ETV Bharat / city

সুখবৰ : অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ ২৬,৪৪১ টা পদৰ বিজ্ঞাপন - assam government jobs 2022

এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ ৰাজ্য চৰকাৰৰ । শনিবাৰে অসম চৰকাৰে প্ৰকাশ কৰিছে দুটাকৈ বিজ্ঞাপন । সবিশেষ এই প্ৰতিবেদনত ৷

Assam Government’s Largest Appointment
অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ ২৬,৪৪১ টা পদৰ বিজ্ঞাপন
author img

By

Published : Mar 26, 2022, 1:55 PM IST

Updated : Mar 27, 2022, 7:07 AM IST

গুৱাহাটী, ২৬ মাৰ্চ : ৰাজ্যৰ নিবনুৱাসকলৰ বাবে সুখবৰ । অসম চৰকাৰে মুকলি কৰিছে বৃহৎ নিযুক্তিৰ বিজ্ঞাপন (Assam Government’s Largest Appointment) । ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্ৰসংগক লৈ চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে অসম চৰকাৰে প্ৰকাশ কৰিলে নিযুক্তিৰ বিজ্ঞাপন । অসম ৰাজ্যিক নিয়োগ আয়োগে (Assam State Recruitment Commission) শনিবাৰে দুখনকৈ চাকৰি সম্পৰ্কীয় জাননী প্ৰকাশ কৰিছে ।

এই জাননীৰ জৰিয়তে মুঠ ২৬,৪৪১ টা পদ পূৰণৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন ৷ এই ২৬ হাজাৰৰো অধিক পদৰ ভিতৰত তৃতীয় বৰ্গৰ পদৰ সংখ্যা ১৩,১৪১ টা আৰু চতুৰ্থ বৰ্গৰ পদৰ সংখ্যা ১৩,৩০০ টা । প্ৰকাশিত বিজ্ঞাপন অনুসৰি, তৃতীয় বৰ্গৰ পদৰ বাবে প্ৰাৰ্থীসকল উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব । ইয়াৰ উপৰিও তেওঁলোক কম্পিউটাৰ শিক্ষাৰ ডিপ্ল’মা গ্ৰহণ কৰা হ’ব লাগিব । অৰ্থাৎ প্ৰাৰ্থীসকলৰ ছয়মহীয়া কম্পিউটাৰ শিক্ষাৰ চাৰ্টিফিকেট থাকিব লাগিব ।

Assam Government’s Largest Appointment
অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ ২৬,৪৪১ টা পদৰ বিজ্ঞাপন

আনহাতে একাংশ পদৰ বাবে প্ৰাৰ্থী কেৱল বিজ্ঞান শাখাৰ হ’ব লাগিব । তৃতীয় বৰ্গৰ পদসমূহৰ ভিতৰত আছে একাউটেণ্ট, কেচিয়াৰ, জুনিয়ৰ এছিচটেণ্ট, এল ডি এ আৰু ষ্টেন’গ্ৰাফাৰ । এইক্ষেত্ৰত মুঠ পদ আছে ৮,৩৩১ টা । এই পদসমূহৰ বাবে স্নাতক ডিগ্ৰীৰ উপৰিও ছয় মাহৰ কম্পিউটাৰ শিক্ষাৰ চাৰ্টিফিকেট থাকিব লাগিব ।

ফিল্ড এচিচটেণ্ট, ফিল্ডমেন, ফ'ৰমেন, চেকশ্যন এছিচটেণ্ট, চইল কনজাৰভেশ্যন, ফিল্ড ৱাৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ মুঠ পদ আছে ৩,৬৯০টা । এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা নিৰ্ধাৰণ কৰা হৈছে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ । অৱশ্যে ইয়াৰে কিছু সংখ্যক পদৰ বাবে প্ৰাৰ্থী বিজ্ঞান শাখাৰ হোৱাটো বাঞ্চনীয় । চতুৰ্থ বৰ্গৰ বাবে শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী আৰু মেট্ৰিক উত্তীৰ্ণ নিৰ্ধাৰণ কৰা হৈছে ।

অষ্টম শ্ৰেণীৰ উত্তীৰ্ণৰ বাবে মুঠ খালী পদ আছে ৯০০০ টা । মেট্ৰিক উত্তীৰ্ণৰ বাবে পদ আছে ৪,৩০০টা । ড্ৰাইভাৰ পদ আছে ১,১২০ টা । ড্ৰাইভাৰ পদৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ উপৰিও প্ৰাৰ্থীৰ গাড়ী চলোৱাৰ বৈধ অনুজ্ঞাপত্ৰ থকাটো বাঞ্চনীয় । উল্লেখ্য যে, এই পদসমূহৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব ।

অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ১১ এপ্ৰিলৰ পৰা । আনহাতে, আবেদন প্ৰক্ৰিয়াৰ অন্ত পৰিব ৩০ মে’ত । প্ৰতিটো পদৰ বাবে আবেদন মাচুল নিৰ্ধাৰণ কৰা হৈছে । সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ লগতে অ'বিচি, এমঅ'বিচি অন্তৰ্গত প্ৰাৰ্থীসকলে ৩৫০ টকাকৈ মাচুল পৰিশোধ কৰাৰ লগতে এছটি আৰু এছচি প্ৰাৰ্থীয়ে ২৫০ টকাকৈ মাচুল পৰিশোধ কৰিব লাগিব ।

লগতে পঢ়ক : পাঁচদিনত চতুৰ্থবাৰলৈ বৃদ্ধি পে’ট্ৰল-ডিজেলৰ মূল্য

Last Updated : Mar 27, 2022, 7:07 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.