ETV Bharat / city

অসমীয়া সংস্কৃতিক টেটুৰ ৰূপ দিয়া এজন শিল্পী

এজন অসমীয়া যুৱক ৷ এম বি এ ডিগ্ৰী লাভ কৰিও টেটু শিল্পৰ জড়িয়তে কলা সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰিছে যুৱকজনে ৷ মহানগৰীৰ এই যুৱকজনৰ নাম ভাগ্যৰাজ বৰুৱা ।

অসমীয়া সংস্কৃতিক টেটুৰ ৰূপ দিয়া এজন যুৱক
author img

By

Published : Jun 27, 2019, 9:09 PM IST

গুৱাহাটী,27জুনঃ বৰ্তমান যুৱ প্ৰজন্মৰ মাজত অতিকৈ জনপ্রিয় হৈছে টেটু। বিভিন্ন ধৰণৰ চাইনীজ,জাপানীজ আৰু পশ্চিমীয়া সংস্কৃতিৰ টেটু জনপ্রিয় হোৱাৰ সময়ত এগৰাকী অসমীয়া যুৱকৰ অসমীয়া বিৰল চানেকি সংস্কৃতিৰে টেটু নিৰ্মাণ। পিচে কোন এই অসমীয়া যুৱক ? অসমীয়া সংস্কৃতিৰে কিদৰে টেটু সাজি উলিয়াই নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰিছে চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন...

অসমীয়া সংস্কৃতিক টেটুৰ ৰূপ দিয়া এজন যুৱক

গুৱাহাটী,27জুনঃ বৰ্তমান যুৱ প্ৰজন্মৰ মাজত অতিকৈ জনপ্রিয় হৈছে টেটু। বিভিন্ন ধৰণৰ চাইনীজ,জাপানীজ আৰু পশ্চিমীয়া সংস্কৃতিৰ টেটু জনপ্রিয় হোৱাৰ সময়ত এগৰাকী অসমীয়া যুৱকৰ অসমীয়া বিৰল চানেকি সংস্কৃতিৰে টেটু নিৰ্মাণ। পিচে কোন এই অসমীয়া যুৱক ? অসমীয়া সংস্কৃতিৰে কিদৰে টেটু সাজি উলিয়াই নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰিছে চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন...

অসমীয়া সংস্কৃতিক টেটুৰ ৰূপ দিয়া এজন যুৱক
Intro:বৰ্তমান যুৱ প্ৰজন্মৰ অতিকৈ জনপ্রিয় হৈছে টেটু। বিভিন্ন ধৰণৰ চাইনীজ, জাপানীজ আৰু পশ্চিমীয়া সংস্কৃতিৰ টেটু জনপ্রিয় হোৱাৰ সময়ত এগৰাকী অসমীয়া যুৱকৰ অসমীয়া বিৰল চানেকি সংস্কৃতিৰে টেটু নিৰ্মাণ। কোন এই অসমীয়া যুৱক? অসমীয়া সংস্কৃতিৰে কিদৰে টেটু সাজি উলিয়াই নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰিছে চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন।


Body:টেটু পৰম্পৰা উত্তৰ পূৱৰ জনজাতি সকলৰ মাজত বিশেষভাৱে প্ৰচলিত। অৰুণাচল প্ৰদেশৰ আপাতনী বা চিংফৌ হওক বা নাগালেণ্ডৰ কন্যাক হওক আদিম যুগৰ পৰা টেটু পৰম্পৰা প্ৰচলিত। অসমত টেটু সংস্কৃতি যদিও ইমান প্ৰচলিত নহয় তথাপিও ই লাহে লাহে জনপ্ৰিয়তাৰ দিশে গতি কৰিছে। মহানগৰীৰ এজন যুৱক। নাম ভাগ্যৰাজ বৰুৱা। ভাগ্যৰাজে টেটু সংস্কৃতিক জনপ্ৰিয় কৰি তুলিবলৈ বিশেষ পদক্ষেপ হাতত লৈছে। সাধাৰণতে চাইনীজ, আমেৰিকান, জাপানীজ আৰু আদি ডিজাইনৰ টেটুৰ জনপ্ৰিয়তাৰ মাজত তেঁও অসমীয়া সংস্কৃতিৰ বিৰল চানেকিৰ পৰম্পৰা অটুট ৰাখিবলৈ টেটুৰ যোগেদি প্ৰতিফলিত কৰিছে।


ভাগ্যৰাজে কলাৰ প্ৰতি বিশেষভাৱে প্ৰেৰণা লাভ কৰিছে তেখেতৰ ককাদেউতাকৰ পৰা। তেখেতৰ ককাদেউতাক গজেন বৰুৱা এগৰাকী প্ৰসিদ্ধ শিল্পী আছিল। যাক শোণিত কোঁৱৰ উপাধিৰে বিভূষিত কৰা হৈছিল। ভাগ্যৰাজে শৈশৱৰ পৰাই তেখেতৰ ককাদেউতাকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা চিত্ৰ সমূহ দেখি প্ৰেৰণা পাইছিল। সেইবাবে তেখেতে এম বি এ ডিগ্ৰী লাভ কৰিও কলা সংস্কৃতি এৰিব নোৱাৰিলে। ২০১০ চনত চিকিম মণিপাল ইউনিভাৰ্চিটিৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰাৰ পাছত বহু নামী-দামী কোম্পানীত চাকৰি পাইও টেটু বনোৱা বৃত্তিটোকে পেছা হিচাপে ল'বলৈ আগ্ৰহ কৰিলে। ভাগ্যৰাজে টেটু প্ৰশিক্ষণৰ উদ্দেশ্য চেন্নাইলৈও যায় যদিও টেটু প্ৰশিক্ষণৰ বিশেষ পাঠ্যক্ৰম নাই তথাপিও তেখেতে টেটু আৰ্টিষ্ট চি ৰমেশৰ কাষ চাপে টেটু প্ৰশিক্ষণৰ উদ্দেশ্যে। তাৰ পাছত ভাগ্যৰাজে চেন্নাই আৰু বাংগালুৰুত কেবাবছৰো টেটু বনোৱাৰ কাম কৰে। ২০১৫ চনত তেখেতে গৃহভূমিলৈ উভতি আহি নিজ বাসভৱনতে 'এক্সক্লুছিভ টেটু' নামে এখন প্ৰতিষ্ঠানৰ স্থাপন কৰে।

আৰম্ভণিতে ভাগ্যৰাজে পশ্চিমীয়া সংস্কৃতিৰ টেটু বনাইছিল যদিও পৰৱৰ্তী সময়ত অসমীয়া সংস্কৃতিৰ কীৰ্তিচিহ্নসমূহক টেটুৰ ৰূপ দিবলৈ ইচ্ছা প্ৰয়াস কৰিছিল।

এগৰাকী গ্ৰাহকে তেখেতক গঁড়ৰ চিহ্ন বনাবলৈ দিছিল আৰু তেতিয়াৰ পৰা ভাগ্যৰাজে উৎসাহিত হৈ অসমীয়া সাংস্কৃতিক বিষয়বস্তু সমূহক টেটুৰ জৰিয়তে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিলে। পাছত লাহে লাহে তেখেতে গামোচা, অসমীয়া গহনা, লাচিত বৰফুকন, চুকাফা, বীৰ চিলাৰায়, মা কামাখ্যা ইত্যাদি টেটু বনাবলৈ আৰম্ভ কৰিলে। আৰু শেষত ই যুৱ প্ৰজন্মৰ মাজত খুব জনপ্ৰিয় হৈ পৰে। বিভিন্ন ধৰণৰ চাইনীজ, আমেৰিকান, জাপানীজ আৰু পশ্চিমীয়া সংস্কৃতিৰ টেটু বনোৱা এৰি এতিয়া ভাগ্যৰাজৰ ওচৰত অসমীয়া সংস্কৃতিৰ টাটু বনাবলৈ আহে নতুন প্ৰজন্মই।

ভাগ্যৰাজৰ এই বিশেষ কলা দেখি বহু যুৱক-যুৱতীয়ে টেটু বনোৱা কলাৰ প্ৰতি আকৰ্ষিত হৈছে। টেটু বনোৱাৰ উপৰিও ভাগ্যৰাজে টেটু প্ৰশিক্ষণ দি তেওঁলোকক স্বাৱলম্বী কৰি তুলিবলৈ প্ৰচেষ্টা চলাইছে। ভাগ্যৰাজৰ মতে কোম্পানীৰ চাকৰিৰ তুলনাত টেটু বনাই তেখেতে যথেষ্ঠ আমদানি কৰিছে।

বাইট: ভাগ্যৰাজ বৰুৱা
টেটু আৰ্টিষ্ট

Conclusion:ভাগ্যৰাজৰ এই কলা প্ৰদৰ্শন বৰ্তমান বহু যুৱক-যুৱতীৰ প্ৰেৰণাদায়ক হৈ পৰিছে। উচ্চ শিক্ষিত ভাগ্যৰাজে অসমীয়া সংস্কৃতিৰ টেটু নিৰ্মান কৰি অসমীয়া পৰম্পৰাক জনপ্ৰিয় কৰি তোলা এই ব্যতিক্ৰমী প্ৰয়াস উল্লেখনীয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.