ETV Bharat / city

এজাক বৰষুণতে বুৰিল গুৱাহাটী মহানগৰী - গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড

এজাক বৰষুণতে প্লাৱিত মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল (Guwahati Flood News) ৷ চানমাৰিকে আদি কৰি মহানগৰীৰ জু ৰোড, হাতীগাঁও আদি বিভিন্ন অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ (Artificial flood in Guwahati) । এই বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে ৷

artificial-flood-in-guwahati
এজাক বৰষুণতে বুৰিল মহানগৰী
author img

By

Published : May 2, 2022, 7:49 PM IST

গুৱাহাটী, 2 মে’ : এজাক ধাৰাসাৰ বৰষুণে উদঙালে গুৱাহাটী মহানগৰীৰ আভিজাত্য । পুনৰ পানীৰ তলত ডুব গ'ল স্মাৰ্ট মহানগৰীখন । কোটি টকীয়া ‘চুপাৰ চাকাৰে’ও বানমুক্ত কৰিব পৰা নাই গুৱাহাটী মহানগৰীক (Artificial flood in Guwahati) । ফলত স্তব্ধ হৈ পৰে মহানগৰীৰ জন জীৱন ৷ সোমবাৰে পুৱাৰে পৰা অহা বৰষুণজাকত মহানগৰীৰ আলিয়ে গলিয়ে কৃত্ৰিম বানৰ সৃষ্টি হয় (Guwahati Flood News) ।

চানমাৰিকে আদি কৰি মহানগৰীৰ জু-ৰোড, হাতীগাঁও, আমবাৰী, লাখটকীয়া, উলুবাৰী, গান্ধীবস্তিতো সৃষ্টি হৈছে কৃত্ৰিম বানৰ । এই বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে । পুৱাৰ ভাগত হোৱা বৰষুণজাকৰ ফলত কৰ্মচাৰীসকল নিজৰ নিজৰ কৰ্মস্থলীলৈ যোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানলৈ যোৱাত সমস্যাৰ সন্মুখীন হৈছে ।

এজাক বৰষুণতে বুৰিল মহানগৰী

ইফালে মহানগৰীৰ কেইবাটাও স্থানত একঁকাল পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে । তদুপৰি কৃত্ৰিম বানত নলা-নৰ্দমাৰ জাৱৰ পথলৈ উটি আহি বাট পথসসমূহক কদৰ্যময় কৰি তুলিছে ।

উল্লেখ্য যে, দেশৰ 5 খন শ্ৰেষ্ঠ মহানগৰৰ ভিতৰত গুৱাহাটীক অন্তৰ্ভুক্ত কৰাৰ কথা চৰকাৰে সময়ে সময়ে কৈ আহিছে কিন্তু বাস্তৱত এজাক বৰষুণে প্ৰমাণ কৰে গুৱাহাটীৰ প্ৰকৃত উন্নয়ন ।

জানিব পৰা মতে, গুৱাহাটী মহানগৰীক বানমুক্ত কৰা উদ্দেশ্যক আগত ৰাখি নলাসমূহ বিজ্ঞানসন্মতভাৱে নিষ্কাষণ কৰাৰ বাবে 10 টা চুপাৰ চাকাৰ মেছিন গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ (Guwahati Smart City Limited) জৰিয়তে প্ৰায় 25 কোটি টকা ক্ৰয় কৰি অনা হৈছিল ৷ কিন্তু সেইসমূহ সঠিকভাৱে ব্যৱহাৰ নোহোৱাত এজাক বৰষুণত কৃত্ৰিম বানৰ সৃষ্টি হৈ মহানগৰীত ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : Kamal Medhi joins AAP: শিৱিৰ সলাই আপত যোগদান কমল কুমাৰ মেধিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.