ETV Bharat / city

Assam Cabinet Decisions: নগাঁও-কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৩০৮.৭৫ কোটি টকা মুকলি

author img

By

Published : May 3, 2022, 6:29 PM IST

Updated : May 3, 2022, 6:52 PM IST

অসম ৰাজ্যিক কেবিনেটে মঙলবাৰে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ চাৰিলেনযুক্ত দলঙৰ বাবে ৩,১৯৭ কোটি টকাৰ অনুমোদন । আছাম ইনলেণ্ড ৱাটাৰ ৱেজ কোম্পানী লিমিটেড গঠন । গুৱাহাটীৰ নদীঘাটৰ আন্তঃগাঁঠনি উন্নত কৰাৰ বাবে ২৮৯.৪৫ কোটি টকাৰ অনুমোদন । নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে মোকলাই দিলে ৩০৮.৭৫ কোটি টকা । ১০০ জনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি এসপ্তাহৰ ভিতৰত পূৰণৰ লক্ষ্য । মহাৰাষ্ট্ৰত নিৰ্মাণ হ'ব অসম কমপ্লেক্স (Assam complex in Maharastra)।

ৰাজ্যিক কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী,৩ মে':মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে জনতা ভৱনত ৰ‍াজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় (Assam cabinet decisions)। বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে ।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰধানমন্ত্ৰী গৃহ নিৰ্মাণ যোজনাত পূৰ্বৰ ২ লাখ টকাৰ উপৰি এতিয়া অতিৰিক্তভাৱে ১০ হাজাৰ টকাকৈ দিয়া হ'ব (New fund for PMAY scheme)। আঁচনিখন সম্পূৰ্ণ হোৱাৰ স্বাৰ্থত ৩০ হাজাৰ টকা আগধন দিয়া হ'ব । ১,১৬,৩৮০ গৰাকী লোকৰ নিৰ্মিয়মান অৱস্থাত থকা ঘৰৰ বাবে অতিৰিক্তভাৱে ১০ হাজাৰকৈ টকা দিয়া হ'ব । মূল্যবৃদ্ধিৰ বাবে অতিৰিক্ত এই ধন দিয়া হৈছে ।

কেবিনেটে শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ ৪.০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলঙৰ (Palashbari Sualkuchi connecting bridge) বাবে ৩,১৯৭ কোটি টকাৰ প্ৰশাসনিক অনুমোদন দিয়ে । ইয়াৰ লগে লগে দ্ৰুতগতিত দলংখনৰ কাম কৰা হ'ব । আনহাতে নৌ পৰিবহন সেৱা উন্নিতকৰণ আৰু সুৰক্ষিত কৰাৰ বাবে আছাম ইনলেণ্ড ৱাটাৰ ৱেজ কোম্পানী লিমিটেড নামৰ এটা নতুন কোম্পানী কৰা হৈছে (Assam inland waterways company limited) । ইয়াৰ অধ্যক্ষ হ'ব মুখ্যমন্ত্ৰী আৰু উপাধ্যক্ষ হ'ব ৰাজ্যৰ পৰিবহন মন্ত্ৰীগৰাকী ।

সেইদৰে গুৱাহাটীৰ নদীঘাটৰ আন্তঃগাঁঠনি উন্নত কৰাৰ বাবে ২৮৯.৪৫ কোটি টকাৰ অনুমোদন জনোৱা হৈছে । বিশেষকৈ গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী ব্যৱস্থা উন্নত কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব ।

আনহাতে নগাঁও আৰু কাছাৰ কাগজ কলৰ ক্ষেত্ৰত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি কৰ্মচাৰীসকলৰ বাবে অতিৰিক্তভাৱে পাবলগীয়া ৩০৮.৭৫ কোটি টকা আজিৰ কেবিনেটে মোকলাই দিয়ে । লগতে ১০০ জনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি এসপ্তাহৰ ভিতৰত পূৰণ কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে । কেবিনেটে ধেমাজি, বঙাইগাঁও, গোলাঘাট আৰু মৰিগাঁৱৰ চাৰিখন মেডিকেল কলেজ নিৰ্মাণৰ বাবে ৫০০ কোটি টকাকৈ ২০০০ কোটি টকাৰ প্ৰশাসনিক অনুমোদন দিয়ে ।

অসম চৰকাৰ আৰু টাটা টেকন'লজী লিমিটেডৰ মাজত হোৱা চুক্তি অনুসৰি ৩৪ খন প'লিটেকনিক আৰু ৪৩ খন আই টি আইক উৎকৃষ্ট কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব । ইয়াৰ পৰা প্ৰতিবছৰে ২০ হাজাৰ যুৱক-যুৱতীয়ে দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰিব আৰু লগতে সংস্থাপন লাভ কৰিব । ইয়াৰ বাবে ধাৰ্য কৰা ২,৩৯০ কোটি টকা আজিৰ কেবিনেটে অনুমোদন জনায় ।

আনহাতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি মহাৰাষ্ট্ৰত এটা অসম কমপ্লেক্স নিৰ্মাণ কৰা হ'ব । ৰায়গড় জিলাৰ টিৱাৰে গাঁৱত হ'ব এই অসম কমপ্লেক্স । ইয়াৰ বাবে গঠন কৰা হ'ব এখন কমিটি ।

লগতে পঢ়ক : 9 মে’ত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : May 3, 2022, 6:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.