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ উপৰিও বিভিন্নজনে শুভেচ্ছাবাণী প্ৰদান কৰে ৷