ETV Bharat / city

স্থবিৰ হৈ পৰিব ৰাজ্যৰ দন্ত চিকিৎসা সেৱা !

author img

By

Published : Oct 20, 2021, 10:23 PM IST

চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিব ৰাজ্যৰ দন্ত চিকিৎসক সকল । 22 অক্টোবৰত সম্পূৰ্ণ ৰূপে বন্ধ থাকিব দন্ত চিকিৎসাৰ OPD সেৱা । ২৬,২৭ আৰু ২৮ অক্টোবৰতো সম্পূৰ্ণ বন্ধ থাকিব দন্ত OPD সেৱা । ১,২ আৰু ৩ নৱেম্বৰতো সম্পূৰ্ণ ৰূপে বন্ধ থাকিব দন্ত OPD সেৱা ।

assam dental service association
assam dental service association

গুৱাহাটী, ২০ অক্টোবৰ : অসম চিকিৎসা সেৱা সন্থাৰ পিছত চৰকাৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে ৰাজ্যৰ দন্ত চিকিৎসক সকল । ৭ টাকৈ দাবী পূৰণ নকৰাৰ বাবে বুধবাৰে গুৱাহাটীৰ আমছা ভৱনত এক সংবাদমেল যোগে এই প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰে সন্থাৰ সভাপতি ডাঃ দিলীপ কুমাৰ শইকীয়াই । সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, পদোন্নতিৰ ব্যৱস্থা কৰা, দন্ত চিকিৎসকৰ পদৰ সংখ্যা বৃদ্ধি কৰা , Time scale ৰ কাৰ্যকৰীকৰণ কৰা, দন্ত চিকিৎসকৰ পদ সমূহ শীঘ্ৰে পূৰণ কৰাকে ধৰি মুঠ সাতটা দাবী সমাধানৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ।

স্থবিৰ হৈ পৰিব ৰাজ্যৰ দন্ত চিকিৎসা !

লগতে তেওঁ কয় যে, ‘‘পদোন্নতিৰ কাৰণে ২০০৭ চনৰ পৰা বহুবাৰ চৰকাৰক স্মাৰক পত্ৰ দি ফল নোপোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছোঁ । উচ্চ ন্যায়ালয়ে ২০১০ চনত আমাৰ সপক্ষে ৰায়দান কৰি দন্ত চিকিৎসক সকলক পদোন্নতিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ।’’ সেই নিৰ্দেশ পাই চৰকাৰেও পদোন্নতিৰ চৰকাৰী প্ৰক্ৰিয়া আৰম্ভ কৰে । কিন্তু অতি পৰিতাপৰ কথা যে সুদীৰ্ঘ ১২ বছৰে চিকিৎসক সকলৰ পদোন্নতিৰ কামটো শীৰ্ষ আমোলা বিষয়াৰ গাফিলতিৰ বাবে নোহোৱাৰ অভিযোগ উত্থাপন কৰে ।

আনহাতে তেওঁ কয় যে বৰ্তমান অসম চৰকাৰৰ বিভিন্ন চিকিৎসালয়ত মঞ্জুৰীপ্ৰাপ্ত দন্ত চিকিৎসকৰ পদ ১৩০ টা । তাৰ বিপৰীতে বৰ্তমান ৮৫ গৰাকী দন্ত চিকিৎসক কৰ্মৰত হৈ আছে আৰু বাকী পদবোৰ খালী আছে । আঢ়ৈ লাখ জনসংখ্যাৰ বিপৰীতে বৰ্তমান এজন দন্ত চিকিৎক আছে; কিন্তু চৰকাৰী হিচাপ মতে ৫ হাজাৰ জনসংখ্যাৰ বিপৰীতে এজন চিকিৎসক থাকিব লাগে । সেয়েহে দন্ত চিকিৎসকৰ পদৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে খালী পদসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ দাবী জনায় সংবাদমেলত ।

উল্লেখ্য যে, 22 অক্টোবৰত সম্পূৰ্ণ ৰূপে বন্ধ থাকিব দন্ত চিকিৎসাৰ OPD সেৱা । ২৬,২৭ আৰু ২৮ অক্টোবৰতো সম্পূৰ্ণ বন্ধ থাকিব দন্ত OPD সেৱা । ১,২ আৰু ৩ নৱেম্বৰতো সম্পূৰ্ণ ৰূপে বন্ধ থাকিব দন্ত OPD সেৱা । জৰুৰীকালীন সেৱাক ৰেহাই দিয়া হ’ব প্ৰতিবাদী কাৰ্যসূচীৰ পৰা । পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত সাধাৰণ সভাত সিদ্ধান্ত লোৱা হ’ব ।

লগতে পঢ়ক : সোৱণশিৰি নদীত মাছমৰীয়াৰ জালত লাগিল ১ কুইণ্টল ২১ কেজি ওজনৰ মাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.