গুৱাহাটী 16 মাৰ্চ: ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰথমখন পুৰ্ণাংগ বাজেট আজি দাখিল কৰা হ'ল অসম বিধানসভাৰ মজিয়াত(Assam Budget For FY 2022-23 Presented) । বিয়লি তিনি বজাৰ পৰা বিধান সভাৰ মজিয়াত বিত্ত মন্ত্ৰী অজন্তা নেওগে পাঠ কৰে প্ৰায় দুই ঘন্টা পোন্ধৰ মিনিট যোৰা বাজেট ভাষণ ।
অজন্তা নেওগৰ এই বাজেটত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছে ২৮৩৪৯৪.৬৪ কোটি । বাজেট প্ৰাককলন অনুসৰি এই বিত্তীয় বৰ্ষটোত একত্ৰীকৃত নিধিত মুঠ ১,১৯,০২৭.৯৫ কোটি টকা প্ৰাপ্তি সম্ভৱ হৈ উঠিব । ইয়াৰে ৰাজহ শিতানৰ পৰা ৯৬,৩৭৪.৫৯ কোটি আৰু মুলধন শিতানৰ পৰা ২৩,৬৭৩.৭১ কোটি সংযোজিত হ'ব ।
বিত্ত মন্ত্ৰী গৰাকীয়ে বাজেট প্ৰাককলনত উল্লেখ কৰা মতে, বছৰটোত হোৱা প্ৰাককলিত লেনদেনৰ বাবদ আনুমানিক ৪২০.১৪ কোটি টকা ৰাহি হ'ব । ইয়াৰ লগত বছৰটোৰ আৰম্ভণি ঘাটি ১,০২০ কোটি ধৰাৰ পিছত ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমান হ'ব ৬.৩৪ কোটি টকা ।
উল্লেখযোগ্য যে বিত্ত মন্ত্ৰী অজন্তা নেওগে আজিৰ বাজেট ভাষণত উল্লেখ কৰে যে ক‘ভিড কেন্দ্ৰীক অৰ্থনৈতিক অচলাৱস্থাৰ মাজতো ৰাজ্য চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষটোত মুঠ ১৪,৪৭০ কোটি টকা বানিজ্যিক কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । আনহাতে, তেওঁ কৰা দাবী মতে ২০২০-২১ বৰ্ষৰ তুলনাত ৰাজ্যিক গড় ঘৰুৱা উৎপাদন( জি এছ বি পি) ১৩.৮৯ শতাংশ আছিল, যি কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বৰ্তমানত আছিল অতি লক্ষনীয় সফলতা । উল্লেখ্য যে এইবাৰৰ এই বাৰ্ষিক বাজেটত নাগৰিকৰ ওপৰত কোনো অতিৰিক্ত কৰ জাপি দিয়া হোৱা নাই ।
কৃষি, উদ্যোগ, বানিজ্য, শিক্ষা, স্বাস্থ্য, যুৱ বিকাশ, যোগাযোগৰ আন্তঃগাথঁনি, ক্ৰীড়া, মহিলাৰ সবলীকৰণ, ৰাজহ ব্যৱস্থাপনা, ষষ্ঠ অনুসূচী অধীনস্থ অঞ্চল, সমবায়, এক্ট ইষ্ট নীতি, জলবায়ু পৰিবৰ্তন কেন্দ্ৰীক একশ্বন প্লেন, আন্ত: ৰাজ্যিক সীমাৰ উন্নয়ন আদিক সামৰি এই বাজেটে সম্পদৰ ভিতৰত কৰিছে কেইবাখনো ধ্বজাবাহী আঁচনি আৰু সংশ্লিষ্ট বিভাগৰ সমূহৰ জড়িয়তে ।
তথ্য অনুসৰি এই বাজেটত লোক নিৰ্মাণ (পথ) ত ৮৫৭৬.৪৪ কোটি, লোক নিৰ্মাণ (গৃহ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) ২৯১৩.৪৪ কোটি, স্থাস্থ্য আৰু পৰিয়াল কল্যান বিভাগলৈ ৭১৫৪.৫৭ কোটি, গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগত ৮০৩৫.০৬ কোটি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমাত ৩৬৬৬.৬৭ কোটি, উদ্যোগ আৰু বানিজ্যত ৭৮৯.৪৪ কোটি, পাৰ্বত্য অঞ্চল উন্নয়নত ২৮৪৫.০৪ কোটি, জলসিঞ্চনত ৯৪৫ কোটি, প্ৰাথমিক শিক্ষাত ৯৫৫৪.৮৭ কোটি, মাধ্যমিক শিক্ষাত ৬৯৩০.০৩ কোটি, উচ্চ শিক্ষাত ৩৪৯৮.০২ কোটি, পৰিবেশ আৰু বনত ৯৮০.০৭ কোটি খাদ্য আৰু অসামৰিকত ১০৯৮.৩০ কোটি, সাধাৰণ প্ৰশাসনত ১১৫৩.৭৫ কোটি, কৃষি বিভাগত, কৃষকৰ উপাৰ্জন বৃদ্ধিত বিনিয়োগ ১৮২৭.১৩ কোটি, ন্যায়িক বিভাগত ৭০৯.৩২ কোটি, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ৭৯৭১.০২ কোটি, শক্তি বিভাগত ১৯৪৫.৯৯ কোটি, জনস্বাস্থ্য আৰু কাৰিকৰী ত ১৩৯৫.২৭ কোটি, ৰাজহ আৰু দুৰ্যোগ প্ৰশমণত ২৬৪৬ কোটি, দক্ষতা, নিয়োগ আৰু উদ্যমিতাত ২৩৭.৯১ কোটি, ক্ৰীড়া আৰু যুৱ কল্যানত ২২৬.৬০ কোটি, ৰূপান্তৰ আৰু উন্নয়নত ৮৬৩.৯৩ কোটি পৰিবহণত ৫৫৩.৮৮ কোটি, জলসম্পদত ১২৮২.৬১ কোটি, বড়োলেণ্ড কল্যানত ৩৫১২.২৫ কোটি, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা জাতি উন্নয়নত ৯৪৩.১৯ কোটি, সংখ্যালঘূ উন্নয়ন ১৮৪.৭১ কোটি , সমাজ কল্যাণত ২০৩৯.৪৪ কোটি, বিজ্ঞান আৰু প্ৰযুক্তি ত ৫৬.৫৭ কোটি, কৰ্মচাৰী বিভাগত ৪৬.২১ কোটি, চাহ জনজাতি উন্নয়নত ৩০১.৭০ কোটি, পৰ্যটনত ১১৩.০৯ কোটি ।
উল্লেখযোগ্য আজিৰ এই বাজেটত ১৮ খন ধ্বজাবাহী আঁচনিৰ প্ৰস্তাৱ ৰখা হৈছে । ইয়াৰে চাৰিখন নতুন আঁচনিয়ে পথ যোগাযোগ ব্যৱস্থাক মাত্ৰা প্ৰদান কৰা, ৰাজহ বিভাগে চিলিং উদ্ধৃত ভূমিৰ সীমা বৃদ্ধি কৰা, নতুনকৈ ঘোষিত বিশ্ববিদ্যালয়লৈ ৫০ কোটি টকাকৈ প্ৰদান, প্ৰাথমিক শিক্ষাত ৪০ লাখ নতুন শিক্ষাৰ্থী ক সংযোজন, তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন, নদী পৰ্যটন ৰ বিকাশ, টাটা ইনষ্টিটিউত অৱ ছছিলেল চায়েন্স (টিছ) লৈ পোন্ধৰ কোটি ৰ অৰ্থ সাহায্য, এক লাখ যুৱক যুৱতী ৰ নিযুক্তি আদিকৈ কিছু সংখ্যক আচঁনিৰ কথাই আজিৰ বাজেটত স্থান পাইছে ।
কভিড কেন্দ্ৰীক অৰ্থনৈতিক অচলাৱস্থাৰে ৰাজ্য বাসীয়ে যোৱা দুটা বছৰ অতি অনিশ্চয়তাৰ মাজেৰে পাৰ কৰাৰ পাছত অজন্তা নেওগৰ এই পুৰ্ণাংগ বাজেটে আশা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছিল যদিও এই বাজেটে তেনে কোনো বিশেষ পৰিবৰ্তনৰ ইংগিত দিয়া নাই বুলি চৰ্চিত হৈছে ।
২০২১ চনৰ ১০ মে'ত ৰাজ্য শাসনৰ দায়িত্ব লোৱা ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰীৰ দায়িত্ব লৈয়ে অজন্তা নেওগে দাখিল কৰিছিল তেওঁৰ প্ৰথম খন বাজেট । কভিড কেন্দ্ৰীক অৰ্থনৈতিক অচলাৱস্থাৰ পিছত দাখিল হোৱা এই বাজেটে উপান্ত কৃষক, ক্ষুদ্ৰ উদ্যোগী, পদ পথৰ ব্যাৱসায়ী আদিক সকাহ দিবলৈ পদক্ষেপ ল'ব বুলি আশা কৰা হৈছিল যদিও তেনে প্ৰস্তাৱ দেখা নগ'ল ।
লগতে পঢ়ক: ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব কোন: কইনাধৰাত বিজেপিৰ বৈঠক