গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে বিজেপিৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দিল্লীৰ বিভিন্ন প্ৰান্তত অসমীয়া লোকৰ বসতি প্ৰধান অঞ্চলসমূহৰ উপৰিও আন কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত কাইলৈ তেওঁ অংশগ্ৰহণ কৰিব । দিল্লীত এই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোমবাৰে (আজি) নিশা ৮ বজাত মুখ্যমন্ত্ৰী সোণোৱাল গুৱাহাটীৰ পৰা দিল্লী অভিমুখে ৰাওনা হ'ব ।
উল্লেখ্য যে, অহা 8 ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ৷ সৰ্বমুঠ 70খন আসনযুক্ত দিল্লী বিধানসভা নিৰ্বাচনত সমগ্ৰ দেশৰে দৃষ্টি নিৱদ্ধ থাকিব ৷ ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিজৰ কাম-কাজলৈ লক্ষ্য কৰি জনসাধাৰণক ভোট দিবলৈ আহ্বান জনোৱাৰ বিপৰীতে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিভিন্ন পন্ঠা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ অহা 11 ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ৷