নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীক মঙলবাৰে শুভেচ্ছা জ্ঞাপন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে । অসমীয়া ভাষাতেই টুইটাৰ যোগে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যপালগৰাকীয়ে ।
ৰাজ্যপালগৰাকীয়ে ৰাইজক উদ্দেশ্যি কয় যে, পৰিস্থিতি এইবাৰ জটিল । মহামাৰী কৰ'ণাই সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে । এনে সংকটৰ সময়ত সকলো একগোট হৈ যুঁজ দিয়া উচিত । ইফালে লক্ ডাউনৰ নিয়ম ভংগ নকৰাকৈ এইবাৰ হেপাহৰ বিহুটি উদযাপন কৰিবলৈ আহ্বান জনাই ৰাজ্যপাল জগদীশ মুখীয়ে।