ETV Bharat / city

বিভিন্ন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰি পুঁজিৰ অপব্যৱহাৰৰ প্ৰসংগত উত্তাল সদন

author img

By

Published : Dec 22, 2021, 6:03 PM IST

বিজ্ঞাপন আৰু কেবিনেট বৈঠকৰ প্ৰসংগক লৈ বিধানসভাত সৰৱ কমলাক্ষ দে’ পুৰকায়স্থ(Kamalakhya Dey Purkayastha Criticise government) । চৰকাৰে বিজ্ঞাপনৰ নামত পুঁজি ব্যয় কৰি ইতিহাস ৰচিছে বুলি কটাক্ষ বিধায়কগৰাকীৰ । বিত্তীয় অৱস্থা শোচনীয় হৈ থকাৰ সময়ত কেবিনেট বৈঠকৰ নামত ৰাজনৈতিক পৰ্যটন কৰাত মন্ত্রীসকল ব্যস্ত বুলি কটুক্তি কৰে মন্ত্ৰীগৰাকীয়ে ।

Kamalakhya Dey Purkayastha Criticise govt
বিজ্ঞাপন আৰু কেবিনেট বৈঠকৰ প্ৰসংগকলৈ উত্তাল বিধানসভা

গুৱাহাটী, ২২ ডিচেম্বৰ : অসম বিধানসভাৰ শীতকালীন অধিবেশন(Winter session of Assam Assembly)ৰ বুধবাৰে তৃতীয় দিনা সদনত দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ প্ৰসংগ উত্থাপন কৰা হয় । কংগ্ৰেছৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক তথা কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই সদনত উত্থাপন কৰে এই প্ৰসংগ । এই প্ৰসংগক লৈ সদন কিছু উত্তপ্ত হৈ পৰে ।

বিৰোধীৰ এই প্ৰসংগত শাসকীয় দলৰ বিধায়কসকলে কাউন্টাৰ দিব বিচৰাত সদন কিছু উত্তপ্ত হৈ পৰে । উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ কেবিনেট বৈঠক প্ৰতিমাহে বিভিন্ন জিলাত অনুষ্ঠিত কৰাক লৈ বিতৰ্কৰ সূষ্টি হৈছিল । মূলতঃ গুৱাহাটীৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰি ৰাজকোষৰ ধন অপব্যয় (wastage of money from state exchequer) কৰাৰ লগতে ইয়াৰ বাবে বিজ্ঞাপন আদি প্ৰচাৰ কৰি চৰকাৰে ধন অপচয় কৰা বুলি অভিযোগ উঠি আহিছে । সেই অভিযোগক বুধবাৰে সদনত উত্থাপন কৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ(Kamalakhya Dey Purkayastha Criticise government)ই ।

Kamalakhya Dey Purkayastha Criticise govt
কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ

এই প্ৰসংগকলৈ তেওঁ বিধানসভাৰ মজিয়াত কৰ্তন প্ৰস্তাৱত চৰকাৰক সমালোচনা কৰে । তেওঁ বিধানসভাত গুৱাহাটীৰ বাহিৰত অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰসংগত কয় যে পেটৰ তাড়নাত অসমৰ ল’ৰা-ছোৱালীয়ে আন ৰাজ্যলৈ গৈছে । চৰকাৰে সেইবোৰ ৰোধ কৰিব পৰা নাই । চৰকাৰে বিজ্ঞাপনৰ নামত পুঁজি ব্যয় কৰি ইতিহাস ৰচিছে । বিত্তীয় অৱস্থা শোচনীয় হৈ থকাৰ সময়ত কেবিনেট বৈঠকৰ নামত ৰাজনৈতিক পৰ্যটন কৰাত ব্যস্ত মন্ত্ৰীসকল ।

কমলাক্ষ দে’ই কৰ্তন প্ৰস্তাৱত কৰা এই মন্তব্যৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কমলাক্ষ দে’ৰ মন্তব্যৰ উত্তৰ প্ৰদান কৰি কয় যে, কংগ্ৰেছ চহৰমুখী আৰু বিজেপি গাঁওমুখী । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে আমি কাৰো পাকঘৰত কি ৰান্ধিছে চাবলৈ নাযাওঁ । কংগ্ৰেছেহে জুমি ফুৰে কাৰ পাকঘৰত কি ৰান্ধিছে । হিতেশ্বৰ শইকীয়াই বিমান বন্দৰত কেবিনেট বৈঠক পাতিছিল । মুখ্যমন্ত্ৰীয়ে কয় যে, আমাৰ চৰকাৰে চহৰতে সীমাবদ্ধ নাথাকি গাঁৱৰ পৰিৱেশত কেবিনেট বৈঠক পাতিছে ।

লগতে পঢ়ক : Assam assembly winter season : তিনি বছৰত ২৫,৭৬৯.২২ কোটি টকাৰ GST সংগ্রহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.