গুৱাহাটী, 3 জুলাই : ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সমান্তৰালকৈ বানৰ বিভীষিকা ৷ বৰ্তমানলৈকে বানত মৃত্যু হৈছে 34 জন লোকৰ ৷ এতিয়াও ৰাজ্যখনৰ 22 খনকৈ জিলা জলমগ্ন হৈ আছে ৷ বৃহস্পতিবাৰে গোৱালপাৰাত এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ পূৰ্বে বুধবাৰে ধুবুৰীত 1 জন,নগাঁৱত 1 জন,বৰপেটাত 3 জন আৰু নলবাৰীত 1 জন লোকৰ মৃত্যু হৈছিল ৷
অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা প্ৰকাশিত তথ্য মতে, এই পৰ্যন্ত বানত প্ৰভাৱিত হৈছে প্ৰায় 16,03,255 লাখ লোক ৷ আনহাতে প্ৰায় 2053 খন গাঁও এতিয়াও পানীৰ কৱলত৷ অৱশ্যে পূৰ্বৰ তুলনাত কিছু-কিছু জিলাত পৰিস্থিতি সামান্যলৈ ঘূৰি আহিছে ৷ বৰ্তমানেও বানৰ কৱলত থকা জিলা কেইখন হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, চিৰাং, দৰং, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ’, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং ৷ বান প্ৰভাৱিত জিলা সমূহত জিলা প্ৰশাসনে মুঠ 163 টাকৈ আশ্ৰয় শিবিৰ মুকলি কৰিছে ৷ ইয়াৰে ভিতৰত 70 টা হৈছে সাহাৰ্য বিতৰণ কেন্দ্ৰ ৷ এই বানৰ ফলত কৃষিভূমিৰো বিস্তৰ ক্ষতিসাধন হৈছে ৷ বৰ্তমানলৈকে 72,717,98 হেক্টৰ কৃষি ভূমি নষ্ট হৈছে ৷
আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,ওৰাং ৰাষ্ট্ৰীয় উদ্যান,পবিতৰা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ বিভীষিকা অব্যাহত আছে ৷ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বৃহৎ অংশ এতিয়া জলমগ্ন ৷
লগতে চাওক-কোভিড-19 : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা