ETV Bharat / city

Assam Meghalaya Border Dispute : পুনৰ দিল্লীত অমিত শ্বাহৰ সৈতে বহিব শৰ্মা-চাংমা - CMs of Assam Meghalaya meet over Assam Meghalaya border dispute

পুনৰ দিল্লীলৈ উৰা মৰিব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয় ৷ অহা সপ্তাহত অসম-মেঘালয়ৰ সীমা বিবাদ সম্পৰ্কে সমাধানৰ সূত্ৰ বিচাৰি দিল্লীলৈ উৰা মাৰিব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে, ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা (Assam and Meghalaya CM to meet Amit Shah) ।

assam-and-meghalaya-cm-to-meet-amit-shah-over-border-conflict
পুনৰ দিল্লীত অমিত শ্বাহৰ সৈতে বহিব শৰ্মা-চাংমা
author img

By

Published : Jan 31, 2022, 7:30 PM IST

গুৱাহাটী, 31 জানুৱাৰী : বিগত জানুৱাৰী মাহৰ 10 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু কনৰাড চাংমাই সীমা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ পাছতেই প্ৰাপ্ত তথ্য অনুসৰি পুনৰ অহা সপ্তাহত নতুন দিল্লীত অমিত শ্বাহক সাক্ষাৎ কৰি এখনি বৈঠকত মিলিত হ’ব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু কনৰাড চাংমাই (Assam and Meghalaya CM to meet Amit Shah) ৷ জানিব পৰা মতে, এই বৈঠকৰ পাছতেই অসমৰ ভূমি আনুষ্ঠানিকভাৱে মেঘালয়ক চমজাই দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব কেন্দ্ৰীয় চৰকাৰে ।

ইতিমধ্যে শনিবাৰে গুৱাহাটীৰ হোটেল ভিভাণ্টাত অসম-মেঘালয় সীমান্তৰ 12 টা বিবাদমান এলেকাৰ 6 টা এলেকাৰ ক্ষেত্ৰত বিবাদ মীমাংসাৰ দিশে গতি কৰাৰ সময়তে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰ্ৰীদ্বয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছিল (CMs of Assam Meghalaya meet over Assam Meghalaya border dispute) ৷

ইয়াৰ পূৰ্বেও দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰ্ৰীদ্বয়ে অসম-মেঘালয়ৰ 6 টা বিবাদমান এলেকা ক্ৰমে, হাহিম, গিজাং, তাৰাবাৰী, বাখলাপাৰা, পিলিংকাটা আৰু ৰাতাচেৰা অঞ্চলকেইটাৰ সীমা বিবাদ নিস্পত্তিৰ বাবে কেইবালানি বৈঠকত মিলিত হৈছিল । ইফালে অসমৰ এক বিস্তীৰ্ণ অঞ্চল মেঘালয়ক চমজাই দিয়াক কেন্দ্ৰ কৰি ৰাজ্যত ব্যাপক ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত বহুকেইজন ৰাজনৈতিক নেতাৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদো সাব্যস্ত কৰিছে ৷

লগতে পঢ়ক : ETV Bharat Exclusive: চীনা সৈন্যৰ দ্বাৰা অপহৃত মিৰাম টেৰণৰ Exclusive সাক্ষাৎকাৰ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.