ETV Bharat / city

ৰাজ্যত বানৰ কৱলত 20 খন জিলাৰ প্ৰায় 11 লাখ লোক

ৰাজ্যৰ 20 খন জিলাৰ 49 টা ৰাজহ চক্ৰ এতিয়াও বানৰ কৱলত ৷ বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 11,16,825 লাখ লোক ৷ মঙলবাৰৰ দিনটোত পুনৰ বানত মৃত্যু হয় 4 জন লোকৰ(Assam Flood 2022) ৷

assam-floods-11-lakh-remain-affected-total-deaths-reach-184
ৰাজ্যত বানৰ কৱলত 20 খন জিলাৰ প্ৰায় 11 লাখ লোক
author img

By

Published : Jul 6, 2022, 11:55 AM IST

Updated : Jul 6, 2022, 5:18 PM IST

নিউজ ডেস্ক, 6 জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ মঙলবাৰে পুনৰ ৰাজ্যখনত বানত দুটি শিশুসহ চাৰিজন লোকৰ মৃত্যু হয় । ইয়াৰ লগতে বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হৈছেগৈ 184 জন । এতিয়াও ৰাজ্যৰ 20 খন জিলাৰ 49 টা ৰাজহ চক্ৰৰ প্ৰায় 1,024 খন গাঁও বানৰ কৱলত আছে ৷ বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 11,16,825 লাখ লোকৰ(11 lakh people affected in Assam flood) লগতে 29,781.23 হেক্টৰ কৃষিভূমি ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷

ৰাজ্যখনৰ বজালী, বৰপেটা, বিশ্বনাথ, কাছাৰ, চিৰাং, দৰং, ডিব্ৰুগড়, ডিমা-হাচাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, কামৰূপ, কামৰূপ (মেট্ৰ’), কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কৱলত আছে ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা দুৰ্গতসকলৰ সাহায্যৰ্থে 15 খন জিলাত মুঠ 383 টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে, য'ত 44,190 টা শিশুসহ মুঠ 1,48,122 জন লোকে আশ্ৰয় লৈছে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে কাছাৰ জিলা ৷ জিলাখনত প্ৰায় 6.31 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷ কাছাৰৰ পাছতেই আছে ক্ৰমে নগাঁও (2,32,863) আৰু মৰিগাঁও(1,64,912) জিলা ৷ আনহাতে ধেমাজি, হাইলাকান্দি, লখিমপুৰ, মৰিগাঁও, তিনিচুকীয়া, ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে গৰাখহনীয়া ৷

লগতে পঢ়ক : Assam Flood : চলিত বৰ্ষৰ দুটা বানত ৰাজ্যৰ 11 খন জিলাত সৰ্বাধিক ক্ষতি

Last Updated : Jul 6, 2022, 5:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.