ETV Bharat / city

আদাবাৰীত অত্যাধুনিক সা-সুবিধাযুক্ত অটল উদ্যান মুকলি - অত্যাধুনিক সা-সুবিধা প্ৰযোজ্য উদ্যান মুকলি

গুৱাহাটীৰ ১৫ খন উদ্যান পৰিচালনা সমিতিক বিত্তীয় সাহাৰ্যৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ । ২০২৩ চনৰ ভিতৰত মুকলি কৰা হ'ব ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰ চৌহদৰ উদ্ভিদ উদ্যানখন । গুৱাহাটীৰ চাৰিওটা সমষ্টিতে ইনড'ৰ ষ্টেডিয়াম, ছুইমিং পুল, ক্ৰীড়া কমপ্লেক্স নিৰ্মাণৰ পৰিকল্পনা চৰকাৰৰ ।

Assam CM Inaugurate Newly Constructed Adabari Park
মহানগৰীৰ আদাবাৰীত অত্যাধুনিক সা-সুবিধা প্ৰযোজ্য উদ্যান মুকলি
author img

By

Published : Dec 25, 2021, 6:32 AM IST

গুৱাহাটী, 25 ডিচেম্বৰ : গুৱাহাটী মহানগৰীত সংযোজন হ'ল আৰু এখন অত্যাধুনিক উদ্যানৰ । মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উদ্যোগত গুৱাহাটীৰ আদাবাৰীত স্থাপন কৰা 'অটল উদ্যান'খন শুকুৰবাৰে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Assam CM Inaugurate Newly Constructed Adabari Park) ই ৷ প্ৰায় ৮.৭৪ কোটি টকা ব্যয়েৰে নিৰ্মিত উদ্যানখনে ৮ বিঘা এলেকা সামৰি লৈছে । উদ্যানখনত ২৫০জনীয়া আসনযুক্ত এম্ফিথিয়েটাৰ, ধ্যান ভৱন, মুকলি ব্যায়ামাগাৰ, শিশুৰ খেলা-ধূলাৰ সুবিধাকে ধৰি বহু অত্যাধুনিক সুবিধা উপলব্ধ কৰা হৈছে ।

assam-cm-inaugurate-newly-constructed-adabari-park
অটল উদ্যান মুকলি

এই উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ১৫খন উদ্যান পৰিচালনা সমিতিক বিত্তীয় সাহাৰ্যৰ চেক বিতৰণ কৰে । মুখ্যমন্ত্ৰীয়ে স্থানীয় ৰাইজক বিশেষকৈ মহিলাসকলক এই উদ্যানসমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ল'বলৈ আৰু শিশু-কিশোৰ তথা যুৱক-যুৱতীসকলক উৎপাদনশীল কাৰ্যকলাপত নিয়োজিত কৰাৰ বাবে এই স্থানসমূহ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায় । তেওঁ হেঙেৰাবাৰীত নিৰ্মীয়মান উদ্যানখনো শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ লগতে ২০২৩ চনৰ ভিতৰত ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ চৌহদৰ উদ্ভিদ উদ্যানখনো মুকলি কৰা হ'ব বুলি অনুষ্ঠানত জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, এই উদ্যানকেইখনৰ সৈতে গুৱাহাটীত ৫ খন ডাঙৰ উদ্যান নিৰ্মাণ হৈ উঠিব । সকলো চৰকাৰী কাৰ্যালয় লখৰাৰ এক সংহত সঞ্চালকালয় পৰিসৰলৈ স্থানান্তৰ কৰি খালী হোৱা কাৰ্যালয় চৌহদত উদ্যান স্থাপনৰ প্ৰক্ৰিয়াও অব্যাহত ৰখাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । আনহাতে গুৱাহাটীত চলি থকা সকলো ফ্লাই অভাৰ প্ৰকল্প নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ২০২৩ চনৰ ভিতৰত গুৱাহাটী-উত্তৰ গুৱাহাটী দলং(Guwahati-North Guwahati bridge) সম্পূৰ্ণ কৰাকে ধৰি অন্যান্য মুখ্য আন্তঃগাঁথনি প্ৰকল্পসমূহো পাইপলাইনত আছে বুলি জানিবলৈ দিয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰে গুৱাহাটীৰ চাৰিওটা সমষ্টিতে ইনড'ৰ ষ্টেডিয়াম, ছুইমিং পুল, ক্ৰীড়া কমপ্লেক্স নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰাৰ কথা সদৰি কৰে । অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, সাংসদ কুইন ওজা আৰু জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপৰি ভালেসংখ্যক চৰকাৰী বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : চৰকাৰক শ্বেতপত্ৰ প্ৰকাশৰ দাবী অসম জাতীয় পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.