ETV Bharat / city

Asam Sahitya Sabha goes digital: ডিজিটেল হ’ল অসম সাহিত্য সভা

author img

By

Published : Feb 13, 2022, 10:40 PM IST

Updated : Feb 13, 2022, 10:52 PM IST

এতিয়াৰে পৰা ডিজিটেল হল অসম সাহিত্য সভা (Assam Sahitya Sabha to operate digitally from now) । ডিজিটেল গ্ৰন্থকোষ, ইউটিউব চেনেল, পডকাষ্টৰ সৈতে ন-ৰূপত অসম সাহিত্য সভা ৷

Asam Sahitya Sabha goes digital: ডিজিটেল হ’ল অসম সাহিত্য সভা
Asam Sahitya Sabha goes digital: ডিজিটেল হ’ল অসম সাহিত্য সভা

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী : ডিজিটেল হ’ল অসম সাহিত্য সভা (Asam Sahitya Sabha goes digital)। অসম সাহিত্য সভা(Assam Sahitya Sabha)ই এমট্ৰনৰ সহযোগত দেওবাৰে এটি ডিজিটেল গ্ৰন্থকোষ (অভিলেখাগাৰ) আনুষ্ঠানিকভাৱে উন্মোচন কৰে। প্ৰায় ৫০০ খন অসমৰ প্ৰাচীন আপুৰুগীয়া গ্ৰন্থ, আলোচনী আদি ইতিমধ্যেই ডিজিটেল ৰূপত সংৰক্ষিত কৰি পৰৱৰ্তী সময়তো নিৰৱচ্ছিন্নভাৱে চলাই নিয়াৰ লক্ষ্যৰে ডিজিটেল গ্ৰন্থকোষটো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ড° ভবেশ চন্দ্ৰ গোস্বামীয়ে।

'চিৰ চেনেহী মোৰ ভাষা জননী' গীতেৰে আৰম্ভ হোৱা আৰু প্ৰধান সম্পাদক যাদব চন্দ্ৰ শর্মাই উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ অনুষ্ঠানতে অসম সাহিত্য সভাৰ ইতিমধ্যে অনুষ্ঠিত বিভিন্ন কার্যসূচী সংযোজিত কৰি এটি ইউটিউব চেনেলো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় (Youtube Channel of Assam Sahitya Sabha) । আসাম টিব্লিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই উন্মোচন কৰা আৰু মৃদুল কুমাৰ শৰ্মাই প্ৰস্তুত কৰা এই চেনেলটো আজিৰ তাৰিখৰ পৰা সভাৰ সকলো শ্ৰেণীৰ সদস্যৰ লগতে ৰাইজৰ বাবে মুকলি কৰা হয় ।

আজিৰ অনুষ্ঠানতে উত্তৰ-পূবৰ নানা জনগোষ্ঠীৰ সাধুকথাসমূহ ডিজিটেল ৰূপত শ্ৰব্য মাধ্যমত উপলব্ধ হোৱা এই প্ৰকল্প আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক-লেখক মৃণাল তালুকদাৰে । উল্লেখ্য যে এই সাধুকথাসমূহ স্পটিফাই, এমাজন মিউজিক, গানা পডকাষ্ট, এপল পড়কাষ্ট আৰু গুগুল পডকাষ্টত উপলব্ধ হ'ব। সাধুকথাসমূহ উপলব্ধ হোৱা সমূহ মাধ্যমৰ একত্ৰিত লিংকটো আজি ঘোষণা কৰা হৈছে ।

অসম সাহিত্য সভাৰ গুৱাহাটী কার্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা স্মৃতি সদনত অনুষ্ঠিত অনুষ্ঠানত পৌৰোহিত্য কৰে সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়াই । সভাপতিৰ আসনৰ পৰা ভাষণ প্ৰদান কৰি ড৹ শইকীয়াই কয়, 'অসম সাহিত্য সভাৰ ডিজিটেল অভিলেখাগাৰ (পুথিভঁড়াল)-টোত সভাৰ কেন্দ্ৰীয় কার্যালয় আৰু গুৱাহাটী কাৰ্যালয়ত সংৰক্ষিত হৈ থকা গ্ৰন্থসমূহৰ উপৰি অসমৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে ডিজিটেল ৰূপ দিয়া বহু গ্ৰন্থও সংযোজিত হৈছে ।

লগতে পঢ়ক : কেন্দ্ৰীয় বাজেটৰ গুনাণুকীৰ্তন গুৱাহাটীৰ সাংসদ কুইন ওজাৰ

Last Updated : Feb 13, 2022, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.